--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কানহায়া কুমাৰকনো কোনে পাহৰিব পাৰে? দেশৰ মোদী বিৰোধী শক্তিৰ অন্যতম প্ৰতিভূত পৰিণত হৈছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এইগৰাকী ছাত্ৰনেতা। নিজৰ অগ্নিবৰ্ষী ভাষণেৰে তেওঁ সাময়িকভাৱে হ’লেও প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল দেশৰ যুৱ প্ৰজন্মক। দেশদ্ৰোহৰ গোচৰতো অভিযুক্ত হোৱা কানহায়া কুমাৰ এসময়ত দেশৰ ৰাজনীতিৰ অতি চৰ্চিত আৰু বিতৰ্কিত নামত পৰিণত হৈছিল। এইগৰাকী কানহায়া কুমাৰ এইবাৰ পুনৰ চৰ্চাৰ কেন্দ্ৰলৈ আহিছে। অৱশ্যে এইবাৰ কোনো বিতৰ্কৰ কেন্দ্ৰ হৈ নহয়, এইবাৰ দল সলনিৰ প্ৰসংগেৰে চৰ্চালৈ আহিছে কানহায়া কুমাৰ।

শেহতীয়া জল্পনা-কল্পনা অনুসৰি কানহায়াই কংগ্ৰেছত যোগ দিবলৈ সাজু হৈছে। জ্যেতিৰাদিত্য সিন্ধিয়াৰ পৰা সুস্মিতা দেবলৈ ৰাহুল গান্ধীৰ ‘য়ুথ ব্ৰিগেড’ৰ ভালেমান উইকেট পতনৰ পাছত নতুন মুখৰ আমদানিৰ কথা তেওঁ ভাবিবলৈ বাধ্য হৈ পৰিছে নেতাগৰাকী। এই তালিকাৰ প্ৰথমতে কানহায়া কুমাৰৰ নাম আছে। তদুপৰি গুজৰাটৰ নিৰ্দলীয় বিধায়ক তথা মোদী বিৰোধী শিবিৰৰ শক্তিশালী নেতা জিগনেশ মেৱানীয়েও কংগ্ৰেছত যোগ দিব বুলি চৰ্চা চলিছে। মন কৰিবলগীয়া যে, জেএনইউ কেম্পাছ ত্যাগৰ পাছত কানহায়া কুমাৰে যোগ দিছিল বাও শিবিৰত। কিন্তু ‘আজাদীৰ স্বপ্ন’ দেখুৱাই দেশৰ যুৱ সমাজক উদ্বুদ্ধ কৰা কানহায়াৰ নিজৰে আজাদীৰ স্বপ্ন পূৰণ নহ’ল চিপিআই দলত। তেওঁ লোকসভা নিৰ্বাচনত পৰাজিত হোৱাই নহয়, তেওঁৰ কামৰ ধৰণ-কৰণৰ বাবে তেওঁ দলৰ পৰা বহিষ্কৃত হ’বলগীয়াও হৈছিল। তাৰ পাছৰ পৰাই বাও দলৰে দূৰত্ব বৃদ্ধি পায় যুৱনেতাজনৰ। আৰু এতিয়া তেওঁ কংগ্ৰেছত যোগ দিয়াৰ জল্পনা তুংগত উঠিছে।

কানহায়া কুমাৰ

যোৱা মঙলবাৰে কানহায়াই কংগ্ৰেছৰ অঘোষিত সেনাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰে। তাৰ পাছৰে পৰা এই সম্পৰ্কীয় আলোচনাই তীব্ৰতা লাভ কৰিছে। একাংশই দাবী কৰিছে যে, প্ৰশান্ত কিশোৰৰ পৰামৰ্শমতেই কানহায়া কুমাৰক কংগ্ৰেছলৈ ৰঙা দলিচা পাৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। কংগ্ৰেছে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন তথা ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ইতিমধ্যে প্ৰস্তুতি চলাই আছে। এই পৰিকল্পনাৰ অংশ হিচাপেই কানহায়া বা জিগনেশ মেৱানীক কংগ্ৰেছলৈ স্বাগতম জনোৱাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কানহায়া কুমাৰৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰাৰ চেষ্টা চলাব পাৰে কংগ্ৰেছে।

কানহায়া কুমাৰ

এই সম্পৰ্কত চিপিআই নেতৃত্ব বা খোদ কানহায়াই কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই যদিও শীঘ্ৰেই দেশৰ ৰাজনীতিত এনে এক পৰিৱৰ্তন খবৰে আলোড়ন তোলাৰ সম্ভাৱনা আছে। কিয়নো কংগ্ৰেছে এই কথা অস্বীকাৰ কৰা নাই। কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতাই প্ৰকাশ কৰিছে যে, কানহায়াক বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়তে কংগ্ৰেছলৈ অনাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছিল যদিও তেতিয়া কিছুমান কথাত মতৰ অমিল হৈছিল। এতিয়া পুনৰ আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৱশ্যে কেতিয়া বা কি ৰূপত তেওঁ কংগ্ৰেছত যোগ দিব সেইকথা এতিয়াও নিশ্চিত হোৱা নাই। এতিয়া প্ৰশ্ন হ’ল কংগ্ৰেছত যোগ দিলেও গান্ধী পৰিয়ালৰ ছত্ৰছায়াত কানহায়াৰ ৰাজনৈতিক জীৱনৰ ‘আজাদী’ ৰক্ষা হ’ব নে নাই সেয়া সময়তেহে বুজা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন