--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফৰাচী লেখিকা  এনি এৰ্নোক ২০২২ চনৰ সাহিত্যৰ ন’বেল বঁটাৰ বাবে বাচনি কৰা হৈছে। চুইডিছ একাডেমীয়ে প্ৰকাশ কৰা মতে শিপাৰ সন্ধান কৰি লেখিকাগৰাকীয়ে  তেওঁৰ গ্ৰন্থত যি  ব্যক্তিগত স্মৃতি ,  মহামিলন আৰু বিবাহৰ মাজৰ সম্পৰ্কক ফুটাই তুলিবলৈ সক্ষম হৈছে। তাৰেই স্বীকৃতি স্বৰূপে তেওঁৰ সাহস আৰু ধৈৰ্য্যক সন্মান জনাই  এই বঁটা প্ৰদান কৰা হৈছে।

১৯৪০ চনত ফ্ৰান্সৰ নৰ্মাণ্ডিত এক শ্ৰমিক শ্ৰেণীৰ পৰিয়ালত  এনি এৰ্নোৰ  জন্ম হৈছিল। ৰুয়েন আৰু বৰ্ডো বিশ্ববিদ্যালয়ত সাহিত্য বিষয়ত অধ্যয়ন কৰাৰ পিছত তেওঁ সাহিত্য জগতত প্ৰৱেশ কৰে। তেওঁৰ গ্ৰন্থসমূহ  মুখ্যতঃ আত্মজীৱনীমূলক ।  

আৰম্ভনিতে জীৱনত তেওঁ কিছুমান বৰ্ণনামূলক লিখনি লিখিছিল কিন্তু পিছলৈ তেওঁ স্মৃতি বিজৰিত গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰে। এগৰাকী নাৰীয়ে  ডাঙৰ হৈ অহাৰ  লগে লগে পৰিৱৰ্তনশীল পৃথিৱী আৰু চাৰিওফালৰ পৰিৱেশত কিদৰে নানান সংঘাতৰ মুখামুখি হ’বলগীয়া হয় সেই বিষয়ে লেখিকাগৰাকীৰ গ্ৰন্থত সুন্দৰ ভাবে প্ৰকাশ কৰা হৈছে।  

ব্যক্তিগত সময়, নৈৰ্ব্যক্তিক সমাজ বা ভিন্ন পেছাৰ  লোকসকলৰ সৈতে তেওঁৰ গ্ৰন্থৰ কাহিনী  বান্ধ খাই আছে। কেতিয়াবা তেওঁৰ লিখনিবোৰত তেওঁৰ নিজৰ গৰ্ভপাত, মাতৃৰ মৃত্যু, আলঝেইমাৰ বা কৰ্কট ৰোগৰ ভয়াৱহতা আদিৰ কথাও ফুটি উঠিছে।  এনি এৰ্নোৰ  গ্ৰন্থ  'এ ৱমেনছ ষ্টৰী, এ মেনছ প্লেচ', 'চিম্পল প্লেচ' বা 'আই ৰিমেন ইন ডাৰ্কনেচ'-এ  ইতিমধ্যে পঢ়ুৱৈসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 
 'পেচন চিম্পল'ত, এজন পূৱ ইউৰোপীয় পুৰুষৰ সৈতে তেওঁৰ  প্ৰেমৰ সম্পৰ্কে এক বহু-মাত্ৰিক প্ৰেমক প্ৰতিফলিত কৰিছে।
২০০৮ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ 'দ্য ইয়ৰ্ছ'ক গ্ৰন্থ সমালোচকসকলে  তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হিচাপে চিনাক্ত কৰিছিল।

তেওঁ ইয়াৰ পূৰ্বে প্ৰি দে লা লাঞ্জ ফ্ৰান্সটেইজৰ দৰে সন্মান লাভ কৰিছিল। তেওঁ এগৰাকী খ্যাতিসম্পন্ন লেখিকা হিচাবে  ৰয়েল চ’ছাইটি অফ লিটাৰেচাৰৰ সৈতে জড়িত হৈ আছে। 

তেওঁক প্ৰদান কৰিবলৈ ওলোৱা  নবেল বঁটা হৈছে এগৰাকী মহিলাৰ ব্যক্তিগত জীৱন, আনন্দ, বেদনা আৰু নিষ্পাপতাৰ স্বীকৃতি। একে সময়তে এয়াও  ক'ব পাৰি যে এই বঁটা এগৰাকী অকলশৰীয়া মহিলাৰ সাৰ্বজনীন স্বাকৃতিৰ  এক বিশেষ পদক্ষেপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ