--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনীতিৰ ক্ষেত্ৰ খনত এতিয়া ব্যক্তিগত আক্ৰমণে চৰম সীমা যেন অতিক্ৰম কৰিছে৷ ছোনিয়া গান্ধীক পাকিস্তানৰ গুপ্তচৰ আখ্যা দিয়াৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহাৰ সময়তে এইবাৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক ৰাৱণৰ সৈতে তুলনা কৰিছে৷ ৰাৱণ মন্তব্যৰ বাবেই কংগ্ৰেছে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল  কৰিছে।

শেহতীয়াকৈ এখন দলীয় সভাত  শ্বেখাৱতে  মুখ্যমন্ত্ৰী অশোক গেহলটক "ৰাজনীতিৰ ৰাৱণ" বুলি অভিহিত কৰিছিল। শ্বেখাৱতৰ মন্তব্যই  ৰাজস্থানত ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে। কংগ্ৰেছ নেতা তথা  প্ৰাক্তন বিধায়ক সুৰেন্দ্ৰ সিং জাদাৱতে চিতোৰগড়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ  বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰাৰ বাবেও আৰক্ষীক হেঁচা দিয়া বুলি বিভিন্ন জনে মন্তব্য কৰিছে৷ 

মৰুভূমি ৰাজ্য খনৰ  ৰাজনীতিত শ্বেখাৱত-গেহলটৰ বিবাদ নতুন নহয়। কেইদিনমান আগতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী গেহলটে  শ্বেখাৱতৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে সঞ্জীৱনী ক্ৰেডিট সমবায় সমিতি কেলেংকাৰীৰ সৈতে শ্বেখাৱত  জড়িত আছিল। শ্বেখাৱতে এনে মন্তব্যৰ বাবে  গেহলটৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

২৭ এপ্ৰিলত বিজেপিৰ এক ৰেলীত দিয়া ভাষণত শ্বেখাৱতে গেহলটক "ৰাজনীতিৰ ৰাৱণ" বুলি অভিহিত কৰিছিল। ইয়াৰ ঠিক পিছতে, কংগ্ৰেছ নেতা সুৰেন্দ্ৰ সিং জাদাৱতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে  "বেয়া ভাষা" ব্যৱহাৰ কৰাৰ অভিযোগ তুলি চিতোৰগড়ত এখন এজাহাৰ দাখিল কৰে।সুৰেন্দ্ৰ সিং জাদাৱতে দাবী কৰিছে  যে কেন্দ্ৰীয় মন্ত্ৰীজনে ধৰ্মীয় অনুভূতিত আঘাত হানি  ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে৷ তেওঁ জনপ্ৰিয় মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপনকৰিছে। শ্বেখাৱতে ঘৃণামূলক ভাষণ দিছে আৰু ৰাজ্য চৰকাৰক অপমান কৰিছে। তেওঁ মুখ্যমন্ত্ৰীক  'ৰাজনীতিৰ ৰাৱণ' বুলি অভিহিত কৰি তেওঁক বদনাম কৰিছে। ’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈ শোধনাগাৰত কৰ্মৰত অৱস্থাত ঠিকাভিত্তিক শ্ৰমিক পৰেশ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যু
ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চিলনী চোৰ মহিদুল ইছলামক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ
শাসক লেবাৰ পাৰ্টিৰ ৰাজনৈতিক বিপর্যয়, গাদী হেৰুৱাব পাৰে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই