--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এইবাৰ বলীউডত ভৰি দিবলৈ ওলাইছে আল্লু অৰ্জুন! বলীউডত ৰাজষিক অভিষেক ঘটাব ‘পুষ্পা’খ্যাত অভিনেতাজনে। শুনা গৈছে যে শ্বাহৰুখ খানৰ এখন ছবিত অভিনেতাজনক এটা চৰিত্ৰত দেখা যাব।

দক্ষিণৰ পৰিচালক আটলীৰ ‘জৱান’ ছবিৰে সৰ্বভাৰতীয় চিনেমা জগতত ভৰি দিবলৈ ওলাইছে শ্বাহৰুখ খানে। হিন্দীৰ বাহিৰেও এই ছবিখন তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাবলৈ গৈ আছে। ছবিখনত শ্বাহৰুখে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। দক্ষিণৰ তাৰকা নয়ন্তৰা, প্ৰিয়মণি, বিজয় ছেঠুপতি আৰু সন্যা মালহোত্ৰাই আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে সদ্য মুক্তি পোৱা ‘বৰিছু’ৰ বিখ্যাত দক্ষিণ তাৰকা বিজয়ে ছবিখনত কেমিঅ’ চৰিত্ৰত অভিনয় কৰিব। এইবাৰ শুনা গৈছে কেৱল বিজয় নহয় - আল্লু অৰ্জুনক ছবিখনৰ কেইবাটাও দৃশ্যত দেখা যাব। অৱশ্যে এতিয়ালৈকে চূড়ান্ত সিদ্ধান্তৰ কথা ঘোষণা কৰা নাই অভিনেতাগৰাকীয়ে। অৱশ্যে বাতৰি অনুসৰি ছবিখনৰ চিত্ৰনাট্য আৰু কেমিঅ’ ভূমিকাক লৈ তেওঁ অতি উৎসাহী।

পাঠানৰ সফলতাৰ পাছতে শ্বাহৰুখে শ্বুটিং চেটলৈ পুনৰ উভতি আহিছে। চলিত মাহৰ আৰম্ভণিৰ পৰাই তেওঁক ‘জৱান’ ছবিৰ শ্বুটিং কৰা দেখা গৈছে। কিছুদিন পূৰ্বে বলীউডৰ ‘বদশাহ’ ছবিখনৰ কামত চেন্নাইত আছিল। শ্বুটিঙৰ পৰা উভতি অহাৰ পথত সহ অভিনেত্ৰী নয়ন্তৰাক শ্বাহৰুখে নিজৰ ষ্টাইলেৰে  বিদায় দিয়াৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

ইয়াৰ পিছত আৰম্ভ হ’ব ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম। চলিত বৰ্ষৰ জুন মাহত সৰ্বভাৰতীয় পৰ্যায়ত মুক্তি পাবলগীয়া ছবি ‘জোৱান’। শ্বাহৰুখৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ছবিখনত আল্লু অৰ্জুনৰ অভিনয়ৰ খবৰে দৰ্শকৰ উৎসাহ বৃদ্ধি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু