--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এৰ নিলাম ইতিমধ্যে শেষ হৈছে। শনিবাৰে পুনৰ আন এটা আইপিএলৰ নিলাম ঘোষণা কৰা হৈছে। মহিলা ক্ৰিকেটৰ আই পি এলৰ নীলাম ঘোষণা কৰা হৈছে ইতিমধ্যে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) মতে, মহিলা প্ৰতিযোগিতাখনৰ নাম হ'ব 'ৱমেন’ছ টি-২০ লীগ'। 

এই  নিলাম ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। মহিলা ক্ৰিকেটাৰসকলে ২৬ জানুৱাৰীৰ সন্ধিয়া ৫ বজাৰ ভিতৰত নিজৰ পঞ্জীয়ন কৰিব লাগিব। বিচিচিআইয়ে এই সন্দৰ্ভত এখন তথ্যপূৰ্ণ পুস্তিকা মুকলি কৰিছে।

ল'ৰাৰ নিলামৰ সৰ্বনিম্ন মূল্যক 'বেছ প্ৰাইচ' বুলি কোৱা হয়। মহিলাৰ নিলামত সেইটো 'ৰিজাৰ্ভ প্ৰাইচ' হ'ব। যিসকলে ৰাষ্ট্ৰীয় দলৰ হৈ খেলিছে, তেওঁলোকৰ বাবে নিম্নতম মূল্য ৩০ লাখ টকা, ৪০ লাখ টকা আৰু ৫০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে, ৰাষ্ট্ৰীয় দলৰ হৈ আত্মপ্ৰকাশ নকৰা ক্ৰিকেটাৰসকলৰ নিম্নতম মূল্য ১০ লাখ আৰু ২০ লাখ টকা ৰখা হৈছে। যিসকল ক্ৰিকেটাৰে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব বিচাৰে তেওঁলোকে কেৱল ৰাজ্যিক সংস্থাৰ সহায়তহে কৰিব পাৰে।

যোৱা বছৰ ফেব্ৰুৱাৰীতেই তদানীন্তন  সভাপতি সৌৰভ গাংগুলীয়ে ২০২৩ চনত মহিলাৰ আই পি এল হোৱাৰ প্ৰতিশ্ৰুতি দিছিল। আগষ্ট মাহত খবৰ পোৱা গৈছিল যে বোৰ্ডে মাৰ্চ মাহত মহিলাৰ আই পি এল কৰিব বিচাৰে। এনেদৰেই মহিলাৰ ঘৰুৱা ক্ৰিকেটৰ তালিকা তৈয়াৰ কৰা হয়।

ইতিমধ্যে পুৰুষৰ আই পি এলৰ কেইবাটাও ফ্ৰেঞ্চাইজীয়ে মহিলা ক্ৰিকেটাৰসকলৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰিছে। ৰাজস্থান, মুম্বাই, কলকাতা, বেংগালুৰু, পঞ্জাৱৰ দৰে বহুতো দলে মহিলাটি-২০ লীগত দল ক্ৰয় কৰিবলৈ আগ্ৰহী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু