--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত আজি পুনৰ ২৪ গৰাকী  বিধায়কে মন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই চৰকাৰ গঠনৰ পিছতে এয়া কেবিনেট সম্প্ৰসাৰণৰ প্ৰথমটো ঢাপ হিচাবে পৰিগণিত হৈছে। শনিবাৰে কৰ্ণাটকত শপতগ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত বিভিন্ন সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বিধায়কক স্থান দিয়া হৈছে।

 অৱশ্যে আজি কেৱল এগৰাকী মহিলা মন্ত্ৰীয়েহে শপতগ্ৰহণ কৰে।তেওঁলোকে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ আৰু উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ উপস্থিতিত শপত গ্ৰহণ কৰে। উল্লেখ্য মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ দিনা আঠজন বিধায়কে  মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। এতিয়ালৈকে কৰ্ণাটক বিধানসভাত ৩৪  জন বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। 

সিদ্ধাৰামাইয়া আৰু শিৱকুমাৰৰ মাজত চলি থকা অদৃশ্য যুঁজ খনৰ বাবেই হয়তো  দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা কৰিহে নতুন মন্ত্ৰীসকলক  অন্তৰ্ভুক্ত  কৰা হৈছে। কংগ্ৰেছে দাবী কৰিছে যে মন্ত্ৰীসভাত সকলো ধৰ্ম আৰু  সম্প্ৰদায়ৰ বিধায়কক  উপযুক্ত গুৰুত্ব দিয়া হৈছে।কৰ্ণাটকৰ নতুন কেবিনেটত প্ৰভাৱশালী লিঙ্গায়ত সম্প্ৰদায়ৰ ছয়জন প্ৰতিনিধি আছে।

 কেবিনেটত আন সম্প্ৰদায়বোৰৰ এজনকৈ প্ৰতিনিধি আছে । শিৱকুমাৰৰ নতুন মন্ত্ৰীসভাত তেওঁৰ নিজৰ ভক্কালিগা সম্প্ৰদায়ৰ চাৰিজন প্ৰতিনিধি আছে। তিনিজন অনুসূচীত জাতিৰ, দুজন অনুসূচীত জনজাতিৰ, পাঁচজন  অ'বিচি। মুছলমান, ব্ৰাহ্মণ আৰু উচ্চ বৰ্ণৰ পৰাও কেইবাজনো বিধায়কক মন্ত্ৰীসভাত ৰখা হৈছে। অৱশ্যে,৩৪  জনীয়া কেবিনেটত মহিলাৰ সংখ্যা মাত্ৰ এগৰাকী। কৰ্ণাটকৰ  ৰাজনীতিত মহিলাসকলে আজিও সিমান গুৰুত্ব লাভ কৰা নাই। 

এইবাৰ নিৰ্বাচনত ১২১গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত  মুঠ ১০গৰাকীহে বিজয়ী হৈছে। তেওঁলোকৰ চাৰিগৰাকী কংগ্ৰেছৰ। চাৰিগৰাকী মহিলা বিধায়কৰ ভিতৰত বেলগাম গ্ৰাম্য সমষ্টিৰ বিধায়িকা লক্ষ্মী আৰ হেব্বালকাৰক মন্ত্ৰীসভাত স্থান দিয়া হৈছে।  জ্যেষ্ঠ কংগ্ৰেছ নেতা দিনেশ গুণ্ডুৰাও, এইচ কে পাটিল, আৰ সুধাকৰ আৰু বি নগেন্দ্ৰক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব