--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা হৃত্বিক ৰোশনৰ প্ৰাক্তন পত্নী  তথা ডিজাইনাৰ ছুজেন  খান যেন এতিয়া মুক্ত বিহংগ। হৃত্বিক ৰোশনৰ সৈতে বিবাহ বিচেছদৰ পিছতে এতিয়া ছুজেন আৰ্চালন গনিৰ সৈতে ডেটিং আৰম্ভ কৰিছে। তেওঁলোকক প্ৰতিদিনে নতুন নতুন ঠাইলৈ গৈছে আৰু অন্তৰংগ মুহূৰ্ত কটাইছে। তেওঁলোকক পিছে পিছ এৰা নাই  পাপাৰাজীয়ে। পাপাৰাজীৰ কেমেৰাত বন্দী হৈছে ছুজেন -আৰ্চালনৰ ৰোমন্তিক মুহূৰ্তৰ ছবি। ছুজেন -আৰ্চালনৰ ৰোমান্তিক মুহূৰ্তৰ ছবি আৰু ভিডিঅ' পোহৰলৈ অহাৰ লগে লগে তেওঁলোক সমালোচিত হ'বলৈ ধৰিছে।

বলীউডৰ অভিনেতা হৃত্বিক ৰোশনৰ পৰা পৃথক হোৱাৰ পিছত ছুজেন খানে তেওঁৰ জীৱনত এক নতুন গতি লাভ কৰিছে। তেওঁ  বৰ্তমান আৰ্চালন গনিৰ সৈতে ডেটিংকৰাৰ কথাটো অৱশ্যে বহুতে সহজভাবে ল’ব পৰা নাই। সেইকাৰণে ছুজেনক বহুতে সমালোচনাৰ লক্ষ্য কৰি লৈছে।  কেতিয়াবা ছুজেনে নতুন প্ৰেমিকৰ  হাতত ধৰে আৰু কেতিয়াবা তেওঁক  চুম্বন কৰে। লাইমলাইটত থাকি ছুজেনে  মানুহৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবেই এনে কি থকা বুলি বহুতে ধাৰণা কৰিছে। 

ছুজেনে চাবা আজাদৰ ছবিৰ বিষয়ে চোকা সমলোচনা কৰাও দেখা গৈছে। কাৰণ চাবা আজাদ হৈছে ছুজেন  গুচি যোৱাৰ পিছত হৃত্বিক ৰোশনৰ নতুন প্ৰেমিকা।  


ছুজেন  খান  পেছাত এগৰাকী ইণ্টিৰিয়ৰ ডিজাইনাৰ।  তেওঁ ২০০০ চনত হৃত্বিক ৰোশনৰ সৈতে  বিয়া হৈছিল। হৃত্বিক-ছুজেনৰ  দুটি  পুত্ৰ  সন্তানো আছে।এটি সন্তানৰ নাম  হাৰাহান আৰু আনটিৰ নাম  হীৰাদান। বিবাহৰ ১৪  বছৰৰ পিছত  দম্পতীহাল পৃথক হৈ নতুন জীৱন আৰম্ভ কৰিছে। শেহতীয়াকৈ  হৃতিকে চাবা আজাদৰ সৈতে ডেটিং আৰম্ভ কৰিছে। একে সময়তে ছুজেনেও আৰ্চালন গনিৰ সৈতে ডেটিং  কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে ছুজেনক বহুতে ট্ৰ'ল কৰি আছে।

এজন নেট ব্যৱহাৰকাৰীয়ে  লিখিছে - ছুজেনৰ কাপোৰৰ নিৰ্বাচন   খুব বেয়া । তেওঁ যি পিন্ধে তাতেই বেয়া দেখি।  এজনে ছুজেনৰ ভৰণপোষণৰ বিষয়কলৈ  লিখিছে - হৃত্বিকৰ ৬০০ কোটি টকা ছুজেনে পানীত পেলালে। এজন ব্যৱহাৰকাৰীয়ে তেওঁলোক দুয়োৰে আলিঙ্গনৰ মুহূৰ্ত সন্দৰ্ভত  মন্তব্য কৰি লিখিছে  - তেওঁলোকে ইমান নিম্নমানৰ কাম  কৰে... ।এজনে লিখিছে- তেওঁলোকে  কিশোৰৰ দৰে আচৰণ কৰিছে,  যেন তেওঁলোকে প্ৰথমবাৰৰ বাবে প্ৰেমত পৰিছে।

আৰ্চালন গনি টিভি অভিনেতা আলি গনিৰ ভাতৃ । তেওঁ জি ৫ ত প্ৰচাৰিত 'মে নায়ক বোল ৰহা হুঁ' শৃংখলাটোত অভিনয় কৰিছে।  আৰ্চালনে কেইবাখনো  চলচ্চিত্ৰতো অভিনয়  কৰিছে।  চলচ্চিত্ৰ উদ্যোগত ভৰি দিয়াৰ আগতে তেওঁ  মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ থিয়েটাৰতো কাম কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু