--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এইবাৰ বলীউডত ভৰি দিবলৈ ওলাইছে আল্লু অৰ্জুন! বলীউডত ৰাজষিক অভিষেক ঘটাব ‘পুষ্পা’খ্যাত অভিনেতাজনে। শুনা গৈছে যে শ্বাহৰুখ খানৰ এখন ছবিত অভিনেতাজনক এটা চৰিত্ৰত দেখা যাব।

দক্ষিণৰ পৰিচালক আটলীৰ ‘জৱান’ ছবিৰে সৰ্বভাৰতীয় চিনেমা জগতত ভৰি দিবলৈ ওলাইছে শ্বাহৰুখ খানে। হিন্দীৰ বাহিৰেও এই ছবিখন তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাবলৈ গৈ আছে। ছবিখনত শ্বাহৰুখে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। দক্ষিণৰ তাৰকা নয়ন্তৰা, প্ৰিয়মণি, বিজয় ছেঠুপতি আৰু সন্যা মালহোত্ৰাই আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে সদ্য মুক্তি পোৱা ‘বৰিছু’ৰ বিখ্যাত দক্ষিণ তাৰকা বিজয়ে ছবিখনত কেমিঅ’ চৰিত্ৰত অভিনয় কৰিব। এইবাৰ শুনা গৈছে কেৱল বিজয় নহয় - আল্লু অৰ্জুনক ছবিখনৰ কেইবাটাও দৃশ্যত দেখা যাব। অৱশ্যে এতিয়ালৈকে চূড়ান্ত সিদ্ধান্তৰ কথা ঘোষণা কৰা নাই অভিনেতাগৰাকীয়ে। অৱশ্যে বাতৰি অনুসৰি ছবিখনৰ চিত্ৰনাট্য আৰু কেমিঅ’ ভূমিকাক লৈ তেওঁ অতি উৎসাহী।

পাঠানৰ সফলতাৰ পাছতে শ্বাহৰুখে শ্বুটিং চেটলৈ পুনৰ উভতি আহিছে। চলিত মাহৰ আৰম্ভণিৰ পৰাই তেওঁক ‘জৱান’ ছবিৰ শ্বুটিং কৰা দেখা গৈছে। কিছুদিন পূৰ্বে বলীউডৰ ‘বদশাহ’ ছবিখনৰ কামত চেন্নাইত আছিল। শ্বুটিঙৰ পৰা উভতি অহাৰ পথত সহ অভিনেত্ৰী নয়ন্তৰাক শ্বাহৰুখে নিজৰ ষ্টাইলেৰে  বিদায় দিয়াৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

ইয়াৰ পিছত আৰম্ভ হ’ব ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম। চলিত বৰ্ষৰ জুন মাহত সৰ্বভাৰতীয় পৰ্যায়ত মুক্তি পাবলগীয়া ছবি ‘জোৱান’। শ্বাহৰুখৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ছবিখনত আল্লু অৰ্জুনৰ অভিনয়ৰ খবৰে দৰ্শকৰ উৎসাহ বৃদ্ধি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক