--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ জন্মাষ্টমী ৬ আৰু ৭ ছেপ্টেম্বৰ দুয়োটা দিনতে পালন কৰা হ’ব। জ্যোতিষীসকলৰ মতে কৃষ্ণৰ জন্ম বাৰ্ষিকী কেৱল ৬ তাৰিখৰ নিশাহে পালন কৰিব লাগে, কাৰণ এই নিশা তাৰিখ আৰু নক্ষত্ৰৰ একেটা সংমিশ্ৰণ গঢ় লৈ উঠিছে, যিদৰে দ্বাপৰ যুগত গঠিত হৈছিল। 

একে সময়তে বৈষ্ণৱ পন্থাৰ মতে ৭ তাৰিখে দ্বাৰকা, বৃন্দাবন, মথুৰাকে ধৰি বৃহৎ কৃষ্ণ মন্দিৰত এই উৎসৱ পালন কৰা হ’ব। ৭ তাৰিখৰ পৰা ৮ তাৰিখৰ ভিতৰত মাজনিশা ১২ বজাত শ্ৰীকৃষ্ণৰ জন্ম বাৰ্ষিকী পালন কৰা হ'ব। শাস্ত্ৰ মতে এইয়া ভগৱান শ্ৰীকৃষ্ণৰ ৫২৫০ তম জন্ম বাৰ্ষিকী।

হিন্দু ধৰ্মত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ বিশেষ তাৎপৰ্য্য আছে।  শাস্ত্ৰত উল্লেখ আছে যে ভাদ্ৰপদৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিৰ সৈতে ৰোহিনী নক্ষত্ৰত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল, গতিকে প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ জন্ম দিৱস পালন কৰা হয়।

কৃষ্ণ জন্মাষ্টমীৰ দিনা ভক্তসকলে ব্ৰত ৰাখে আৰু গোটেই দিনটো শ্ৰীকৃষ্ণৰ ভজন-কীৰ্তন কৰে।  এই দিনটোত ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা হয়। দেশৰ প্ৰতিটো মন্দিৰ বিশেষভাৱে সজাই তোলা হৈছে। শ্ৰীকৃষ্ণৱতাৰ উপলক্ষে সকলোতে ঝাকী সজোৱা হয়। ঘৰতো ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা হয়।

 শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটো অতি শুভ আৰু এই দিনটোত ভক্তসকলৰ সকলো কামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।  অৱশ্যে এই দিনটোত কিছুমান কাম ভুলতো কৰিব নালাগে।

জানো আহক  কি কি কৰিব নালাগে-

১) জন্মাষ্টমীৰ দিনা ভুলতো তুলসী পাত চিঙিব নালাগে।  ভগৱান শ্ৰীকৃষ্ণক বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰা হয়।  বিশ্বাস অনুসৰি তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়।  সেয়ে আজিৰ দিনটোত তুলসী পাত চিঙিলে শুভ বুলি গণ্য কৰা নহয়।

 ২) জন্মাষ্টমীৰ দিনা নহৰু, পিয়াঁজ বা আন কোনো আমিষ খাদ্য খাব নালাগে।  এই দিনটোত সুৰা সেৱনো কৰিব নালাগে।

 ৩) কৃষ্ণ জন্মাষ্টমীৰ দিনা ভুলতো কাকো অসন্মান নকৰিব। ধনী বা দৰিদ্ৰ সকলো ভক্ত ভগৱান শ্ৰীকৃষ্ণৰ বাবে একেই।  যিকোনো দুখীয়াক অপমান কৰিলে শ্ৰীকৃষ্ণ অসন্তুষ্ট হ’ব পাৰে।

৪) যিসকলে জন্মাষ্টমীৰ ব্ৰত পালন নকৰে, তেওঁলোকেও এই দিনটোত ভাত নাখাব।  একাদশী আৰু জন্মাষ্টমীৰ দিনা ভাত খোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়।

 ৫) জন্মাষ্টমীৰ দিনা ব্ৰহ্মচৰ্য পালন কৰাটো বাধ্যতামূলক। এই দিনটোত পূৰ্ণ নিৰ্মল হৃদয় আৰু দেহেৰে ঈশ্বৰৰ আৰাধনা কৰা উচিত।

 ৬) কৃষ্ণ জন্মাষ্টমীৰ দিনা গছ কটাও অশুভ বুলি গণ্য কৰা হয়।  শ্ৰীকৃষ্ণ সকলোতে বাস কৰে আৰু সকলো তেওঁৰ মাজত বাস কৰে।  বৰং সম্ভৱ হ’লে আজিৰ দিনটোত অধিক সংখ্যক গছপুলি ৰোপণ কৰা উচিত।  ইয়াৰ ফলত ঘৰ আৰু পৰিয়ালত সুখ আৰু শান্তি থাকে।
 
৭) জন্মাষ্টমীৰ দিনা গৰুক অপমান কৰিব নালাগে।  গৰুৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণৰ বৰ প্ৰেম আছিল।  সৰুতে কানাইয়ে গৰুৰ লগত খেলিছিল।  বিশ্বাস কৰা হয় যে যিয়েই গৰু পূজা কৰে তেওঁ শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পায়।

 ৮) যিসকলে এই দিনটোত ব্ৰত ৰাখে তেওঁলোকে ৰাতি বাৰ বজাৰ আগতে ব্ৰত ভংগ নকৰিব।  তাৰ আগত ব্ৰত ভাঙিলে পূজাৰ ফল নাপায় আৰু ব্ৰতো অসম্পূৰ্ণ বুলি গণ্য কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ