--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত আজি পুনৰ ২৪ গৰাকী  বিধায়কে মন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই চৰকাৰ গঠনৰ পিছতে এয়া কেবিনেট সম্প্ৰসাৰণৰ প্ৰথমটো ঢাপ হিচাবে পৰিগণিত হৈছে। শনিবাৰে কৰ্ণাটকত শপতগ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত বিভিন্ন সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বিধায়কক স্থান দিয়া হৈছে।

 অৱশ্যে আজি কেৱল এগৰাকী মহিলা মন্ত্ৰীয়েহে শপতগ্ৰহণ কৰে।তেওঁলোকে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ আৰু উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ উপস্থিতিত শপত গ্ৰহণ কৰে। উল্লেখ্য মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ দিনা আঠজন বিধায়কে  মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। এতিয়ালৈকে কৰ্ণাটক বিধানসভাত ৩৪  জন বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। 

সিদ্ধাৰামাইয়া আৰু শিৱকুমাৰৰ মাজত চলি থকা অদৃশ্য যুঁজ খনৰ বাবেই হয়তো  দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা কৰিহে নতুন মন্ত্ৰীসকলক  অন্তৰ্ভুক্ত  কৰা হৈছে। কংগ্ৰেছে দাবী কৰিছে যে মন্ত্ৰীসভাত সকলো ধৰ্ম আৰু  সম্প্ৰদায়ৰ বিধায়কক  উপযুক্ত গুৰুত্ব দিয়া হৈছে।কৰ্ণাটকৰ নতুন কেবিনেটত প্ৰভাৱশালী লিঙ্গায়ত সম্প্ৰদায়ৰ ছয়জন প্ৰতিনিধি আছে।

 কেবিনেটত আন সম্প্ৰদায়বোৰৰ এজনকৈ প্ৰতিনিধি আছে । শিৱকুমাৰৰ নতুন মন্ত্ৰীসভাত তেওঁৰ নিজৰ ভক্কালিগা সম্প্ৰদায়ৰ চাৰিজন প্ৰতিনিধি আছে। তিনিজন অনুসূচীত জাতিৰ, দুজন অনুসূচীত জনজাতিৰ, পাঁচজন  অ'বিচি। মুছলমান, ব্ৰাহ্মণ আৰু উচ্চ বৰ্ণৰ পৰাও কেইবাজনো বিধায়কক মন্ত্ৰীসভাত ৰখা হৈছে। অৱশ্যে,৩৪  জনীয়া কেবিনেটত মহিলাৰ সংখ্যা মাত্ৰ এগৰাকী। কৰ্ণাটকৰ  ৰাজনীতিত মহিলাসকলে আজিও সিমান গুৰুত্ব লাভ কৰা নাই। 

এইবাৰ নিৰ্বাচনত ১২১গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত  মুঠ ১০গৰাকীহে বিজয়ী হৈছে। তেওঁলোকৰ চাৰিগৰাকী কংগ্ৰেছৰ। চাৰিগৰাকী মহিলা বিধায়কৰ ভিতৰত বেলগাম গ্ৰাম্য সমষ্টিৰ বিধায়িকা লক্ষ্মী আৰ হেব্বালকাৰক মন্ত্ৰীসভাত স্থান দিয়া হৈছে।  জ্যেষ্ঠ কংগ্ৰেছ নেতা দিনেশ গুণ্ডুৰাও, এইচ কে পাটিল, আৰ সুধাকৰ আৰু বি নগেন্দ্ৰক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস