--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ১০ জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰ ষ্টেডিয়ামত। ইফালে এদিনীয়া এই মেচখনৰ বাবে দৰ্শকৰ সহাৰিও অভূতপূৰ্ব। বিক্ৰী হৈছে ১০ হাজাৰ টিকট ইতিমধ্যে ৷ মেচ খনৰ সন্দৰ্ভত যান-বাহনৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে বিভিন্ন নিৰ্দেশনাও জাৰি কৰিছে । শনিবাৰে এখন সংবাদমেলৰ যোগে এই নিৰ্দেশাৱলী জাৰি কৰিছে।মহানগৰ যান-বাহন আৰক্ষীয়ে ১০ জানুৱাৰীৰ বাবে দিয়া বিশেষ পথ নিৰ্দেশনামূহ কি কি জানক- 

১) ১০ জানুৱাৰীত লখৰা চাৰিআলিৰ পৰা চাইকেল ফেক্টৰীলৈ ৱানৱে (one-way) হ’ব। 

2) ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান বাহন চলাব নোৱাৰিব

৩)  পুৱা ৭.৩০ বজাৰ পৰা নিশা ১১.৩০ বজালৈ ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন সমূহ চলাব নোৱাৰিব।

৪) খেল চাবলৈ যোৱা দৰ্শকে নিৰ্দিষ্ট পাৰ্কিঙত হে বাহন সমূহ ৰখাব লাগিব

আনহাতে ২০২২ বৰ্ষৰ অক্টোবৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা টি-২০ মেচখনৰ সময়ত খেলপথাৰত সাপ প্ৰৱেশ কৰাক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত মন্তব্য আগবঢ়াইছে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে। তেওঁ কয় যে এইবাৰ সাপৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এটা  এনজিঅ’ক দায়িত্ব দিয়া হৈছে। এনজিঅ'টোৰ নাম এণ্টি স্নেক এনজিঅ'।
\
সভাপতিগৰাকীয়ে উল্লেখ কৰা তথ্য অনুসৰি ৩৫ হাজাৰ টকাৰ বিনিময়ত এই এনজিঅ’টোক উক্ত দায়িত্ব দিয়া হৈছে। লগতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত অত্যধিক দামত খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল সেয়ে এইবাৰ তেনে  অভিযোগ উত্থাপন হ’লে প্ৰতিষ্ঠানক ব্লেক লিষ্টেড কৰিব বুলিও উল্লেখ কৰিছে অসম ক্ৰিকেট সন্থাই আৰু এই ক্ষেত্ৰত দৰ্শকসকলকো  সজাগ হ’বলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু