--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত ইটোৰ পিছত সিটোকৈ মহা মূল্যৱান প্ৰাকৃতিক সম্পদ আৱিষ্কাৰ হোৱাৰ কথাই এতিয়া আনন্দিত কৰি তুলিছে বহুতকে৷ চাৰি মাহৰ ব্যৱধানত দেশত  পুনৰ 'বগা সোণ' পোৱা গৈছে। জম্মু আৰু কাশ্মীৰৰ পিছত এইবাৰ ৰাজস্থানতো 'বগা সোণ' হিচাবে পৰিচিত  লিথিয়াম পোৱা গৈছে৷  এই আৱিষ্কাৰ  নিঃসন্দেহে ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ 

ৰাজস্থানৰ ডেগানা অঞ্চলত এটা লিথিয়ামৰ খনি পোৱা গৈছে বুলি ৰাজস্থান চৰকাৰৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে৷  ৰাজস্থানত পোৱা লিথিয়ামৰ সঠিক পৰিমাণ এতিয়াও  জানিব পৰা হোৱা নাই। ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ তথ্য  অনুসৰি, ফেব্ৰুৱাৰীত জম্মু আৰু কাশ্মীৰত পোৱাতকৈ ৰাজস্থানত অধিক লিথিয়াম পোৱা যাব পাৰে বুলি ন্শ্চিত কৰা হৈছে৷ 

ফেব্ৰুৱাৰী মাহত, ভাৰতীয় ভূতাত্ত্বিক জৰীপে জম্মু আৰু কাশ্মীৰৰ ৰিয়াচি জিলাৰ চালাল-হাইমানা অঞ্চলত লিথিয়াম জমা থকাৰ কথা নিশ্চিত কৰিছিল৷ এই মূল্যৱান সামগ্ৰী বিধ দেশৰ ভিতৰত  প্ৰথমবাৰৰ বাবে জম্মু আৰু কাশ্মীৰত পোৱা গৈছিল।

চৰকাৰী বিষয়াসকলে দাবী কৰিছে যে ৰাজস্থানত পোৱা লিথিয়ামৰ পৰিমাণে দেশৰ চাহিদাৰ ৮০ শতাংশতকৈও অধিক পূৰণ কৰিব পাৰিব।খনি মন্ত্ৰালয়ে কৈছে যে জম্মু আৰু কাশ্মীৰত ৫৯ লাখ টন লিথিয়াম পোৱা গৈছে। লিথিয়ামক 'বগা সোণ' বুলি কোৱা হয়৷ 

উল্লেখ্য  সোণ হৈছে এক মূল্যৱান সামগ্ৰী। লিথিয়ামৰ মূল্যও পিছে কম নহয়৷ ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বাবে লিথিয়াম  এক 'অমূল্য ৰত্ন' । স্মাৰ্টফোন, লেপটপত ব্যৱহৃত ৰিচাৰ্জেবল বেটাৰীৰ  এক মুখ্য উপাদান হৈছে লিথিয়াম। কেৱল সেয়াই নহয়, বৈদ্যুতিক গাড়ীতো লিথিয়ামৰ প্ৰয়োজন হয়৷ । 


কেন্দ্ৰই প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দেশত বৈদ্যুতিক বাহনৰ অধিক প্ৰচলনত  জোৰ দি আছে। আৰু এনে গাড়ীৰ বাবে প্ৰয়োজন হোৱা বেটাৰীটো হৈছে লিথিয়াম-আয়ন বেটাৰী।সেয়ে ৰাজস্থানত লিথিয়ামৰ খনি আৱিষ্কাৰ হোৱা খবৰটো এক ইতিবাচক খবৰ হৈ পৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ