--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলিয়া ভাট-ৰণবীৰ কাপুৰৰ কন্যা ৰাহা। জন্ম হোৱাৰ লগে লগে অনুৰাগীসকলে কন্যাশিশুটিৰ মুখখন চাবলৈ উদগ্ৰীৱ হৈ আহিছে। কেতিয়াকৈ প্ৰথমবাৰৰ বাবে দেখা যাব ৰাহাৰ মুখ।

তেনে সময়তে বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত আলিয়াৰ ইনষ্টাগ্ৰাম পোষ্টক লৈ সৃষ্টি হৈছিল হুলস্থুল। পোষ্টটোত গোলাপী কাপোৰ পিন্ধা এজনী ধুনীয়া কণমানি ছোৱালীৰ ফটো শ্বেয়াৰ কৰে আলিয়াই।

লগে লগে অনুৰাগীসকল ব্যষ্ট হৈ পৰে। এই ধুনীয়া কন্যাশিশুটি কোন? সকলোৱে প্ৰথমে ভাবিছিল যে ৰণবীৰ কাপুৰ আৰু আলিয়াই তেওঁলোকৰ কেঁচুৱা ছবি প্ৰকাশ কৰিছে। লগে লগে ভাইৰেল হৈ পৰে ছৱিখন।

কিন্তু কিমান সঁচা? সঁচাকৈয়ে নৱজাত সন্তানৰ ছৱি সামাজিক মাধ্যমত প্ৰকাশ কৰিছিলনে আলিয়াই?

আলিয়াৰ ইনষ্টাগ্ৰাম প্ৰফাইল চেক কৰিলে দেখা যাব যে অভিনেত্ৰীগৰাকীয়ে একেৰাহে এখন নহয়, তিনিখন ছবি পোষ্ট কৰিছে। 

বহুতে জনা মতে আলিয়াৰ নিজাকৈ কাপোৰৰ কোম্পানী আছে, য’ত শিশুৰ কাপোৰ তৈয়াৰ কৰা হয়। প্ৰাকৃতিক কেঁচামালৰ পৰা নিৰ্মিত সেই অতিৰিক্ত কোমল কাপোৰবোৰৰ দামো সুলভ। কোম্পানীটোৰ নাম ‘এড-এ-মামা’।

অভিনেত্ৰীগৰাকীয়ে ব্ৰেণ্ডটোৰ শেহতীয়া ফটোশ্বুটৰ শিশুকেইটাৰ ছবি পোষ্ট কৰে। ফটোখনৰ কেপচনত আলিয়াই লিখিছে- ''আমাৰ ‘এড-এ-মামা’ কাপোৰবোৰেই আটাইতকৈ কোমল। ইয়াত প্লাষ্টিক নাথাকে। শিশুৰ বাবে অত্যন্ত নিৰাপদ। এতিয়া ড্ৰেছ, টি-চাৰ্ট সকলো কিনিব পাৰিব।"

ইয়াৰ পিছত আলিয়াই ব্ৰেণ্ডটোৰ বাবে নিজৰ সন্তানক কাপোৰ পিন্ধি ফটো উঠিবলৈ অনুমতি দিয়া অভিভাৱকসকলক ধন্যবাদ জনায়। তাৰ পৰা স্পষ্ট হৈ পৰিল যে সেই ল’ৰা-ছোৱালীবোৰৰ কোনো এটাই আলিয়াৰ সন্তান নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক