--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেঙেনা আমাৰ সকলোৰে পৰিচিত এক পাচলি। চিকিৎসকৰ মতে ইয়াৰ ব্যৱহাৰে তেজৰ চেনি, হৃদৰোগকে ধৰি বহু দীৰ্ঘদিনীয়া ৰোগত উপকাৰিতাৰ সৃষ্টি কৰে। বেঙেনাৰ বহু উপকাৰী গুণ আছে। অৱশ্যে কিছুমান লোক আছে যিয়ে বেঙেনা খোৱাৰ পৰা বিৰত থাকিব লাগে। যদি সেইসকল লোকে বেঙেনা খায় তেন্তে লাভৰ সলনি লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। জানো আহক কোন কোন মানুহে বেঙেনা পৰিহাৰ কৰিব লাগে।

১)পাইলছঃ  যিসকল লোকে পাইলছ ৰোগত ভুগি আছে তেওঁলোকে বেঙেনাৰ পৰা আঁতৰি থাকিব লাগে। যদি আপুনি এনে নকৰে তেন্তে আপোনাৰ পাইলছৰ সমস্যা বাঢ়িব পাৰে।

২) পেট বেয়া হোৱা লোকঃ যিসকল লোকৰ প্ৰায়ে পেটৰ সমস্যা থাকে, তেওঁলোকে বেঙেনা খোৱাৰ পৰা বিৰত থাকিব লাগে। এনে কৰিলে গেছ-এচিডিটি বৃদ্ধি পাব পাৰে, যাৰ বাবে যিকোনো কামত অসুবিধা হ’ব পাৰে।

৩) ৰক্তহীনতাঃ  যিসকল লোকৰ তেজৰ অভাৱৰ সমস্যা থাকে, তেওঁলোকে ভুলতো বেঙেনা খাব নালাগে। এনে কৰিলে শৰীৰত তেজ গঠনত বাধাৰ সৃষ্টি হয়, যাৰ বাবে শৰীৰ দুৰ্বল হৈ পৰে।

৪) এলাৰ্জী হোৱাঃ ছালৰ এলাৰ্জীত আক্ৰান্ত লোকসকলেও বেঙেনা খোৱাৰ পৰা বিৰত থাকিব লাগে। এনে লোকে বেঙেনা খালে বহু ক্ষতি হ’ব পাৰে। বেঙেনা খালে তেওঁলোকৰ এলাৰ্জী বৃদ্ধি পাব পাৰে।

৫) কিডনীত পাথৰঃ যিসকল লোকৰ পাথৰৰ সমস্যা আছে, সেইসকল লোকে বেঙেনা একেবাৰেই খাব নালাগে। বেঙেনাত পোৱা অক্সালেটে পাথৰৰ সমস্যা বৃদ্ধি কৰিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস