--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ এখন অত্যাধুনিক যুদ্ধ বিমান মিগ ২৯ৰ আধুনিকীকৰণৰ কাম কেইবা বছৰ আগতে আৰম্ভ হৈছিল। এতিয়া সেয়া সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াৰ পিছতে ভাৰতীয় বায়ু সেনাই কাশ্মীৰ-লাডাখ সীমান্তত  মিগ-২৯ যুঁজাৰু বিমান মোতায়েন কৰা আৰম্ভ কৰিছে। 


চীন আৰু পাকিস্তানৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবলৈ শ্ৰীনগৰ এয়াৰবেছত নতুন মিগ-২৯ ৰ এটা স্কোয়াড্ৰন মোতায়েন কৰা হৈছে।উন্নত মিগ-২৯ বিমান শ্ৰীনগৰত নিয়োজিত ট্ৰাইডেণ্টছ স্কোয়াড্ৰনক হস্তান্তৰ কৰা হৈছে বুলি  আইএএফৰ সূত্ৰই প্ৰকাশ কৰিছে। এতিয়ালৈকে, 'উত্তৰৰ ৰক্ষক' বুলি জনাজাত স্কোয়াড্ৰনে ১৯৬০ ৰ দশকত নিৰ্মিত ৰাছিয়াৰ যুঁজাৰু বিমান মিগ-২১ ব্যৱহাৰ কৰি আহিছিল।

ভাৰতীয় বায়ু সেনাৰ পাইলট স্কোয়াড্ৰন লিডাৰ বিপুল শৰ্মাই সংবাদ সংস্থাক জনোৱা মতে কৌশলগত অৱস্থানৰ বাবে শ্ৰীনগৰ বায়ু সেনা ঘাটিৰ পৰা দুয়োটা সীমা নিৰীক্ষণ কৰা সম্ভৱ। "আধুনিক মিগ-২৯ৰ সহায়ত আমি দুয়োটা দিশতে শত্ৰুৰ মুখামুখি হ'বলৈ সক্ষম হ'ম। ''প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি  আধুনিকীকৰণৰ পিছত, মিগ-২৯  যুঁজাৰু বিমানবোৰ এতিয়া আগতকৈ অধিক বিপদমুক্ত  হৈ পৰিছে। 

ৰাছিয়াত নিৰ্মিত যুঁজাৰু বিমানখনত  মৈাজআকাশতে  ইন্ধন ভৰাব পৰা যায়৷   মিগ-২৯ এতিয়া অত্যাধুনিক মিছাইল কঢ়িয়াই নিবলৈ সক্ষম হৈ উঠিছে আৰু একে সময়তে বিভিন্ন দিশত আক্ৰমণো কৰিবলৈ সক্ষম। বায়ু সেনাৰ এই  বিমান খনৰ আধুনিকীকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ আকাশ এতিয়া আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে। নতুন মিগ-২৯ যুঁজাৰু বিমানৰ প্ৰথম ঠিকনা আছিল জলন্ধৰৰ আদমপুৰ বায়ু সেনা ঘাটিত। এইবাৰ এই বিমান শ্ৰীনগৰলৈও আহিল৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন