--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বহু পাঠ্যক্ৰমৰ পৰা মোগলৰ ইতিহাস বাদ দিয়াৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে এইবাৰ উৰ্দু আৰু পাৰ্চী ভাষাৰ এজন বিখ্যাত কবি ইকবাল বাদ পৰিল পাঠ্যক্ৰমৰ পৰা।  বিখ্যাত গীত 'ছাৰে জাহা চে আচ্ছা হিন্দুস্তান হামাৰা'ৰ স্ৰষ্টা ইকবালৰ কথা এতিয়া আৰু ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যক্ৰমত পঢ়িবলৈ নাপাব। 

উল্লেখ্য   ইকবালক দেশ বিভাজন কৰি পাকিস্তান সৃষ্টি কৰিব বিচৰা সকলৰ মাজৰে এজন হিচাপে জনা যায়।শেহতীয়াকৈ  দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে পাঠ্যক্ৰম  সম্পৰ্কীয় কেইবাটাও পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে। জানিব পৰা মতে  এই পৰিৱৰ্তনবোৰৰ ভিতৰত  কবি মহম্মদ ইকবালৰ কথা ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিয়া হৈছে। দিল্লী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বিকাশ গুপ্তাই কয়  যে পৰিষদৰ বৈঠকত কেইবাটাও প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে।

উল্লেখ্য দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত ইকবালৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলগীয়া হৈছিল। শৈক্ষিক পৰিষদে গ্ৰহণ কৰা  প্ৰস্তাৱসমূহ দিল্লী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ দ্বাৰা চূড়ান্ত কৰিব লাগিব। পৰিষদৰ  বৈঠক ৯ জুনত অনুষ্ঠিত হ'ব। বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিয়ে কবি  ইকবালক পাঠ্যক্ৰমৰ পৰা আঁতৰ কৰিবলৈ গ্ৰহণ কৰা  সিদ্ধান্তক আদৰণি জনাইছে।

এবিভিপিৰ এগৰাকী নেতাই কয়  "দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে পাঠ্যক্ৰমৰ পৰা গোড়া ধৰ্মীয় পণ্ডিতজনক আঁতৰাবলৈ  যি সিদ্ধান্ত  লৈছে সেয়া সঠিক সিদ্ধান্ত।  ইকবালক পাকিস্তানৰ দাৰ্শনিক পিতৃ বুলি কোৱা হয়। তেওঁ মুছলিম লীগত মহম্মদ আলী জিন্নাক নেতা হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস