--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : সৌন্দৰ্যৰ বাবেই হওক বা বাস্তু প্ৰভাৱৰ বাবেই হওক প্ৰায় সকলো লোকৰ ঘৰতে স্পাইডাৰ গছ ৰোপন কৰা দেখা যায়। বাস্তুত ইয়াক মানিপ্লাণ্টতকৈ অধিক ফলপ্ৰসূ বুলি কোৱা হয়। বাস্তু বিশেষজ্ঞসকলে স্পাইডাৰ গছক ঘৰত সঠিক ঠাইত আৰু সঠিক দিশত ৰোপণ কৰিলে ধনাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি হয় বুলি বিশ্বাস কৰে। ইয়াৰ উপকাৰ আৰু দিশৰ বিষয়ে কিছু কথা জানো আহক।

 বাস্তুশাস্ত্ৰৰ মতে যিকোনো বস্তুৱে সঠিক দিশত আৰু সঠিক স্থানত স্থাপন কৰিলেহে ইয়াৰ পৰা ইতিবাচক ফলাফল দিয়ে। বাস্তু বিশেষজ্ঞৰ মতে ঘৰৰ উত্তৰ, পূব, উত্তৰ-পূব, উত্তৰ-পশ্চিম দিশত বাস্তুসন্মতভাৱে গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়।

 বাস্তু বিশেষজ্ঞসকলে লগতে কয় যে ঘৰত ইতিবাচক শক্তিৰ আগমন আৰু নেতিবাচক প্ৰভাৱ দূৰ কৰিবলৈ স্পাইডাৰ গছক সঠিক দিশত ৰখাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইয়াক ঘৰৰ বহা কোঠা, পাকঘৰ, বেলকনি আৰু অধ্যয়ন কক্ষতো ৰাখিব পাৰি।

 যদি আপুনিও ঘৰতে স্পাইডাৰ গছ ৰোপণ কৰে, তেন্তে ভুলতে শুকাই যাবলৈ নিদিবলৈ যত্ন লওক। শুকাই গ’লে লগে লগে ঘৰৰ পৰা উলিয়াই তাৰ ঠাইত নতুনকৈ এজোপা গছ ৰোপণ কৰিব লাগে। ঘৰৰ দক্ষিণ আৰু পশ্চিম দিশত স্পাইডাৰ গছ ৰোপণ কৰাটো অশুভ। গতিকে সঠিক দিশত ৰোপণ কৰিলে শুভ ফল পোৱা যায়।

 বাস্তু বিশেষজ্ঞসকলে কয় যে ঘৰত স্পাইডাৰ গছ ঘৰত ৰোপণ কৰিলে ষ্ট্ৰেছ হৰম’ন কম হয়। ইয়াৰ ফলত মানসিক চাপ আৰু হতাশাৰ পৰা আঁতৰি থাকে। কেৱল এয়াই নহয়, ঘৰত থকা ঋণাত্মক শক্তি ধ্বংস কৰি ধনাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি কৰে। সঠিক ঠাইত ৰাখিলে ডাঙৰ ডাঙৰ বিপদৰ পৰাও মুক্তি পোৱা যায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ