--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ১০ জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰ ষ্টেডিয়ামত। ইফালে এদিনীয়া এই মেচখনৰ বাবে দৰ্শকৰ সহাৰিও অভূতপূৰ্ব। বিক্ৰী হৈছে ১০ হাজাৰ টিকট ইতিমধ্যে ৷ মেচ খনৰ সন্দৰ্ভত যান-বাহনৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে বিভিন্ন নিৰ্দেশনাও জাৰি কৰিছে । শনিবাৰে এখন সংবাদমেলৰ যোগে এই নিৰ্দেশাৱলী জাৰি কৰিছে।মহানগৰ যান-বাহন আৰক্ষীয়ে ১০ জানুৱাৰীৰ বাবে দিয়া বিশেষ পথ নিৰ্দেশনামূহ কি কি জানক- 

১) ১০ জানুৱাৰীত লখৰা চাৰিআলিৰ পৰা চাইকেল ফেক্টৰীলৈ ৱানৱে (one-way) হ’ব। 

2) ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান বাহন চলাব নোৱাৰিব

৩)  পুৱা ৭.৩০ বজাৰ পৰা নিশা ১১.৩০ বজালৈ ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন সমূহ চলাব নোৱাৰিব।

৪) খেল চাবলৈ যোৱা দৰ্শকে নিৰ্দিষ্ট পাৰ্কিঙত হে বাহন সমূহ ৰখাব লাগিব

আনহাতে ২০২২ বৰ্ষৰ অক্টোবৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা টি-২০ মেচখনৰ সময়ত খেলপথাৰত সাপ প্ৰৱেশ কৰাক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত মন্তব্য আগবঢ়াইছে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে। তেওঁ কয় যে এইবাৰ সাপৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এটা  এনজিঅ’ক দায়িত্ব দিয়া হৈছে। এনজিঅ'টোৰ নাম এণ্টি স্নেক এনজিঅ'।
\
সভাপতিগৰাকীয়ে উল্লেখ কৰা তথ্য অনুসৰি ৩৫ হাজাৰ টকাৰ বিনিময়ত এই এনজিঅ’টোক উক্ত দায়িত্ব দিয়া হৈছে। লগতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত অত্যধিক দামত খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল সেয়ে এইবাৰ তেনে  অভিযোগ উত্থাপন হ’লে প্ৰতিষ্ঠানক ব্লেক লিষ্টেড কৰিব বুলিও উল্লেখ কৰিছে অসম ক্ৰিকেট সন্থাই আৰু এই ক্ষেত্ৰত দৰ্শকসকলকো  সজাগ হ’বলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক