--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃখাদ্য, পানীয়কে ধৰি প্ৰায়বোৰ সেৱাতে এতিয়া জিএছটি আৰোপ কৰি মোদীৰ চৰকাৰে সাধাৰণ মানুহৰ অৱস্থা কাহিল কৰি পেলাইছে। বিস্কুট, পিঠাগুড়িকে ধৰি প্ৰায় কোনো বিধ সামগ্ৰীয়েই জিএছটিৰ হাতোৰাৰ পৰা মুক্ত হ’ব পৰা নাই৷ জিএছটি আৰোপৰ বাবেই প্ৰতিবিধ সামগ্ৰীৰে দাম ভালে খনি বৃদ্ধি পাইছে৷ ইয়াৰ মাজতে আন এটা বেয়া খবৰ আহিছে৷এতিয়ালৈকে কাৰ্যালয় বা খুচুৰা সামগ্ৰী বিক্ৰী কৰাৰ বাবে লোৱা ঘৰৰ ভাড়াৰ ওপৰত কৰ আৰোপ কৰা হৈছিল। এইবাৰ সাধাৰণ ঘৰৰ ভাড়াৰ ওপৰতো কৰ আৰোপ কৰিব  চৰকাৰে৷ 

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ঘৰভাড়াৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। এই সন্দৰ্ভত ১৮ জুলাইৰ পৰা প্ৰযোজ্য হোৱা জিএছটিৰ নতুন নিয়মৰ অধীনত ঘৰভাড়াৰ ওপৰত জিএছটি আৰোপৰ পৰামৰ্শ দিয়া হৈছে৷ 

এতিয়াৰে পৰা যদি ভাড়াতীয়াজনৰ  জিএছটিৰ  পঞ্জীয়ন থাকে তেন্তে তেওঁ ভাড়াত লোৱা ঘৰটোৰ বাবে অতিৰিক্ত ১৮ শতাংশ কৰ পৰিশোধ কৰিব লাগিব। সকলো পঞ্জীয়নভুক্ত ভাড়াতীয়া সামগ্ৰীৰ সেৱা কৰৰ অধীনত পৰে তেওঁলোকে এই হাৰত কৰ পৰিশোধ কৰিব লাগিব। অৱশ্যে, ইনপুট কৰ ক্ৰেডিটৰ নিয়ম অনুসৰি সেই কৰ পিছত ঘূৰাই দিয়া হ'ব।

এই কৰে  কাক সামৰি লোৱা হ'ব? জিএছটি নিয়ম অনুসৰি যদি বেতনভোগী সাধাৰণ মানুহে বাস কৰিবলৈ এটা ঘৰ বা ফ্লেট ভাড়া লৈ থাকে তেন্তে তেওঁলোকে এই কৰ পৰিশোধ কৰিব নালাগিব। অৱশ্যে  অৰ্থনৈতিক বিশেষজ্ঞসকলে কয় যে যিসকলে আত্মনিৰ্ভৰশীল বৃত্তিত জড়িত বা নিজে ব্যৱসায় কৰি উপাৰ্জন কৰে তেওঁলোকে এই কৰ পৰিশোধ কৰিব লাগিব পাৰে।

স্ব-নিৰ্ভৰ বৃত্তিৰ লোকসকলে যদি ভাড়া ঘৰৰ পৰা তেওঁলোকৰ জিএছটি-পঞ্জীয়নভুক্ত বৃত্তি চলাই আহিছে আৰু তেওঁলোকৰ বাৰ্ষিক উপাৰ্জন কৰযোগ্য উপাৰ্জনতকৈ অধিক হয় ,তেনেহ'লে ঘৰৰ ভাড়াৰ ওপৰত অতিৰিক্ত ১৮  শতাংশ কৰ পৰিশোধ কৰিব লাগিব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ