--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ্কট ৰোগবিধ মহামাৰীতকৈ কোনো গুণে কম নহয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি এই ৰোগে বিশ্বজুৰি মৃত্যুৰ দ্বিতীয় বৃত্ততম কাৰণ হৈছে কৰ্কট। কিন্তু এই মাৰাত্মক ৰোগৰ লক্ষণসমূহৰ বিষয়ে সাধাৰণ জনতাৰ এতিয়াও ধাৰণা বহু কম। বিশেষকৈ যদি কৰ্কট ৰোগৰ প্ৰকাৰটো বিৰল প্ৰকৃতিৰ হয়, তেন্তে দীৰ্ঘদিন ধৰি লক্ষণসমূহৰ গুৰুত্ব কোনেও বুজি নাপায়। চিকিৎসাৰ সময় পাৰ হৈ যায়। এই ৰোগ ইমানেই ভয়াৱহ যে বিয়পিবলৈ বেছি সময় নালাগে। খাদ্যনলীৰ কৰ্কট ৰোগৰ কিছুমান সম্ভাৱ্য লক্ষণ আছে।

 কি কি লক্ষণ দেখিলে সাৱধান হোৱা উচিত?

১) প্ৰাৰম্ভিক অৱস্থাত কঠিন খাদ্য গিলিবলৈ অসুবিধা হোৱাৰ লগতে পাছলৈ তৰল পদাৰ্থ গিলিবলৈও অসুবিধাৰ সৃষ্টি হ’ব পাৰে।

২)পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে। বুকুৰ বিষ, পেটৰ বিষ আদি লক্ষণসমূহ হ’ব পাৰে।

৩) হঠাৎ ওজন কমি যোৱা। খাদ্য খোৱাৰ প্ৰতি অনীহা

৪) বহু সময় কাহ। নিশা উশাহ লোৱাত কষ্ট পোৱা। বিশেষকৈ খাদ্য গিলিলে ডিঙি আৰু বুকুৰ মাজত বিষ হয়।

৫)বমি, ক্লান্তি, দুৰ্বলতা। খাদ্য খোৱাৰ সময়ত উশাহ লোৱাত কষ্ট পোৱা।

৬) অনবৰতে কোষ্ঠকাঠিন্য বা ডায়েৰিয়া হোৱাটোও এটা সমস্যা।

 ৬) কণ্ঠৰ সুোও সলনি হ'ব পাৰে।

 প্ৰকৃতিত বিৰল কৰ্কট ৰোগৰ লক্ষণসমূহো বিৰল। কিন্তু সদায় মনত ৰাখিব, লক্ষণ থকা মানে কেন্সাৰ নহয়। ই আন যিকোনো ৰোগৰ লক্ষণ হ’ব পাৰে। কিন্তু যদি আপোনাৰ এই লক্ষণবোৰ দেখা যায় তেন্তে পৰীক্ষা কৰি নিশ্চিত হ’ব লাগে।

 এই ধৰণৰ কৰ্কট ৰোগৰ আশংকাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

 ধূমপান, মদ্যপান আৰু ধঁপাত সেৱনে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে পুষ্টিকৰ খাদ্য খোৱা আৰু ব্যায়াম কৰাটো অতি প্ৰয়োজন। উতলাই চাহ-কফি খোৱাৰ অভ্যাসো এৰাই চলা ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ