--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কানহায়া কুমাৰকনো কোনে পাহৰিব পাৰে? দেশৰ মোদী বিৰোধী শক্তিৰ অন্যতম প্ৰতিভূত পৰিণত হৈছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এইগৰাকী ছাত্ৰনেতা। নিজৰ অগ্নিবৰ্ষী ভাষণেৰে তেওঁ সাময়িকভাৱে হ’লেও প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল দেশৰ যুৱ প্ৰজন্মক। দেশদ্ৰোহৰ গোচৰতো অভিযুক্ত হোৱা কানহায়া কুমাৰ এসময়ত দেশৰ ৰাজনীতিৰ অতি চৰ্চিত আৰু বিতৰ্কিত নামত পৰিণত হৈছিল। এইগৰাকী কানহায়া কুমাৰ এইবাৰ পুনৰ চৰ্চাৰ কেন্দ্ৰলৈ আহিছে। অৱশ্যে এইবাৰ কোনো বিতৰ্কৰ কেন্দ্ৰ হৈ নহয়, এইবাৰ দল সলনিৰ প্ৰসংগেৰে চৰ্চালৈ আহিছে কানহায়া কুমাৰ।

শেহতীয়া জল্পনা-কল্পনা অনুসৰি কানহায়াই কংগ্ৰেছত যোগ দিবলৈ সাজু হৈছে। জ্যেতিৰাদিত্য সিন্ধিয়াৰ পৰা সুস্মিতা দেবলৈ ৰাহুল গান্ধীৰ ‘য়ুথ ব্ৰিগেড’ৰ ভালেমান উইকেট পতনৰ পাছত নতুন মুখৰ আমদানিৰ কথা তেওঁ ভাবিবলৈ বাধ্য হৈ পৰিছে নেতাগৰাকী। এই তালিকাৰ প্ৰথমতে কানহায়া কুমাৰৰ নাম আছে। তদুপৰি গুজৰাটৰ নিৰ্দলীয় বিধায়ক তথা মোদী বিৰোধী শিবিৰৰ শক্তিশালী নেতা জিগনেশ মেৱানীয়েও কংগ্ৰেছত যোগ দিব বুলি চৰ্চা চলিছে। মন কৰিবলগীয়া যে, জেএনইউ কেম্পাছ ত্যাগৰ পাছত কানহায়া কুমাৰে যোগ দিছিল বাও শিবিৰত। কিন্তু ‘আজাদীৰ স্বপ্ন’ দেখুৱাই দেশৰ যুৱ সমাজক উদ্বুদ্ধ কৰা কানহায়াৰ নিজৰে আজাদীৰ স্বপ্ন পূৰণ নহ’ল চিপিআই দলত। তেওঁ লোকসভা নিৰ্বাচনত পৰাজিত হোৱাই নহয়, তেওঁৰ কামৰ ধৰণ-কৰণৰ বাবে তেওঁ দলৰ পৰা বহিষ্কৃত হ’বলগীয়াও হৈছিল। তাৰ পাছৰ পৰাই বাও দলৰে দূৰত্ব বৃদ্ধি পায় যুৱনেতাজনৰ। আৰু এতিয়া তেওঁ কংগ্ৰেছত যোগ দিয়াৰ জল্পনা তুংগত উঠিছে।

কানহায়া কুমাৰ

যোৱা মঙলবাৰে কানহায়াই কংগ্ৰেছৰ অঘোষিত সেনাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰে। তাৰ পাছৰে পৰা এই সম্পৰ্কীয় আলোচনাই তীব্ৰতা লাভ কৰিছে। একাংশই দাবী কৰিছে যে, প্ৰশান্ত কিশোৰৰ পৰামৰ্শমতেই কানহায়া কুমাৰক কংগ্ৰেছলৈ ৰঙা দলিচা পাৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। কংগ্ৰেছে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন তথা ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ইতিমধ্যে প্ৰস্তুতি চলাই আছে। এই পৰিকল্পনাৰ অংশ হিচাপেই কানহায়া বা জিগনেশ মেৱানীক কংগ্ৰেছলৈ স্বাগতম জনোৱাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কানহায়া কুমাৰৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰাৰ চেষ্টা চলাব পাৰে কংগ্ৰেছে।

কানহায়া কুমাৰ

এই সম্পৰ্কত চিপিআই নেতৃত্ব বা খোদ কানহায়াই কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই যদিও শীঘ্ৰেই দেশৰ ৰাজনীতিত এনে এক পৰিৱৰ্তন খবৰে আলোড়ন তোলাৰ সম্ভাৱনা আছে। কিয়নো কংগ্ৰেছে এই কথা অস্বীকাৰ কৰা নাই। কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতাই প্ৰকাশ কৰিছে যে, কানহায়াক বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়তে কংগ্ৰেছলৈ অনাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছিল যদিও তেতিয়া কিছুমান কথাত মতৰ অমিল হৈছিল। এতিয়া পুনৰ আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৱশ্যে কেতিয়া বা কি ৰূপত তেওঁ কংগ্ৰেছত যোগ দিব সেইকথা এতিয়াও নিশ্চিত হোৱা নাই। এতিয়া প্ৰশ্ন হ’ল কংগ্ৰেছত যোগ দিলেও গান্ধী পৰিয়ালৰ ছত্ৰছায়াত কানহায়াৰ ৰাজনৈতিক জীৱনৰ ‘আজাদী’ ৰক্ষা হ’ব নে নাই সেয়া সময়তেহে বুজা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু