--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছিভাগ মানুহেই ৰন্ধা-বঢ়াত পিঁয়াজ ব্যৱহাৰ কৰে। আমি সকলোৱে দালি আৰু শাক-পাচলিত পিয়াঁজ ব্যৱহাৰ কৰো।পিঁয়াজে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, বৰঞ্চ ই স্বাস্থ্যৰ বাবেও উপকাৰী। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা বহুতো গুৰুতৰ ৰোগৰ পৰা হাত সাৰিব পাৰি। কিন্তু আপুনি জানেনে যে পিঁয়াজ চুলিৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। হয়, পিঁয়াজ ব্যৱহাৰ কৰি আপুনি চুলিৰ লগত জড়িত সকলো সমস্যাৰ পৰা মুক্তি পাব পাৰে। যিবোৰ চুলিৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। পিয়াঁজতো এন্টি-বেক্টেৰিয়েল গুণ থাকে। যিবোৰে উফি আঁতৰোৱাত সহায় কৰে। পিঁয়াজত থকা চালফাৰে চুলি ডাঠ আৰু ঘন কৰি তোলাৰ কাম কৰে। আমি ইয়াত ক'ম চুলিত পিঁয়াজ লগালে কি কি উপকাৰ হয়?

এই ধৰণে চুলিত পিঁয়াজ লগাব-

পিঁয়াজৰ ৰসঃ পিঁয়াজৰ ৰস চুলিত লগাব পাৰি। এই পিঁয়াজৰ ৰস আপুনি ঘৰতে বনাব পাৰে। ইয়াৰ বাবে ২ টা পিঁয়াজৰ বাকলি গুচাই লওক। এতিয়া ইয়াক কুটি তাৰ ৰস উলিয়াই লওক। এতিয়া পিঁয়াজৰ ৰস পোনে পোনে মূৰৰ ছাল আৰু চুলিত লগাওক। এতিয়া চুলিখিনি লঘু হাতেৰে মালিচ কৰক আৰু তাৰ পিছত শ্বাৱাৰ কেপেৰে ঢাকি দিয়ক। প্ৰায় এঘণ্টাৰ পিছত মৃদু শ্বেম্পুৰে চুলি ধুব।চুলিত পিঁয়াজৰ ৰস লগালে চুলি সৰা বন্ধ হৈ যাব আৰু চুলি সোনকালে বাঢ়িব।

পিঁয়াজৰ চুলিৰ মাস্কঃ চুলিত পিঁয়াজ আৰু এলোভেৰা হেয়াৰ মাস্ক লগাব পাৰে। ইয়াৰ বাবে পিঁয়াজ এটা কাটি কুটি লওক। এতিয়া ষ্ট্ৰেনাৰ বা কপাহী কাপোৰেৰে ফিল্টাৰ কৰি পিঁয়াজৰ ৰস পৃথক কৰি লওক। পিঁয়াজৰ ৰসত ২ চামুচ এলোভেৰা জেল মিহলাই লওক। ইচ্ছা কৰিলে তাত চাহ গছৰ তেল ৩ টোপাল দিব পাৰে। এনে কৰিলে পিঁয়াজৰ গোন্ধ নাইকিয়া হৈ যাব। চুলিয়ে বহুত উপকাৰ পাব। এই সকলোবোৰ ভালকৈ মিহলাই লোৱাৰ পিছত মূৰৰ ছাল আৰু চুলিত লগাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু