--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বহু পাঠ্যক্ৰমৰ পৰা মোগলৰ ইতিহাস বাদ দিয়াৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে এইবাৰ উৰ্দু আৰু পাৰ্চী ভাষাৰ এজন বিখ্যাত কবি ইকবাল বাদ পৰিল পাঠ্যক্ৰমৰ পৰা।  বিখ্যাত গীত 'ছাৰে জাহা চে আচ্ছা হিন্দুস্তান হামাৰা'ৰ স্ৰষ্টা ইকবালৰ কথা এতিয়া আৰু ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যক্ৰমত পঢ়িবলৈ নাপাব। 

উল্লেখ্য   ইকবালক দেশ বিভাজন কৰি পাকিস্তান সৃষ্টি কৰিব বিচৰা সকলৰ মাজৰে এজন হিচাপে জনা যায়।শেহতীয়াকৈ  দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে পাঠ্যক্ৰম  সম্পৰ্কীয় কেইবাটাও পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে। জানিব পৰা মতে  এই পৰিৱৰ্তনবোৰৰ ভিতৰত  কবি মহম্মদ ইকবালৰ কথা ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিয়া হৈছে। দিল্লী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বিকাশ গুপ্তাই কয়  যে পৰিষদৰ বৈঠকত কেইবাটাও প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে।

উল্লেখ্য দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত ইকবালৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলগীয়া হৈছিল। শৈক্ষিক পৰিষদে গ্ৰহণ কৰা  প্ৰস্তাৱসমূহ দিল্লী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ দ্বাৰা চূড়ান্ত কৰিব লাগিব। পৰিষদৰ  বৈঠক ৯ জুনত অনুষ্ঠিত হ'ব। বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিয়ে কবি  ইকবালক পাঠ্যক্ৰমৰ পৰা আঁতৰ কৰিবলৈ গ্ৰহণ কৰা  সিদ্ধান্তক আদৰণি জনাইছে।

এবিভিপিৰ এগৰাকী নেতাই কয়  "দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে পাঠ্যক্ৰমৰ পৰা গোড়া ধৰ্মীয় পণ্ডিতজনক আঁতৰাবলৈ  যি সিদ্ধান্ত  লৈছে সেয়া সঠিক সিদ্ধান্ত।  ইকবালক পাকিস্তানৰ দাৰ্শনিক পিতৃ বুলি কোৱা হয়। তেওঁ মুছলিম লীগত মহম্মদ আলী জিন্নাক নেতা হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা