--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ এখন অত্যাধুনিক যুদ্ধ বিমান মিগ ২৯ৰ আধুনিকীকৰণৰ কাম কেইবা বছৰ আগতে আৰম্ভ হৈছিল। এতিয়া সেয়া সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াৰ পিছতে ভাৰতীয় বায়ু সেনাই কাশ্মীৰ-লাডাখ সীমান্তত  মিগ-২৯ যুঁজাৰু বিমান মোতায়েন কৰা আৰম্ভ কৰিছে। 


চীন আৰু পাকিস্তানৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবলৈ শ্ৰীনগৰ এয়াৰবেছত নতুন মিগ-২৯ ৰ এটা স্কোয়াড্ৰন মোতায়েন কৰা হৈছে।উন্নত মিগ-২৯ বিমান শ্ৰীনগৰত নিয়োজিত ট্ৰাইডেণ্টছ স্কোয়াড্ৰনক হস্তান্তৰ কৰা হৈছে বুলি  আইএএফৰ সূত্ৰই প্ৰকাশ কৰিছে। এতিয়ালৈকে, 'উত্তৰৰ ৰক্ষক' বুলি জনাজাত স্কোয়াড্ৰনে ১৯৬০ ৰ দশকত নিৰ্মিত ৰাছিয়াৰ যুঁজাৰু বিমান মিগ-২১ ব্যৱহাৰ কৰি আহিছিল।

ভাৰতীয় বায়ু সেনাৰ পাইলট স্কোয়াড্ৰন লিডাৰ বিপুল শৰ্মাই সংবাদ সংস্থাক জনোৱা মতে কৌশলগত অৱস্থানৰ বাবে শ্ৰীনগৰ বায়ু সেনা ঘাটিৰ পৰা দুয়োটা সীমা নিৰীক্ষণ কৰা সম্ভৱ। "আধুনিক মিগ-২৯ৰ সহায়ত আমি দুয়োটা দিশতে শত্ৰুৰ মুখামুখি হ'বলৈ সক্ষম হ'ম। ''প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি  আধুনিকীকৰণৰ পিছত, মিগ-২৯  যুঁজাৰু বিমানবোৰ এতিয়া আগতকৈ অধিক বিপদমুক্ত  হৈ পৰিছে। 

ৰাছিয়াত নিৰ্মিত যুঁজাৰু বিমানখনত  মৈাজআকাশতে  ইন্ধন ভৰাব পৰা যায়৷   মিগ-২৯ এতিয়া অত্যাধুনিক মিছাইল কঢ়িয়াই নিবলৈ সক্ষম হৈ উঠিছে আৰু একে সময়তে বিভিন্ন দিশত আক্ৰমণো কৰিবলৈ সক্ষম। বায়ু সেনাৰ এই  বিমান খনৰ আধুনিকীকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ আকাশ এতিয়া আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে। নতুন মিগ-২৯ যুঁজাৰু বিমানৰ প্ৰথম ঠিকনা আছিল জলন্ধৰৰ আদমপুৰ বায়ু সেনা ঘাটিত। এইবাৰ এই বিমান শ্ৰীনগৰলৈও আহিল৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস