--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ্কট ৰোগবিধ মহামাৰীতকৈ কোনো গুণে কম নহয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি এই ৰোগে বিশ্বজুৰি মৃত্যুৰ দ্বিতীয় বৃত্ততম কাৰণ হৈছে কৰ্কট। কিন্তু এই মাৰাত্মক ৰোগৰ লক্ষণসমূহৰ বিষয়ে সাধাৰণ জনতাৰ এতিয়াও ধাৰণা বহু কম। বিশেষকৈ যদি কৰ্কট ৰোগৰ প্ৰকাৰটো বিৰল প্ৰকৃতিৰ হয়, তেন্তে দীৰ্ঘদিন ধৰি লক্ষণসমূহৰ গুৰুত্ব কোনেও বুজি নাপায়। চিকিৎসাৰ সময় পাৰ হৈ যায়। এই ৰোগ ইমানেই ভয়াৱহ যে বিয়পিবলৈ বেছি সময় নালাগে। খাদ্যনলীৰ কৰ্কট ৰোগৰ কিছুমান সম্ভাৱ্য লক্ষণ আছে।

 কি কি লক্ষণ দেখিলে সাৱধান হোৱা উচিত?

১) প্ৰাৰম্ভিক অৱস্থাত কঠিন খাদ্য গিলিবলৈ অসুবিধা হোৱাৰ লগতে পাছলৈ তৰল পদাৰ্থ গিলিবলৈও অসুবিধাৰ সৃষ্টি হব পাৰে।

২)পাচনতন্ত্ৰৰ সমস্যাও হব পাৰে। বুকুৰ বিষ, পেটৰ বিষ আদি লক্ষণসমূহ হব পাৰে।

৩) হঠাৎ ওজন কমি যোৱা। খাদ্য খোৱাৰ প্ৰতি অনীহা

৪) বহু সময় কাহ। নিশা উশাহ লোৱাত কষ্ট পোৱা। বিশেষকৈ খাদ্য গিলিলে ডিঙি আৰু বুকুৰ মাজত বিষ হয়।

৫)বমি, ক্লান্তি, দুৰ্বলতা। খাদ্য খোৱাৰ সময়ত উশাহ লোৱাত কষ্ট পোৱা।

৬) অনবৰতে কোষ্ঠকাঠিন্য বা ডায়েৰিয়া হোৱাটোও এটা সমস্যা।

 ৬) কণ্ঠৰ সুোও সলনি হ'ব পাৰে।

 প্ৰকৃতিত বিৰল কৰ্কট ৰোগৰ লক্ষণসমূহো বিৰল। কিন্তু সদায় মনত ৰাখিব, লক্ষণ থকা মানে কেন্সাৰ নহয়। ই আন যিকোনো ৰোগৰ লক্ষণ হব পাৰে। কিন্তু যদি আপোনাৰ এই লক্ষণবোৰ দেখা যায় তেন্তে পৰীক্ষা কৰি নিশ্চিত হ’ব লাগে।

 এই ধৰণৰ কৰ্কট ৰোগৰ আশংকাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

 ধূমপান, মদ্যপান আৰু ধঁপাত সেৱনে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে পুষ্টিকৰ খাদ্য খোৱা আৰু ব্যায়াম কৰাটো অতি প্ৰয়োজন। উতলাই চাহ-কফি খোৱাৰ অভ্যাসো এৰাই চলা ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো