--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাজ নগৰী আগ্ৰাত বান্দৰ আৰু ৰাজহাঁহৰ আতংক এতিয়াও শেষ হোৱা নাই। ক্ৰমাৎ বৃদ্ধি পোৱা গৰমৰ লগতে বান্দৰ আৰু হাঁহবোৰ অধিক আক্ৰমণাত্মক হৈ পৰিছে, যাৰ বাবে ইহঁতে বাটত মানুহক আক্ৰমণ কৰিবলৈ লৈছে। শেহতীয়াকৈ তাজমহল চাবলৈ অহা এগৰাকী ৰাছিয়ান পৰ্যটকক এটা বান্দৰে আক্ৰমণ কৰি আহত কৰে।

দেওবাৰে তাজমহল দৰ্শন কৰিবলৈ আগ্ৰাত উপস্থিত হোৱা এজন ৰাছিয়ান পৰ্যটকক বান্দৰে আক্ৰমণ কৰে। বান্দৰটোৱে ৰাছিয়ান মহিলাগৰাকীৰ ওপৰত আক্ৰমণ চলাই হাতখনত কামোৰ মাৰে। মহিলাগৰাকীয়ে ঘটনাটোত হুলস্থূল লগালে। বান্দৰৰ আক্ৰমণত আহত হোৱাৰ পাছত লগে লগে তেওঁক আগ্ৰা জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়, লগতে তেওঁক জলাতংক ৰোগৰ ভেকচিনো দিয়া হয়।

আগ্ৰাৰ তাজমহল কমপ্লেক্সত বিদেশী পৰ্যটকক বান্দৰে আক্ৰমণ কৰাৰ এয়া প্ৰথম ঘটনা নহয়। বহু সময়ত বান্দৰ বা হাঁহে ইয়াত পৰ্যটকক লক্ষ্য কৰি লৈছে। য’ত বিদেশী পৰ্যটক বহুবাৰ আহত হৈছে।

প্ৰেমৰ প্ৰতীক বুলি কোৱা বগা মাৰ্বলৰে নিৰ্মিত এক সুন্দৰ অট্টালিকা তাজমহল চাবলৈ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আগ্ৰাত উপস্থিত হয়। প্ৰতিদিনে বৃহৎ সংখ্যক পৰ্যটকে ইয়াৰ তাজ ভ্ৰমণ কৰে যদিও বান্দৰৰ আতংকই তেওঁলোকক অশান্তি দিয়ে। এই ক্ষেত্ৰত প্ৰশাসন ব্যৰ্থ হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে