--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ব্যক্তিৰ খাদ্যাভ্যাসে তেওঁৰ শৰীৰ আৰু জীৱনশৈলীত বহু পৰিমাণে প্ৰভাৱ পেলায়। খাদ্যৰ ওপৰত কৰা গৱেষণাৰ পৰাও দেখা গৈছে যে আন্ত্ৰিক স্বাস্থ্য আৰু মগজুৰ স্বাস্থ্যৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। যাৰ কেৱল অৰ্থ হ’ল আমাৰ খাদ্যাভ্যাসেও আমাৰ মেজাজ নিয়ন্ত্ৰণ কৰে। যদি আমাৰ খাদ্য নিয়মীয়া আৰু সুষম নহয়, তেন্তে ই আমাৰ মন-মেজাজত নেতিবাচক প্ৰভাৱ পেলায়। যাৰ ফলত ব্যক্তিজনে কথা নোকোৱাকৈও খং আৰু খিংখিঙীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰে। কিন্তু আনফালে পেটটো যদি সুস্থ হৈ থাকে তেন্তে ই আপোনাক সুখী আৰু ভাল অনুভৱ কৰাত সহায় কৰিব পাৰে আৰু সকলো ধৰণৰ মানসিক চাপ আৰু উদ্বেগৰ পৰা আঁতৰত ৰাখিব পাৰে। খাদ্যত কোনবোৰ বস্তু অন্তৰ্ভুক্ত কৰিব পাৰি, যাৰ দ্বাৰা আপুনি খং আৰু খিংখিঙীয়া ভাৱক আপোনাৰ জীৱনৰ পৰা উলিয়াই দিব পাৰে।

১) সূৰ্য্যমুখী আৰু ৰঙালাওৰ গুটিঃ সূৰ্য্যমুখী আৰু ৰঙালাওৰ গুটিত পৰ্যাপ্ত পৰিমাণে ওমেগা ফেটি ৩ এচিড আৰু এনে বহুতো প্ৰয়োজনীয় উপাদান থাকে যিয়ে হতাশা হ্ৰাস কৰাৰ লগতে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

২) পালেংশাকঃ পালেংশাকত মেগনেছিয়াম আৰু ফলিক এচিড প্ৰচুৰ পৰিমাণে থাকে। ভাল মেজাজ বজাই ৰখাত এই দুয়োটা বস্তুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰত এই দুয়োটা বস্তুৰ অভাৱত উদ্বিগ্নতা আৰু মানসিক চাপৰ মাত্ৰা বৃদ্ধি পায়।

৩) গাখীৰ আৰু দৈঃ গাখীৰ আৰু দৈত কেলচিয়াম আৰু ট্ৰিপ্ট’ফেন থাকে। কেলচিয়ামে মানসিক চাপ আৰু উদ্বেগ দূৰ কৰে, আনহাতে ট্ৰিপ্ট’ফেনে চেৰ’টনিন গঠনত সহায় কৰে। যিয়ে আপোনাৰ মেজাজ পজিটিভ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দৈনিক এগিলাচ গাখীৰ সেৱন কৰিলেও নাৰ্ভাছনেছ, উদ্বেগ আৰু ক্লান্তিৰ লক্ষণসমূহ দূৰ কৰাত সহায়ক হয়।

৪) ওটমিলঃ ই দ্ৰৱণীয় আঁহৰ ভাল উৎস। ইয়াক সেৱন কৰিলে ব্যক্তিজনৰ খিংখিঙীয়া ভাৱ দূৰ হয় আৰু পেটটোও বহুসময়লৈ ভৰ্তি হৈ থাকে। ই শৰীৰক পৰ্যাপ্ত শক্তি প্ৰদানৰ কাম কৰে। এই কাৰণেই ডায়েটিচিয়ানসকলে ইয়াক ব্ৰেকফাষ্টত খাবলৈ পৰামৰ্শ দিয়ে।

৫) ওমেগা-৩ সমৃদ্ধ খাদ্যঃ ওমেগা-৩ ফেটি এচিডক ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবে এক গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান হিচাপে গণ্য কৰা হয়। ই আপোনাক সুখৰ অনুভৱ কৰায় সেয়েহে ইয়াক মুড বুষ্টাৰ বুলিও কোৱা হয়। আপুনি প্ৰাকৃতিকভাৱে আৰু পৰিপূৰকৰ জৰিয়তে ওমেগা-৩ গ্ৰহণ কৰিব পাৰে। ওমেগা-৩ৰ প্ৰাকৃতিক উৎস হ’ল আখৰোট, ফ্লেক্স, সূৰ্যমুখী বীজ, সৰিয়হৰ গুটি, চয়াবিন, গজালি ওলোৱা মগু, টফু, সেউজীয়া বীন, ব্ৰকলি, সেউজীয়া পাতৰ শাক-পাচলি, ষ্ট্ৰবেৰী।

৬) ভিটামিন ডি সমৃদ্ধ খাদ্যঃ ভিটামিন ডি সমৃদ্ধ খাদ্যই আপোনাৰ মানসিক চাপ হ্ৰাস কৰি আপোনাৰ মেজাজ উন্নত কৰাত সহায় কৰে। ভিটামিন ডিয়ে মগজুত চেৰ’টনিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে যিয়ে হতাশা আৰু উদ্বেগ দূৰ কৰাত সহায় কৰে। সূৰ্যৰ পোহৰৰ পৰা আপুনি প্ৰাকৃতিকভাৱে ভিটামিন ডি লাভ কৰিব পাৰে। ইয়াৰ উপৰিও ভিটামিন ডিৰ বাবে এই খাদ্যসমূহ খাব লাগে - গৰুৰ গাখীৰ, কমলা, দৈ, মাশ্বৰূম, চৰ্বিযুক্ত মাছ, কণীৰ কুহুম, ওটছ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক