--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা ছলমান খানে কেইবছৰমানৰ পিছত পুনৰ ডাঙৰ পৰ্দালৈ উভতি আহিছে। 'ভাইজান'ৰ নতুন ছবি 'কিচি কা ভাই, কিচি কি জান' এই বছৰৰ  ঈদত মুক্তি পাব।  শ্বাহৰুখ খানে চাৰি বছৰৰ বিৰতিত পুনৰ ৰূপালী পৰ্দালৈ উভতি আহি  'পাঠান' ছবিখনৰ জড়িয়তে  দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ছবি খনত ছলমান খানেও ভুমুকি মাৰিছে৷ খবৰ অনুসৰি ঈদ উপলক্ষে ভাইজানে অনুৰাগীসকলৰ বাবে আন এটা আশ্চৰ্য  লৈ আহিছে। জানিব পৰা মতে ছলমানে 'কিচি কা ভাই কিচি কি জান'  ছবিখনত গান গাব৷  ছবিখনৰ এলবামত 'নাইয়ো লাগদা' গানটোৰ আন এটা সংস্কৰণ আছে। ছলমানে  নিজেই সেই গীতটো গাব বুলি জানিব পৰা গৈছে৷ । হিমেশ ৰেশমিয়াই গানটোৰ বাবে সংগীত ৰচনা কৰিছে।
অৱশ্যে, ছলমানে প্ৰথমবাৰৰ বাবে গান গোৱা নাই। 

ইয়াৰ আগতে দৰ্শকে তেওঁক কেইবাখনো চলচ্চিত্ৰত এজন গায়কৰ চৰিত্ৰত দেখিছে। তেওঁ ২০১৪ চনত মুক্তি প্ৰাপ্ত 'কিক' চলচ্চিত্ৰখনত 'হেংঅ'ভাৰ' গানটো গাইছিল। পৰৱৰ্তী বছৰত ছলমানৰ কণ্ঠস্বৰ 'হিৰো' চলচ্চিত্ৰৰ টাইটেল ট্ৰেকত শুনা গৈছিল। ছবিখনত অৰমান মালিকৰ  গানটোৰ লগতে ছলমানে গোৱা গানটোৰ সংস্কৰণো জনপ্ৰিয় হৈছিল। গায়িকা লতা মংগেশকাৰৰ মৃত্যুৰ পিছত অভিনেতাজনে কোকিলকণ্ঠীৰ   এটা গানৰ কেইটামান কলি গাই তেওঁৰ অনুৰাগীসকলৰ বাবে ছ’চিয়েল মিডিয়াত দিছিল৷ 

অৱশ্যে নতিন ছবি খনৰ  নিৰ্মাতাসকলে এই গানটোৰ বিষয়ে কোনো বিশেষ তথ্য দিবলৈ  অনিচ্ছুক। ছলমানে ঈদৰ আগতে তেওঁৰ অনুৰাগীসকলক আচৰিত কৰিব বিচাৰিছে। গতিকে নিৰ্মাতাসকলে ছবিখনৰ মুক্তিৰ আগতে গানটো ৰাজহুৱা কৰাৰ পৰিকল্পনা কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু