--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালত চৰ্দি-কাহৰ সমস্যা নতুন নহয়, যিকোনো বয়সৰ লোকেই এই সমস্যাত ভোগা দেখা যায়। চৰ্দি, জ্বৰৰ লগতে এলাৰ্জীৰ সমস্যাও এই বতৰত বৃদ্ধি পায়। শীতত এলাৰ্জীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰকৃত কাৰণ জানো আহক।

 শীতকালত বতাহ আৰু ধূলিও অধিক হোৱা দেখা যায়। তাৰ বাবে বিভিন্ন প্ৰকাৰৰ ভাইৰাছ সহজে মানুহৰ দেহত প্ৰৱেশ কৰে। সেয়েহে শীতকালত ভাইৰাছজনিত ৰোগ বেছিকৈ হোৱা দেখা যায়। ইয়াৰ উপৰি এলাৰ্জীৰ সমস্যাৰ অন্যতম ডাঙৰ কাৰণ হ’ল প্ৰদূষণ। শীতকালীন প্ৰদূষণৰ বাবে এলাৰ্জীৰ সমস্যা বাঢ়ি যায়।

 বিশেষজ্ঞৰ মতে ‘শীতকালত এলাৰ্জী কিয় বাঢ়ি যায় সেই বিষয়ে জানিব বিচাৰিলে প্ৰথমে এলাৰ্জীৰ কাৰণ বুজিব লাগিব।’ ‘হিষ্টামিন’ নামৰ এবিধ পদাৰ্থ শৰীৰৰ কোষত আবদ্ধ হৈ থাকে। শৰীৰৰ লগত বন্ধুত্বপূৰ্ণ নহয় কিছুমান বস্তু শৰীৰত প্ৰৱেশ কৰি হিষ্টামিনৰ আৱদ্ধতা ভাঙি পেলায়। তাৰ পাছতেই ই তেজত বিয়পি পৰে। তেজৰ লগত মিহলি হ’লে শৰীৰত বেয়া প্ৰভাৱ পৰে। শীতকালত এই সমস্যা অধিক হয় কাৰণ এই সময়ছোৱাত বতাহত ‘এলাৰ্জেন’ৰ সংখ্যা বৃদ্ধি হয়। চকুৰ খজুৱতিৰ পৰা আৰম্ভ কৰি হাঁচি, কাহ, চৰ্দি, ডিঙিৰ বিষ, উশাহ লোৱাত কষ্ট, ফোহা—সকলোৰে ৰোগৰ আঁৰত আছে হিষ্টামিন।

 শীতকালীন এলাৰ্জীৰ বাবে বায়ু প্ৰদূষণ কিমান দায়ী? প্ৰদূষণৰ বাবে সকলোৱে একে ধৰণে বেমাৰত নপৰে। কিন্তু এজন ব্যক্তিৰ এলাৰ্জীৰ প্ৰৱণতা বেছি। উদাহৰণস্বৰূপে কাৰোবাৰ তেজত ‘ইঅ’চিনফিল’ৰ পৰিমাণ বেছি হয় বা হয়তো কাৰোবাৰ হিষ্টামিনে কোষবোৰ ভাঙি তেজৰ লগত মিহলি নহয়। সেই ক্ষেত্ৰত এলাৰ্জিৰ প্ৰতিক্ৰিয়াও বেলেগ হ’ব। কিন্তু শীতকালত বায়ু প্ৰদূষণৰ মাত্ৰা সদায় বেছি। দীপাৱলীৰ পাছত এই প্ৰদূষণ বাঢ়ি যায়। বহুতে ঠাণ্ডাত এলাৰ্জী হয় বুলি ভাবে। তেনেকুৱা হ’লে ঠাণ্ডা দেশ এখনত সকলোৱে এলাৰ্জীত আক্ৰান্ত হ’লহেঁতেন। এলাৰ্জীৰ আচল কাৰণ হৈছে বায়ু প্ৰদূষণ। covidৰ সময়ত বহু লোক এনে সমস্যাত ভোগা দেখা গৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু