--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনীতিৰ ক্ষেত্ৰ খনত এতিয়া ব্যক্তিগত আক্ৰমণে চৰম সীমা যেন অতিক্ৰম কৰিছে৷ ছোনিয়া গান্ধীক পাকিস্তানৰ গুপ্তচৰ আখ্যা দিয়াৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহাৰ সময়তে এইবাৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক ৰাৱণৰ সৈতে তুলনা কৰিছে৷ ৰাৱণ মন্তব্যৰ বাবেই কংগ্ৰেছে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল  কৰিছে।

শেহতীয়াকৈ এখন দলীয় সভাত  শ্বেখাৱতে  মুখ্যমন্ত্ৰী অশোক গেহলটক "ৰাজনীতিৰ ৰাৱণ" বুলি অভিহিত কৰিছিল। শ্বেখাৱতৰ মন্তব্যই  ৰাজস্থানত ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে। কংগ্ৰেছ নেতা তথা  প্ৰাক্তন বিধায়ক সুৰেন্দ্ৰ সিং জাদাৱতে চিতোৰগড়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ  বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰাৰ বাবেও আৰক্ষীক হেঁচা দিয়া বুলি বিভিন্ন জনে মন্তব্য কৰিছে৷ 

মৰুভূমি ৰাজ্য খনৰ  ৰাজনীতিত শ্বেখাৱত-গেহলটৰ বিবাদ নতুন নহয়। কেইদিনমান আগতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী গেহলটে  শ্বেখাৱতৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে সঞ্জীৱনী ক্ৰেডিট সমবায় সমিতি কেলেংকাৰীৰ সৈতে শ্বেখাৱত  জড়িত আছিল। শ্বেখাৱতে এনে মন্তব্যৰ বাবে  গেহলটৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

২৭ এপ্ৰিলত বিজেপিৰ এক ৰেলীত দিয়া ভাষণত শ্বেখাৱতে গেহলটক "ৰাজনীতিৰ ৰাৱণ" বুলি অভিহিত কৰিছিল। ইয়াৰ ঠিক পিছতে, কংগ্ৰেছ নেতা সুৰেন্দ্ৰ সিং জাদাৱতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে  "বেয়া ভাষা" ব্যৱহাৰ কৰাৰ অভিযোগ তুলি চিতোৰগড়ত এখন এজাহাৰ দাখিল কৰে।সুৰেন্দ্ৰ সিং জাদাৱতে দাবী কৰিছে  যে কেন্দ্ৰীয় মন্ত্ৰীজনে ধৰ্মীয় অনুভূতিত আঘাত হানি  ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে৷ তেওঁ জনপ্ৰিয় মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপনকৰিছে। শ্বেখাৱতে ঘৃণামূলক ভাষণ দিছে আৰু ৰাজ্য চৰকাৰক অপমান কৰিছে। তেওঁ মুখ্যমন্ত্ৰীক  'ৰাজনীতিৰ ৰাৱণ' বুলি অভিহিত কৰি তেওঁক বদনাম কৰিছে। ’’
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে