--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃখাদ্য, পানীয়কে ধৰি প্ৰায়বোৰ সেৱাতে এতিয়া জিএছটি আৰোপ কৰি মোদীৰ চৰকাৰে সাধাৰণ মানুহৰ অৱস্থা কাহিল কৰি পেলাইছে। বিস্কুট, পিঠাগুড়িকে ধৰি প্ৰায় কোনো বিধ সামগ্ৰীয়েই জিএছটিৰ হাতোৰাৰ পৰা মুক্ত হ’ব পৰা নাই৷ জিএছটি আৰোপৰ বাবেই প্ৰতিবিধ সামগ্ৰীৰে দাম ভালে খনি বৃদ্ধি পাইছে৷ ইয়াৰ মাজতে আন এটা বেয়া খবৰ আহিছে৷এতিয়ালৈকে কাৰ্যালয় বা খুচুৰা সামগ্ৰী বিক্ৰী কৰাৰ বাবে লোৱা ঘৰৰ ভাড়াৰ ওপৰত কৰ আৰোপ কৰা হৈছিল। এইবাৰ সাধাৰণ ঘৰৰ ভাড়াৰ ওপৰতো কৰ আৰোপ কৰিব  চৰকাৰে৷ 

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ঘৰভাড়াৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। এই সন্দৰ্ভত ১৮ জুলাইৰ পৰা প্ৰযোজ্য হোৱা জিএছটিৰ নতুন নিয়মৰ অধীনত ঘৰভাড়াৰ ওপৰত জিএছটি আৰোপৰ পৰামৰ্শ দিয়া হৈছে৷ 

এতিয়াৰে পৰা যদি ভাড়াতীয়াজনৰ  জিএছটিৰ  পঞ্জীয়ন থাকে তেন্তে তেওঁ ভাড়াত লোৱা ঘৰটোৰ বাবে অতিৰিক্ত ১৮ শতাংশ কৰ পৰিশোধ কৰিব লাগিব। সকলো পঞ্জীয়নভুক্ত ভাড়াতীয়া সামগ্ৰীৰ সেৱা কৰৰ অধীনত পৰে তেওঁলোকে এই হাৰত কৰ পৰিশোধ কৰিব লাগিব। অৱশ্যে, ইনপুট কৰ ক্ৰেডিটৰ নিয়ম অনুসৰি সেই কৰ পিছত ঘূৰাই দিয়া হ'ব।

এই কৰে  কাক সামৰি লোৱা হ'ব? জিএছটি নিয়ম অনুসৰি যদি বেতনভোগী সাধাৰণ মানুহে বাস কৰিবলৈ এটা ঘৰ বা ফ্লেট ভাড়া লৈ থাকে তেন্তে তেওঁলোকে এই কৰ পৰিশোধ কৰিব নালাগিব। অৱশ্যে  অৰ্থনৈতিক বিশেষজ্ঞসকলে কয় যে যিসকলে আত্মনিৰ্ভৰশীল বৃত্তিত জড়িত বা নিজে ব্যৱসায় কৰি উপাৰ্জন কৰে তেওঁলোকে এই কৰ পৰিশোধ কৰিব লাগিব পাৰে।

স্ব-নিৰ্ভৰ বৃত্তিৰ লোকসকলে যদি ভাড়া ঘৰৰ পৰা তেওঁলোকৰ জিএছটি-পঞ্জীয়নভুক্ত বৃত্তি চলাই আহিছে আৰু তেওঁলোকৰ বাৰ্ষিক উপাৰ্জন কৰযোগ্য উপাৰ্জনতকৈ অধিক হয় ,তেনেহ'লে ঘৰৰ ভাড়াৰ ওপৰত অতিৰিক্ত ১৮  শতাংশ কৰ পৰিশোধ কৰিব লাগিব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত