--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ পিছৰে পৰা খালী হৈ থকা ৰাজ্যসভাৰ আসনখনৰ বাবে প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰা হৈছে তেওঁৰ। উল্লেখ্য যে ৰাজ্যসভাৰ উপ- নিৰ্বাচন অনুষ্ঠিত হ’ব ৪ অক্টোৱৰত।


শনিবাৰে বিজেপিয়ে সোণোৱালৰ লগতে প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰে এল মুৰুগানৰো।মধ্যপ্ৰদেশৰ আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুৰুগান বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ কনিষ্ঠ মন্ত্ৰী। দুয়োকে ৭ জুলাইত কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়া হৈছিল।


৪ অক্টোৱৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ’ল ২২ ছেপ্টেম্বৰ।নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ খালী আসন আৰু নিৰ্বাচন সম্পৰ্কে সবিশেষ তথ্য সদৰি কৰিছিল ৭ ছেপ্টেম্বৰত। উল্লেখ্য যে ৰাজ্যসভাৰ ছয়খন আসন খালী হৈ আছে। ইয়াৰে দুখন আসন তামিলনাডুৰ, এখন পশ্চিম বংগৰ,এখন মধ্য প্ৰদেশ আৰু এখন মহাৰাষ্ট্ৰৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ