ডিজিটেল ডেস্কঃ ডায়েবেটিছৰ দৰে ৰোগ আজিকালি অতি সাধাৰণ হৈ পৰিছে। ইয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিজনে বহুদিনৰ পাছত গম পায় যে তেওঁ ইয়াৰ কবলত পৰিছে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে প্ৰায় ৯০ শতাংশ লোকে পলমকৈ গম পায় যে তেওঁলোক ডায়েবেটিছৰ ৰোগী হৈ পৰিছে। আচলতে ৰোগটো অধিক বৃদ্ধি হোৱাৰ পিছত ইয়াৰ লক্ষণবোৰ দেখা দিবলৈ আৰম্ভ কৰে। ডায়েবেটিছ ৰোগী হোৱাৰ পিছত ৰোগীৰ বাকী জীৱনটো ঔষধৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰে। ইয়াৰ বাহিৰেও তেওঁ খাদ্য বাচ-বিচাৰ কৰি চলিব লাগে। এজন স্বাভাৱিক ব্যক্তিৰ ছুগাৰৰ মাত্ৰা ১৪০ মিলিগ্ৰাম/ডেচিলিটাৰৰ তলত হ’ব লাগে।
কিছুমান সৰু সৰু কথাও ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। ইয়াক অৱহেলা কৰা উচিত নহয়। সময় থাকোতেই ঠিক কৰি নললে ই গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে।
ডায়েবেটিছৰ দ্বাৰা অধিকাংশ লোকেই প্ৰভাৱিত হয় আৰু আজিৰ সময়ত বয়োজ্যেষ্ঠ লোকসকলে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাটো নিশ্চিত। যুৱক-যুৱতীসকলো ইয়াৰ চিকাৰ অধিক সংখ্যাত হ’বলৈ আৰম্ভ কৰিছে৷ আমেৰিকান ডায়েবেটিছ এছ’চিয়েশ্যনত প্ৰকাশিত এক বাতৰি অনুসৰি টাইপ ২ ডায়েবেটিছত শৰীৰে ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়। তেজত গ্লুক’জ বৃদ্ধি হোৱাৰ বাবে ছুগাৰ পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
ডায়েবেটিছ হ’লে এই লক্ষণবোৰ দেখা যায়
১) যদি ৰাতি শোৱাৰ পাছত দুবাৰতকৈ অধিক প্ৰস্ৰাৱ কৰি আছে, তেন্তে হয়তো আপুনি ডায়েবেটিছৰ কবলত পৰিছে। আপুনি সঘনাই প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক বুলি বিবেচনা কৰিব পাৰে, কিন্তু ইয়াক আওকাণ কৰাটো উচিত নহয়।
২) যদি কাৰোবাৰ সঘনাই ভোক লাগে, তেন্তে হয়তো তেওঁ ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’ব পাৰে। খাদ্য খোৱাৰ অলপ পাছতেই ভোক লগাটো ডায়েবেটিছৰ লক্ষণ। মানুহে ভোক অনুভৱ কৰাটো বেছি গুৰুত্ব নিদিয়ে, কিন্তু ই শৰীৰত ছুগাৰ থকাৰ এটা ডাঙৰ লক্ষণ।
৩) দৃষ্টিশক্তি ম্লান হোৱাটোও ডায়েবেটিছৰ লক্ষণ বুলি গণ্য কৰা হয় আৰু তৎক্ষণাত চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰা উচিত।
৪) বিশেষজ্ঞসকলৰ মতে যদি কোনো ব্যক্তিৰ ওজন কমিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ ডায়েবেটিছৰ পৰীক্ষা কৰাব লাগে। ৰোগৰ আৰম্ভণিতে ওজন কমি যোৱাটো স্বাভাৱিক।
অৱশ্যে এনে নহয় যে এই লক্ষণকেইটা থাকিলে বুলিয়ে আপোনাৰ ডায়েবেটিছ হৈছে। কিন্তু সাৱধান হোৱাটো ভাল। এই সৰু সৰু কথাবোৰ আওকাণ কৰিলে পাছলৈ ডাঙৰ বিপদ হ’ব পাৰে।