--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ব্যক্তিৰ খাদ্যাভ্যাসে তেওঁৰ শৰীৰ আৰু জীৱনশৈলীত বহু পৰিমাণে প্ৰভাৱ পেলায়। খাদ্যৰ ওপৰত কৰা গৱেষণাৰ পৰাও দেখা গৈছে যে আন্ত্ৰিক স্বাস্থ্য আৰু মগজুৰ স্বাস্থ্যৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। যাৰ কেৱল অৰ্থ হ’ল আমাৰ খাদ্যাভ্যাসেও আমাৰ মেজাজ নিয়ন্ত্ৰণ কৰে। যদি আমাৰ খাদ্য নিয়মীয়া আৰু সুষম নহয়, তেন্তে ই আমাৰ মন-মেজাজত নেতিবাচক প্ৰভাৱ পেলায়। যাৰ ফলত ব্যক্তিজনে কথা নোকোৱাকৈও খং আৰু খিংখিঙীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰে। কিন্তু আনফালে পেটটো যদি সুস্থ হৈ থাকে তেন্তে ই আপোনাক সুখী আৰু ভাল অনুভৱ কৰাত সহায় কৰিব পাৰে আৰু সকলো ধৰণৰ মানসিক চাপ আৰু উদ্বেগৰ পৰা আঁতৰত ৰাখিব পাৰে। খাদ্যত কোনবোৰ বস্তু অন্তৰ্ভুক্ত কৰিব পাৰি, যাৰ দ্বাৰা আপুনি খং আৰু খিংখিঙীয়া ভাৱক আপোনাৰ জীৱনৰ পৰা উলিয়াই দিব পাৰে।

১) সূৰ্য্যমুখী আৰু ৰঙালাওৰ গুটিঃ সূৰ্য্যমুখী আৰু ৰঙালাওৰ গুটিত পৰ্যাপ্ত পৰিমাণে ওমেগা ফেটি ৩ এচিড আৰু এনে বহুতো প্ৰয়োজনীয় উপাদান থাকে যিয়ে হতাশা হ্ৰাস কৰাৰ লগতে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

২) পালেংশাকঃ পালেংশাকত মেগনেছিয়াম আৰু ফলিক এচিড প্ৰচুৰ পৰিমাণে থাকে। ভাল মেজাজ বজাই ৰখাত এই দুয়োটা বস্তুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰত এই দুয়োটা বস্তুৰ অভাৱত উদ্বিগ্নতা আৰু মানসিক চাপৰ মাত্ৰা বৃদ্ধি পায়।

৩) গাখীৰ আৰু দৈঃ গাখীৰ আৰু দৈত কেলচিয়াম আৰু ট্ৰিপ্ট’ফেন থাকে। কেলচিয়ামে মানসিক চাপ আৰু উদ্বেগ দূৰ কৰে, আনহাতে ট্ৰিপ্ট’ফেনে চেৰ’টনিন গঠনত সহায় কৰে। যিয়ে আপোনাৰ মেজাজ পজিটিভ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দৈনিক এগিলাচ গাখীৰ সেৱন কৰিলেও নাৰ্ভাছনেছ, উদ্বেগ আৰু ক্লান্তিৰ লক্ষণসমূহ দূৰ কৰাত সহায়ক হয়।

৪) ওটমিলঃ ই দ্ৰৱণীয় আঁহৰ ভাল উৎস। ইয়াক সেৱন কৰিলে ব্যক্তিজনৰ খিংখিঙীয়া ভাৱ দূৰ হয় আৰু পেটটোও বহুসময়লৈ ভৰ্তি হৈ থাকে। ই শৰীৰক পৰ্যাপ্ত শক্তি প্ৰদানৰ কাম কৰে। এই কাৰণেই ডায়েটিচিয়ানসকলে ইয়াক ব্ৰেকফাষ্টত খাবলৈ পৰামৰ্শ দিয়ে।

৫) ওমেগা-৩ সমৃদ্ধ খাদ্যঃ ওমেগা-৩ ফেটি এচিডক ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবে এক গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান হিচাপে গণ্য কৰা হয়। ই আপোনাক সুখৰ অনুভৱ কৰায় সেয়েহে ইয়াক মুড বুষ্টাৰ বুলিও কোৱা হয়। আপুনি প্ৰাকৃতিকভাৱে আৰু পৰিপূৰকৰ জৰিয়তে ওমেগা-৩ গ্ৰহণ কৰিব পাৰে। ওমেগা-৩ৰ প্ৰাকৃতিক উৎস হ’ল আখৰোট, ফ্লেক্স, সূৰ্যমুখী বীজ, সৰিয়হৰ গুটি, চয়াবিন, গজালি ওলোৱা মগু, টফু, সেউজীয়া বীন, ব্ৰকলি, সেউজীয়া পাতৰ শাক-পাচলি, ষ্ট্ৰবেৰী।

৬) ভিটামিন ডি সমৃদ্ধ খাদ্যঃ ভিটামিন ডি সমৃদ্ধ খাদ্যই আপোনাৰ মানসিক চাপ হ্ৰাস কৰি আপোনাৰ মেজাজ উন্নত কৰাত সহায় কৰে। ভিটামিন ডিয়ে মগজুত চেৰ’টনিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে যিয়ে হতাশা আৰু উদ্বেগ দূৰ কৰাত সহায় কৰে। সূৰ্যৰ পোহৰৰ পৰা আপুনি প্ৰাকৃতিকভাৱে ভিটামিন ডি লাভ কৰিব পাৰে। ইয়াৰ উপৰিও ভিটামিন ডিৰ বাবে এই খাদ্যসমূহ খাব লাগে - গৰুৰ গাখীৰ, কমলা, দৈ, মাশ্বৰূম, চৰ্বিযুক্ত মাছ, কণীৰ কুহুম, ওটছ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু