--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এৰ নিলাম ইতিমধ্যে শেষ হৈছে। শনিবাৰে পুনৰ আন এটা আইপিএলৰ নিলাম ঘোষণা কৰা হৈছে। মহিলা ক্ৰিকেটৰ আই পি এলৰ নীলাম ঘোষণা কৰা হৈছে ইতিমধ্যে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) মতে, মহিলা প্ৰতিযোগিতাখনৰ নাম হ'ব 'ৱমেন’ছ টি-২০ লীগ'। 

এই  নিলাম ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। মহিলা ক্ৰিকেটাৰসকলে ২৬ জানুৱাৰীৰ সন্ধিয়া ৫ বজাৰ ভিতৰত নিজৰ পঞ্জীয়ন কৰিব লাগিব। বিচিচিআইয়ে এই সন্দৰ্ভত এখন তথ্যপূৰ্ণ পুস্তিকা মুকলি কৰিছে।

ল'ৰাৰ নিলামৰ সৰ্বনিম্ন মূল্যক 'বেছ প্ৰাইচ' বুলি কোৱা হয়। মহিলাৰ নিলামত সেইটো 'ৰিজাৰ্ভ প্ৰাইচ' হ'ব। যিসকলে ৰাষ্ট্ৰীয় দলৰ হৈ খেলিছে, তেওঁলোকৰ বাবে নিম্নতম মূল্য ৩০ লাখ টকা, ৪০ লাখ টকা আৰু ৫০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে, ৰাষ্ট্ৰীয় দলৰ হৈ আত্মপ্ৰকাশ নকৰা ক্ৰিকেটাৰসকলৰ নিম্নতম মূল্য ১০ লাখ আৰু ২০ লাখ টকা ৰখা হৈছে। যিসকল ক্ৰিকেটাৰে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব বিচাৰে তেওঁলোকে কেৱল ৰাজ্যিক সংস্থাৰ সহায়তহে কৰিব পাৰে।

যোৱা বছৰ ফেব্ৰুৱাৰীতেই তদানীন্তন  সভাপতি সৌৰভ গাংগুলীয়ে ২০২৩ চনত মহিলাৰ আই পি এল হোৱাৰ প্ৰতিশ্ৰুতি দিছিল। আগষ্ট মাহত খবৰ পোৱা গৈছিল যে বোৰ্ডে মাৰ্চ মাহত মহিলাৰ আই পি এল কৰিব বিচাৰে। এনেদৰেই মহিলাৰ ঘৰুৱা ক্ৰিকেটৰ তালিকা তৈয়াৰ কৰা হয়।

ইতিমধ্যে পুৰুষৰ আই পি এলৰ কেইবাটাও ফ্ৰেঞ্চাইজীয়ে মহিলা ক্ৰিকেটাৰসকলৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰিছে। ৰাজস্থান, মুম্বাই, কলকাতা, বেংগালুৰু, পঞ্জাৱৰ দৰে বহুতো দলে মহিলাটি-২০ লীগত দল ক্ৰয় কৰিবলৈ আগ্ৰহী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক