--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা হৃত্বিক ৰোশনৰ প্ৰাক্তন পত্নী  তথা ডিজাইনাৰ ছুজেন  খান যেন এতিয়া মুক্ত বিহংগ। হৃত্বিক ৰোশনৰ সৈতে বিবাহ বিচেছদৰ পিছতে এতিয়া ছুজেন আৰ্চালন গনিৰ সৈতে ডেটিং আৰম্ভ কৰিছে। তেওঁলোকক প্ৰতিদিনে নতুন নতুন ঠাইলৈ গৈছে আৰু অন্তৰংগ মুহূৰ্ত কটাইছে। তেওঁলোকক পিছে পিছ এৰা নাই  পাপাৰাজীয়ে। পাপাৰাজীৰ কেমেৰাত বন্দী হৈছে ছুজেন -আৰ্চালনৰ ৰোমন্তিক মুহূৰ্তৰ ছবি। ছুজেন -আৰ্চালনৰ ৰোমান্তিক মুহূৰ্তৰ ছবি আৰু ভিডিঅ' পোহৰলৈ অহাৰ লগে লগে তেওঁলোক সমালোচিত হ'বলৈ ধৰিছে।

বলীউডৰ অভিনেতা হৃত্বিক ৰোশনৰ পৰা পৃথক হোৱাৰ পিছত ছুজেন খানে তেওঁৰ জীৱনত এক নতুন গতি লাভ কৰিছে। তেওঁ  বৰ্তমান আৰ্চালন গনিৰ সৈতে ডেটিংকৰাৰ কথাটো অৱশ্যে বহুতে সহজভাবে ল’ব পৰা নাই। সেইকাৰণে ছুজেনক বহুতে সমালোচনাৰ লক্ষ্য কৰি লৈছে।  কেতিয়াবা ছুজেনে নতুন প্ৰেমিকৰ  হাতত ধৰে আৰু কেতিয়াবা তেওঁক  চুম্বন কৰে। লাইমলাইটত থাকি ছুজেনে  মানুহৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবেই এনে কি থকা বুলি বহুতে ধাৰণা কৰিছে। 

ছুজেনে চাবা আজাদৰ ছবিৰ বিষয়ে চোকা সমলোচনা কৰাও দেখা গৈছে। কাৰণ চাবা আজাদ হৈছে ছুজেন  গুচি যোৱাৰ পিছত হৃত্বিক ৰোশনৰ নতুন প্ৰেমিকা।  


ছুজেন  খান  পেছাত এগৰাকী ইণ্টিৰিয়ৰ ডিজাইনাৰ।  তেওঁ ২০০০ চনত হৃত্বিক ৰোশনৰ সৈতে  বিয়া হৈছিল। হৃত্বিক-ছুজেনৰ  দুটি  পুত্ৰ  সন্তানো আছে।এটি সন্তানৰ নাম  হাৰাহান আৰু আনটিৰ নাম  হীৰাদান। বিবাহৰ ১৪  বছৰৰ পিছত  দম্পতীহাল পৃথক হৈ নতুন জীৱন আৰম্ভ কৰিছে। শেহতীয়াকৈ  হৃতিকে চাবা আজাদৰ সৈতে ডেটিং আৰম্ভ কৰিছে। একে সময়তে ছুজেনেও আৰ্চালন গনিৰ সৈতে ডেটিং  কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে ছুজেনক বহুতে ট্ৰ'ল কৰি আছে।

এজন নেট ব্যৱহাৰকাৰীয়ে  লিখিছে - ছুজেনৰ কাপোৰৰ নিৰ্বাচন   খুব বেয়া । তেওঁ যি পিন্ধে তাতেই বেয়া দেখি।  এজনে ছুজেনৰ ভৰণপোষণৰ বিষয়কলৈ  লিখিছে - হৃত্বিকৰ ৬০০ কোটি টকা ছুজেনে পানীত পেলালে। এজন ব্যৱহাৰকাৰীয়ে তেওঁলোক দুয়োৰে আলিঙ্গনৰ মুহূৰ্ত সন্দৰ্ভত  মন্তব্য কৰি লিখিছে  - তেওঁলোকে ইমান নিম্নমানৰ কাম  কৰে... ।এজনে লিখিছে- তেওঁলোকে  কিশোৰৰ দৰে আচৰণ কৰিছে,  যেন তেওঁলোকে প্ৰথমবাৰৰ বাবে প্ৰেমত পৰিছে।

আৰ্চালন গনি টিভি অভিনেতা আলি গনিৰ ভাতৃ । তেওঁ জি ৫ ত প্ৰচাৰিত 'মে নায়ক বোল ৰহা হুঁ' শৃংখলাটোত অভিনয় কৰিছে।  আৰ্চালনে কেইবাখনো  চলচ্চিত্ৰতো অভিনয়  কৰিছে।  চলচ্চিত্ৰ উদ্যোগত ভৰি দিয়াৰ আগতে তেওঁ  মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ থিয়েটাৰতো কাম কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক