--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফৰাচী লেখিকা  এনি এৰ্নোক ২০২২ চনৰ সাহিত্যৰ ন’বেল বঁটাৰ বাবে বাচনি কৰা হৈছে। চুইডিছ একাডেমীয়ে প্ৰকাশ কৰা মতে শিপাৰ সন্ধান কৰি লেখিকাগৰাকীয়ে  তেওঁৰ গ্ৰন্থত যি  ব্যক্তিগত স্মৃতি ,  মহামিলন আৰু বিবাহৰ মাজৰ সম্পৰ্কক ফুটাই তুলিবলৈ সক্ষম হৈছে। তাৰেই স্বীকৃতি স্বৰূপে তেওঁৰ সাহস আৰু ধৈৰ্য্যক সন্মান জনাই  এই বঁটা প্ৰদান কৰা হৈছে।

১৯৪০ চনত ফ্ৰান্সৰ নৰ্মাণ্ডিত এক শ্ৰমিক শ্ৰেণীৰ পৰিয়ালত  এনি এৰ্নোৰ  জন্ম হৈছিল। ৰুয়েন আৰু বৰ্ডো বিশ্ববিদ্যালয়ত সাহিত্য বিষয়ত অধ্যয়ন কৰাৰ পিছত তেওঁ সাহিত্য জগতত প্ৰৱেশ কৰে। তেওঁৰ গ্ৰন্থসমূহ  মুখ্যতঃ আত্মজীৱনীমূলক ।  

আৰম্ভনিতে জীৱনত তেওঁ কিছুমান বৰ্ণনামূলক লিখনি লিখিছিল কিন্তু পিছলৈ তেওঁ স্মৃতি বিজৰিত গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰে। এগৰাকী নাৰীয়ে  ডাঙৰ হৈ অহাৰ  লগে লগে পৰিৱৰ্তনশীল পৃথিৱী আৰু চাৰিওফালৰ পৰিৱেশত কিদৰে নানান সংঘাতৰ মুখামুখি হ’বলগীয়া হয় সেই বিষয়ে লেখিকাগৰাকীৰ গ্ৰন্থত সুন্দৰ ভাবে প্ৰকাশ কৰা হৈছে।  

ব্যক্তিগত সময়, নৈৰ্ব্যক্তিক সমাজ বা ভিন্ন পেছাৰ  লোকসকলৰ সৈতে তেওঁৰ গ্ৰন্থৰ কাহিনী  বান্ধ খাই আছে। কেতিয়াবা তেওঁৰ লিখনিবোৰত তেওঁৰ নিজৰ গৰ্ভপাত, মাতৃৰ মৃত্যু, আলঝেইমাৰ বা কৰ্কট ৰোগৰ ভয়াৱহতা আদিৰ কথাও ফুটি উঠিছে।  এনি এৰ্নোৰ  গ্ৰন্থ  'এ ৱমেনছ ষ্টৰী, এ মেনছ প্লেচ', 'চিম্পল প্লেচ' বা 'আই ৰিমেন ইন ডাৰ্কনেচ'-এ  ইতিমধ্যে পঢ়ুৱৈসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 
 'পেচন চিম্পল'ত, এজন পূৱ ইউৰোপীয় পুৰুষৰ সৈতে তেওঁৰ  প্ৰেমৰ সম্পৰ্কে এক বহু-মাত্ৰিক প্ৰেমক প্ৰতিফলিত কৰিছে।
২০০৮ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ 'দ্য ইয়ৰ্ছ'ক গ্ৰন্থ সমালোচকসকলে  তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হিচাপে চিনাক্ত কৰিছিল।

তেওঁ ইয়াৰ পূৰ্বে প্ৰি দে লা লাঞ্জ ফ্ৰান্সটেইজৰ দৰে সন্মান লাভ কৰিছিল। তেওঁ এগৰাকী খ্যাতিসম্পন্ন লেখিকা হিচাবে  ৰয়েল চ’ছাইটি অফ লিটাৰেচাৰৰ সৈতে জড়িত হৈ আছে। 

তেওঁক প্ৰদান কৰিবলৈ ওলোৱা  নবেল বঁটা হৈছে এগৰাকী মহিলাৰ ব্যক্তিগত জীৱন, আনন্দ, বেদনা আৰু নিষ্পাপতাৰ স্বীকৃতি। একে সময়তে এয়াও  ক'ব পাৰি যে এই বঁটা এগৰাকী অকলশৰীয়া মহিলাৰ সাৰ্বজনীন স্বাকৃতিৰ  এক বিশেষ পদক্ষেপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক