--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাজ নগৰী আগ্ৰাত বান্দৰ আৰু ৰাজহাঁহৰ আতংক এতিয়াও শেষ হোৱা নাই। ক্ৰমাৎ বৃদ্ধি পোৱা গৰমৰ লগতে বান্দৰ আৰু হাঁহবোৰ অধিক আক্ৰমণাত্মক হৈ পৰিছে, যাৰ বাবে ইহঁতে বাটত মানুহক আক্ৰমণ কৰিবলৈ লৈছে। শেহতীয়াকৈ তাজমহল চাবলৈ অহা এগৰাকী ৰাছিয়ান পৰ্যটকক এটা বান্দৰে আক্ৰমণ কৰি আহত কৰে।

দেওবাৰে তাজমহল দৰ্শন কৰিবলৈ আগ্ৰাত উপস্থিত হোৱা এজন ৰাছিয়ান পৰ্যটকক বান্দৰে আক্ৰমণ কৰে। বান্দৰটোৱে ৰাছিয়ান মহিলাগৰাকীৰ ওপৰত আক্ৰমণ চলাই হাতখনত কামোৰ মাৰে। মহিলাগৰাকীয়ে ঘটনাটোত হুলস্থূল লগালে। বান্দৰৰ আক্ৰমণত আহত হোৱাৰ পাছত লগে লগে তেওঁক আগ্ৰা জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়, লগতে তেওঁক জলাতংক ৰোগৰ ভেকচিনো দিয়া হয়।

আগ্ৰাৰ তাজমহল কমপ্লেক্সত বিদেশী পৰ্যটকক বান্দৰে আক্ৰমণ কৰাৰ এয়া প্ৰথম ঘটনা নহয়। বহু সময়ত বান্দৰ বা হাঁহে ইয়াত পৰ্যটকক লক্ষ্য কৰি লৈছে। য’ত বিদেশী পৰ্যটক বহুবাৰ আহত হৈছে।

প্ৰেমৰ প্ৰতীক বুলি কোৱা বগা মাৰ্বলৰে নিৰ্মিত এক সুন্দৰ অট্টালিকা তাজমহল চাবলৈ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আগ্ৰাত উপস্থিত হয়। প্ৰতিদিনে বৃহৎ সংখ্যক পৰ্যটকে ইয়াৰ তাজ ভ্ৰমণ কৰে যদিও বান্দৰৰ আতংকই তেওঁলোকক অশান্তি দিয়ে। এই ক্ষেত্ৰত প্ৰশাসন ব্যৰ্থ হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ