--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেঙেনা আমাৰ সকলোৰে পৰিচিত এক পাচলি। চিকিৎসকৰ মতে ইয়াৰ ব্যৱহাৰে তেজৰ চেনি, হৃদৰোগকে ধৰি বহু দীৰ্ঘদিনীয়া ৰোগত উপকাৰিতাৰ সৃষ্টি কৰে। বেঙেনাৰ বহু উপকাৰী গুণ আছে। অৱশ্যে কিছুমান লোক আছে যিয়ে বেঙেনা খোৱাৰ পৰা বিৰত থাকিব লাগে। যদি সেইসকল লোকে বেঙেনা খায় তেন্তে লাভৰ সলনি লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। জানো আহক কোন কোন মানুহে বেঙেনা পৰিহাৰ কৰিব লাগে।

১)পাইলছঃ  যিসকল লোকে পাইলছ ৰোগত ভুগি আছে তেওঁলোকে বেঙেনাৰ পৰা আঁতৰি থাকিব লাগে। যদি আপুনি এনে নকৰে তেন্তে আপোনাৰ পাইলছৰ সমস্যা বাঢ়িব পাৰে।

২) পেট বেয়া হোৱা লোকঃ যিসকল লোকৰ প্ৰায়ে পেটৰ সমস্যা থাকে, তেওঁলোকে বেঙেনা খোৱাৰ পৰা বিৰত থাকিব লাগে। এনে কৰিলে গেছ-এচিডিটি বৃদ্ধি পাব পাৰে, যাৰ বাবে যিকোনো কামত অসুবিধা হ’ব পাৰে।

৩) ৰক্তহীনতাঃ  যিসকল লোকৰ তেজৰ অভাৱৰ সমস্যা থাকে, তেওঁলোকে ভুলতো বেঙেনা খাব নালাগে। এনে কৰিলে শৰীৰত তেজ গঠনত বাধাৰ সৃষ্টি হয়, যাৰ বাবে শৰীৰ দুৰ্বল হৈ পৰে।

৪) এলাৰ্জী হোৱাঃ ছালৰ এলাৰ্জীত আক্ৰান্ত লোকসকলেও বেঙেনা খোৱাৰ পৰা বিৰত থাকিব লাগে। এনে লোকে বেঙেনা খালে বহু ক্ষতি হ’ব পাৰে। বেঙেনা খালে তেওঁলোকৰ এলাৰ্জী বৃদ্ধি পাব পাৰে।

৫) কিডনীত পাথৰঃ যিসকল লোকৰ পাথৰৰ সমস্যা আছে, সেইসকল লোকে বেঙেনা একেবাৰেই খাব নালাগে। বেঙেনাত পোৱা অক্সালেটে পাথৰৰ সমস্যা বৃদ্ধি কৰিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
এই ৩ টা বস্তু হৃদযন্ত্ৰৰ বাবে বৰ উপকাৰী! বহু সমস্যাও আঁতৰত থাকে
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ