--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা ছলমান খানে কেইবছৰমানৰ পিছত পুনৰ ডাঙৰ পৰ্দালৈ উভতি আহিছে। 'ভাইজান'ৰ নতুন ছবি 'কিচি কা ভাই, কিচি কি জান' এই বছৰৰ  ঈদত মুক্তি পাব।  শ্বাহৰুখ খানে চাৰি বছৰৰ বিৰতিত পুনৰ ৰূপালী পৰ্দালৈ উভতি আহি  'পাঠান' ছবিখনৰ জড়িয়তে  দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ছবি খনত ছলমান খানেও ভুমুকি মাৰিছে৷ খবৰ অনুসৰি ঈদ উপলক্ষে ভাইজানে অনুৰাগীসকলৰ বাবে আন এটা আশ্চৰ্য  লৈ আহিছে। জানিব পৰা মতে ছলমানে 'কিচি কা ভাই কিচি কি জান'  ছবিখনত গান গাব৷  ছবিখনৰ এলবামত 'নাইয়ো লাগদা' গানটোৰ আন এটা সংস্কৰণ আছে। ছলমানে  নিজেই সেই গীতটো গাব বুলি জানিব পৰা গৈছে৷ । হিমেশ ৰেশমিয়াই গানটোৰ বাবে সংগীত ৰচনা কৰিছে।
অৱশ্যে, ছলমানে প্ৰথমবাৰৰ বাবে গান গোৱা নাই। 

ইয়াৰ আগতে দৰ্শকে তেওঁক কেইবাখনো চলচ্চিত্ৰত এজন গায়কৰ চৰিত্ৰত দেখিছে। তেওঁ ২০১৪ চনত মুক্তি প্ৰাপ্ত 'কিক' চলচ্চিত্ৰখনত 'হেংঅ'ভাৰ' গানটো গাইছিল। পৰৱৰ্তী বছৰত ছলমানৰ কণ্ঠস্বৰ 'হিৰো' চলচ্চিত্ৰৰ টাইটেল ট্ৰেকত শুনা গৈছিল। ছবিখনত অৰমান মালিকৰ  গানটোৰ লগতে ছলমানে গোৱা গানটোৰ সংস্কৰণো জনপ্ৰিয় হৈছিল। গায়িকা লতা মংগেশকাৰৰ মৃত্যুৰ পিছত অভিনেতাজনে কোকিলকণ্ঠীৰ   এটা গানৰ কেইটামান কলি গাই তেওঁৰ অনুৰাগীসকলৰ বাবে ছ’চিয়েল মিডিয়াত দিছিল৷ 

অৱশ্যে নতিন ছবি খনৰ  নিৰ্মাতাসকলে এই গানটোৰ বিষয়ে কোনো বিশেষ তথ্য দিবলৈ  অনিচ্ছুক। ছলমানে ঈদৰ আগতে তেওঁৰ অনুৰাগীসকলক আচৰিত কৰিব বিচাৰিছে। গতিকে নিৰ্মাতাসকলে ছবিখনৰ মুক্তিৰ আগতে গানটো ৰাজহুৱা কৰাৰ পৰিকল্পনা কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement