--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালত চৰ্দি-কাহৰ সমস্যা নতুন নহয়, যিকোনো বয়সৰ লোকেই এই সমস্যাত ভোগা দেখা যায়। চৰ্দি, জ্বৰৰ লগতে এলাৰ্জীৰ সমস্যাও এই বতৰত বৃদ্ধি পায়। শীতত এলাৰ্জীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰকৃত কাৰণ জানো আহক।

 শীতকালত বতাহ আৰু ধূলিও অধিক হোৱা দেখা যায়। তাৰ বাবে বিভিন্ন প্ৰকাৰৰ ভাইৰাছ সহজে মানুহৰ দেহত প্ৰৱেশ কৰে। সেয়েহে শীতকালত ভাইৰাছজনিত ৰোগ বেছিকৈ হোৱা দেখা যায়। ইয়াৰ উপৰি এলাৰ্জীৰ সমস্যাৰ অন্যতম ডাঙৰ কাৰণ হ’ল প্ৰদূষণ। শীতকালীন প্ৰদূষণৰ বাবে এলাৰ্জীৰ সমস্যা বাঢ়ি যায়।

 বিশেষজ্ঞৰ মতে ‘শীতকালত এলাৰ্জী কিয় বাঢ়ি যায় সেই বিষয়ে জানিব বিচাৰিলে প্ৰথমে এলাৰ্জীৰ কাৰণ বুজিব লাগিব।’ ‘হিষ্টামিন’ নামৰ এবিধ পদাৰ্থ শৰীৰৰ কোষত আবদ্ধ হৈ থাকে। শৰীৰৰ লগত বন্ধুত্বপূৰ্ণ নহয় কিছুমান বস্তু শৰীৰত প্ৰৱেশ কৰি হিষ্টামিনৰ আৱদ্ধতা ভাঙি পেলায়। তাৰ পাছতেই ই তেজত বিয়পি পৰে। তেজৰ লগত মিহলি হ’লে শৰীৰত বেয়া প্ৰভাৱ পৰে। শীতকালত এই সমস্যা অধিক হয় কাৰণ এই সময়ছোৱাত বতাহত ‘এলাৰ্জেন’ৰ সংখ্যা বৃদ্ধি হয়। চকুৰ খজুৱতিৰ পৰা আৰম্ভ কৰি হাঁচি, কাহ, চৰ্দি, ডিঙিৰ বিষ, উশাহ লোৱাত কষ্ট, ফোহা—সকলোৰে ৰোগৰ আঁৰত আছে হিষ্টামিন।

 শীতকালীন এলাৰ্জীৰ বাবে বায়ু প্ৰদূষণ কিমান দায়ী? প্ৰদূষণৰ বাবে সকলোৱে একে ধৰণে বেমাৰত নপৰে। কিন্তু এজন ব্যক্তিৰ এলাৰ্জীৰ প্ৰৱণতা বেছি। উদাহৰণস্বৰূপে কাৰোবাৰ তেজত ‘ইঅ’চিনফিল’ৰ পৰিমাণ বেছি হয় বা হয়তো কাৰোবাৰ হিষ্টামিনে কোষবোৰ ভাঙি তেজৰ লগত মিহলি নহয়। সেই ক্ষেত্ৰত এলাৰ্জিৰ প্ৰতিক্ৰিয়াও বেলেগ হ’ব। কিন্তু শীতকালত বায়ু প্ৰদূষণৰ মাত্ৰা সদায় বেছি। দীপাৱলীৰ পাছত এই প্ৰদূষণ বাঢ়ি যায়। বহুতে ঠাণ্ডাত এলাৰ্জী হয় বুলি ভাবে। তেনেকুৱা হ’লে ঠাণ্ডা দেশ এখনত সকলোৱে এলাৰ্জীত আক্ৰান্ত হ’লহেঁতেন। এলাৰ্জীৰ আচল কাৰণ হৈছে বায়ু প্ৰদূষণ। covidৰ সময়ত বহু লোক এনে সমস্যাত ভোগা দেখা গৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement