--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত ইটোৰ পিছত সিটোকৈ মহা মূল্যৱান প্ৰাকৃতিক সম্পদ আৱিষ্কাৰ হোৱাৰ কথাই এতিয়া আনন্দিত কৰি তুলিছে বহুতকে৷ চাৰি মাহৰ ব্যৱধানত দেশত  পুনৰ 'বগা সোণ' পোৱা গৈছে। জম্মু আৰু কাশ্মীৰৰ পিছত এইবাৰ ৰাজস্থানতো 'বগা সোণ' হিচাবে পৰিচিত  লিথিয়াম পোৱা গৈছে৷  এই আৱিষ্কাৰ  নিঃসন্দেহে ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ 

ৰাজস্থানৰ ডেগানা অঞ্চলত এটা লিথিয়ামৰ খনি পোৱা গৈছে বুলি ৰাজস্থান চৰকাৰৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে৷  ৰাজস্থানত পোৱা লিথিয়ামৰ সঠিক পৰিমাণ এতিয়াও  জানিব পৰা হোৱা নাই। ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ তথ্য  অনুসৰি, ফেব্ৰুৱাৰীত জম্মু আৰু কাশ্মীৰত পোৱাতকৈ ৰাজস্থানত অধিক লিথিয়াম পোৱা যাব পাৰে বুলি ন্শ্চিত কৰা হৈছে৷ 

ফেব্ৰুৱাৰী মাহত, ভাৰতীয় ভূতাত্ত্বিক জৰীপে জম্মু আৰু কাশ্মীৰৰ ৰিয়াচি জিলাৰ চালাল-হাইমানা অঞ্চলত লিথিয়াম জমা থকাৰ কথা নিশ্চিত কৰিছিল৷ এই মূল্যৱান সামগ্ৰী বিধ দেশৰ ভিতৰত  প্ৰথমবাৰৰ বাবে জম্মু আৰু কাশ্মীৰত পোৱা গৈছিল।

চৰকাৰী বিষয়াসকলে দাবী কৰিছে যে ৰাজস্থানত পোৱা লিথিয়ামৰ পৰিমাণে দেশৰ চাহিদাৰ ৮০ শতাংশতকৈও অধিক পূৰণ কৰিব পাৰিব।খনি মন্ত্ৰালয়ে কৈছে যে জম্মু আৰু কাশ্মীৰত ৫৯ লাখ টন লিথিয়াম পোৱা গৈছে। লিথিয়ামক 'বগা সোণ' বুলি কোৱা হয়৷ 

উল্লেখ্য  সোণ হৈছে এক মূল্যৱান সামগ্ৰী। লিথিয়ামৰ মূল্যও পিছে কম নহয়৷ ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বাবে লিথিয়াম  এক 'অমূল্য ৰত্ন' । স্মাৰ্টফোন, লেপটপত ব্যৱহৃত ৰিচাৰ্জেবল বেটাৰীৰ  এক মুখ্য উপাদান হৈছে লিথিয়াম। কেৱল সেয়াই নহয়, বৈদ্যুতিক গাড়ীতো লিথিয়ামৰ প্ৰয়োজন হয়৷ । 


কেন্দ্ৰই প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দেশত বৈদ্যুতিক বাহনৰ অধিক প্ৰচলনত  জোৰ দি আছে। আৰু এনে গাড়ীৰ বাবে প্ৰয়োজন হোৱা বেটাৰীটো হৈছে লিথিয়াম-আয়ন বেটাৰী।সেয়ে ৰাজস্থানত লিথিয়ামৰ খনি আৱিষ্কাৰ হোৱা খবৰটো এক ইতিবাচক খবৰ হৈ পৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে