--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসন্মুখত ২০২৪ৰ লোকসভা নিৰ্বাচন৷ সংসদত বিৰোধিতাও শেষ । সেয়ে ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ মুম্বাইৰ বৈঠক বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ লক্ষ্য হৈছে সমন্বয় প্ৰক্ৰিয়াটো সুদৃঢড় কৰাৰ বাবে প্ৰয়োজনীয় সমিতি গঠন কৰা। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জড়িয়তে  কেনেদৰে প্ৰভাৱ বৃদ্ধি কৰিব পাৰি সেই বিষয়তো  বিতংভাবে আলোচনা কৰা হ'ব। ইয়াৰ মাজতে বিৰোধী নেতাসকলে নিজৰ মাজত বিভিন্ন বিষয়কলৈ আলোচনা অব্যাহত ৰাখিব।

ৰাজ্যসভাৰ টিএমচি নেতা ডেৰেক অ'ব্ৰায়েনে কয়, "পৰৱৰ্তী শীতকালীন অধিৱেশনত আমাৰ প্ৰতিবাদৰ শক্তি দহগুণ বৃদ্ধি পাব। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ শীতকালীন অধিৱেশনত উত্থাপন কৰা হ'ব। 'ইণ্ডিয়া' মিত্ৰজোঁটৰ  সংশ্লিষ্ট সমিতিয়ে এই প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰিছে বুলি বিশেষ  সূত্ৰই জনাইছে।

বিৰোধী মিত্ৰজোঁটৰ সূত্ৰই কৈছে যে বিৰোধীৰ ৰণকৌশল অতি সোনকালে নিৰ্ধাৰণ কৰাৰ চেষ্টা কৰা হ'ব , কিয়নো হাতত বেছি সময় নাই। 

 বিহাৰ, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত জেডি(ইউ)-আৰজেডি, শিৱসেনা আৰু ডিএমকেয়ে 'ইণ্ডিয়া'ৰ নেতৃত্ব দিব। কিন্তু কেৰালা, দিল্লী বা পশ্চিম বংগৰ দৰে ৰাজ্যত (য'ত 'ইণ্ডিয়া'ৰ সদস্যসকলে ইজনে সিজনৰ সৈতে যুদ্ধ কৰি আছে), কেনেদৰে আগবাঢ়িব লাগে সেয়া চূড়ান্ত কৰাৰ চেষ্টা চলোৱা  হ'ব। ইণ্ডিয়াৰ  নিজা টুইটাৰ হেণ্ডেল আৰু সামাজিক মাধ্যমৰ অন্যান্য ক্ষেত্ৰত এটা সাধাৰণ একাউণ্ট থাকিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস