--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যকৃৎ আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। এজন ব্যক্তিৰ স্বাস্থ্য যকৃতৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। যদি লিভাৰে সঠিকভাৱে কাম কৰি আছে, তেন্তে বুজিব যে কোনো ৰোগে সহজে আপোনাক স্পৰ্শ কৰিব নোৱাৰে, কিন্তু যদি লিভাৰত কোনো সমস্যা হয়, তেন্তে আপোনাৰ বহুতো ৰোগ হ’ব পাৰে। বহু গৱেষণাত এই কথাও প্ৰকাশ পাইছে যে লিভাৰত হোৱা সমস্যাই হৃদৰোগৰ কাৰণ হ’ব পাৰে। সেয়েহে যকৃতৰ লগত জড়িত কেইটামান লক্ষণৰ বিষয়ে জানো আহক।

 ‘Frontiers in Cardiovascular Medicine’ নামৰ আলোচনীখনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি হৃদৰোগ আৰু যকৃতৰ ৰোগৰ মাজত এক শক্তিশালী সম্পৰ্ক আছে। যকৃতৰ সম্পূৰ্ণ ক্ষতি হ’বলৈ কেইবাবছৰো সময় লাগিব পাৰে, কিন্তু যদি হঠাতে কোনো লক্ষণ নোহোৱাকৈ আপুনি গম পাইছে যে যকৃৎ অসুস্থ, তেন্তে ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ব পাৰে আপুনি নিয়মিতভাৱে কৰা কিছুমান ঔষধো হ’ব পাৰে।

 যকৃতৰ ক্ষতি সাধাৰণতে দুই প্ৰকাৰে হয়-

* সূক্ষ্মঃ-যদি আপোনাৰ লিভাৰ কোনো লক্ষণ নথকাকৈ ক্ষতিগ্ৰস্ত হয়, তেন্তে ইয়াৰ এটা কাৰণ হ’ব পাৰে যে যিকোনো ঔষধৰ অত্যধিক সেৱনৰ ফলতো।

ক্ৰনিক টাইপ-ইয়াত যকৃতৰ ক্ৰমান্বয়ে অৱনতি ঘটে আৰু ই পাছলৈ লিভাৰ চিৰ’ছিছ হ’ব পাৰে। অত্যধিক মদ্যপান কৰাৰ ফলত এনে হ’ব পাৰে।

 যকৃতৰ ক্ষতিৰ প্ৰাৰম্ভিক লক্ষণ-

* সঘনাই বমি হোৱাঃ– যদি বাৰে বাৰে বমিৰ ভাব আহে, তেন্তে চিকিৎসকৰ কাষ চপা উচিত।

* ভোক কমি যোৱাঃ-যদি খাবলৈ মন নাযায়, তেন্তে আওকাণ নকৰি ততালিকে চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে।

* শৰীৰ হালধীয়া হোৱাঃ-যকৃতৰ অৱনতি হ’লে শৰীৰত তেজৰ অভাৱ হয় আৰু শেঁতা পৰে।

* ওজন হ্ৰাস পোৱাঃ-যকৃত বিকল হোৱাৰ বাবে হঠাতে ওজন কমিবলৈ আৰম্ভ কৰে। যদি আপুনিও আপোনাৰ শৰীৰত এই সকলোবোৰ লক্ষণ দেখা পায়, তেন্তে ভুলতো আওকাণ নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু