--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকাশত বৰষুণৰ পাছত সাত ৰঙৰ ৰামধেনু নিশ্চয় দেখিছে। এই আকৰ্ষণীয় দৃশ্যটো অলপ সময়ৰ বাবেহে, কিন্তু ই মোহনীয়। আপুনি জানেনে যে আমাৰ পৃথিৱীত এখন বৈ যোৱা ৰামধেনু সদৃশ এনে এখন নৈ আছে, কিন্তু ইয়াৰ ৭ নহয়, মাত্ৰ ৫টা ৰং আছে। জানো আহক পাঁচ ৰঙৰ নদীৰ বিষয়ে।

এনে কিছুমান প্ৰাকৃতিক বস্তু এই পৃথিৱীত আছে, যিবোৰৰ আচৰিত সৌন্দৰ্য্যৰ বাবে সকলো আপ্লুত হৈ পৰে। এই তালিকাত এনে এখন নদীহে অন্তৰ্ভুক্ত কৰা হৈছে, য’ত বৈ যোৱা পানী মুঠ ৫ ৰঙৰ। এই কথা শুনি আপুনিও নিশ্চয় স্তম্ভিত হৈ পৰিব। প্ৰকৃতিৰ এই অনন্য নমুনাটো চাবলৈ দূৰ-দূৰণিৰ মানুহ দক্ষিণ আমেৰিকা মহাদেশৰ কলম্বিয়া দেশলৈ যায়।

পাঁচ ৰঙৰ নদী

কলম্বিয়া দেশত বৈ থকা এই ধুনীয়া নদীখনৰ নাম Cano Cristales। নদীখনৰ সৌন্দৰ্য্যৰ বাবে ইয়াক ডিভাইন গাৰ্ডেন বুলিও কোৱা হয়। কেনো ক্রিষ্টালছ নদীৰ অনন্য বৈশিষ্ট্যৰ বাবেই বিশ্বৰ মানুহক আচৰিত কৰি তোলে৷ এই নৈৰ প্ৰতি মানুহ আকৰ্ষিত হয়। আচলতে এই নদীখনত পাঁচটা বেলেগ বেলেগ ৰঙৰ পানী বৈ যায়। এই ৰঙবোৰৰ ভিতৰত আছে হালধীয়া, সেউজীয়া, ৰঙা, ক’লা আৰু নীলা। ৰঙীন পানীৰ বাবে নদীখনক পাঁচ ৰঙৰ নদী বুলিও জনা যায় আৰু এই পানীক লিকুইড ৰামধেনু বুলিও কোৱা হয়।

পানীৰ ৰং সলনি হোৱাৰ কাৰণ

নদীখনলৈ চাই এনে লাগে যেন পেইন্টিং পেলেটত ৰংবোৰ ওপঙি আছে। এই নদীখনকো পৃথিৱীৰ আটাইতকৈ সুন্দৰ নদী বুলি গণ্য কৰা হয়। জুন মাহৰ পৰা নৱেম্বৰ মাহলৈকে পৰ্যটকসকলে ইয়াৰ সমৃদ্ধিশালী ৰূপটো চাবলৈ কলম্বিয়ালৈ যায়।

নৈৰ পানীৰ ৰং সলনি হোৱাৰ আঁৰত এটা আমোদজনক কাৰণ আছে। এই নদীৰ পানী পাচ ৰঙৰ হোৱাটো কোনো যাদু নহয়, কিন্তু ইয়াত গজি উঠা এটা বিশেষ উদ্ভিদ মেকাৰোনিয়া ক্লাভিগ্ৰাৰ বাবেই হৈছে। এই উদ্ভিদৰ বাবেই যেন গোটেই নৈখন ৰঙেৰে ভৰি আছে। পানীৰ তলত উপস্থিত থকা উদ্ভিদটোৰ ওপৰত সূৰ্যৰ পোহৰ পৰাৰ লগে লগে পানীত ৰঙা ৰং দেখা দিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত লেহেমীয়া আৰু দ্ৰুত পোহৰৰ লগে লগে পানীৰ ৰঙৰ ওপৰত উদ্ভিদৰ ভিন্ন আভা দেখা দিবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক