--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফ্ৰান্সৰ যুঁজাৰু বিমানে আহি প্ৰৱেশ কৰিছে  ভাৰতীয় বায়ু সেনা বাহিনীৰ ঘাটিত। চীন-টাইৱান সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত তামিলনাডুৰ চুলুৰ বায়ু সেনা ঘাটিত ফ্ৰান্সৰ বায়ু আৰু মহাকাশ বাহিনীৰ ষ্টপঅভাৰক লৈ ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে।অৱশ্যে কোনো যুদ্ধৰ উদ্দেশ্য লৈ ফ্ৰান্সৰ যুঁজাৰু বিমানে ভাৰতত প্ৰৱেশ কৰা নাই। যিটো সময়ত টাইৱান-চীনৰ মাজত উত্তেজনাই বিৰাজ কৰিছে সেই সময়তে ফ্ৰান্সৰ যুঁজাৰু বিমানে  ভাৰতলৈ আহি ক্ষন্তেক জিৰণিহে লৈছে।

দৰাচলতে ভাৰতীয় বায়ু সেনা ঘাটিত ফৰাচী ৰাফেলৰ এই কৌশলগত 'ষ্টপঅভাৰ' ২০১৮ চনত স্বাক্ষৰিত কৌশলগত প্ৰতিৰক্ষা সহযোগিতা চুক্তিৰেই এক অংশ।সেই চুক্তি অনুসৰি ফ্ৰান্সৰ বিমানে ভাৰতত অৱগৰণ কৰিব পাৰে আৰু প্ৰয়োজনীয় সময়ৰ বাবে জিৰণি ল’ব পাৰে।

ফ্ৰান্সৰ বায়ু সেনাৰ তিনিখন ৰাফেল যুঁজাৰু বিমানে প্ৰশান্ত মহাসাগৰীয় অঞ্চলত যুদ্ধ অনুশীলনত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পথতে ভাৰতত অৱতৰণ কৰিছে। 

ফ্ৰান্সৰ বায়ু সেনা বাহিনীয়ে ১০ আগষ্টৰ পৰা ১৮ ছেপ্টেম্বৰলৈ ইণ্ডো-পেচিফিক অঞ্চলত 'পেগেছ-২২' নামৰ এক সামৰিক অনুশীলন আৰম্ভ কৰিছে।

ইয়াৰ অংশ হিচাপে দেশ খনৰ তিনি খন ৰাফেল যুদ্ধ বিমানে ১০ আৰু ১১ আগষ্টত চুলু ঘাটিত অৱতৰণ কৰিছিল। ভাৰতীয় বায়ু সেনা বাহিনীৰ  এক সূত্ৰই জনোৱা অনুসৰি, জৰুৰীকালীন অৱস্থাত ৭২ ঘণ্টাৰ ভিতৰত ফ্ৰান্সৰ পৰা প্ৰশান্ত মহাসাগৰৰ নিউ কেলেডোনিয়া দ্বীপপুঞ্জৰ ফ্ৰান্সৰ সেনা ঘাটিলৈ যুঁজাৰু বিমানকে ধৰি প্ৰয়োজনীয় সামৰিক সঁজুলি আৰু সৈন্য মোতায়েন নিশ্চিত কৰাৰ লক্ষ্যৰে এই অনুশীলন কৰা হৈছে।

 ২০১৮  চনৰ চুক্তি অনুসৰি ফ্ৰান্সৰ বায়ু সেনাই ভাৰতীয় বায়ু সেনা ঘাটিলৈ আহি বিমানৰ অৱতৰণ কৰিব পাৰে।
ইন্ধন বা খাদ্য আৰু পানীয়ৰ উপৰিও প্ৰয়োজন হ'লে তেওঁলোকে মেৰামতিৰ কামো ভাৰতত সম্পন্ন কৰিব পাৰিব। একেদৰে ভাৰতীয় যুঁজাৰু বিমানেও যিকোনো ফৰাচী বায়ু সেনা ঘাটিত একে ধৰণৰ সুবিধা লাভ কৰিব। ২০১৬ চনত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে একে ধৰণৰ চুক্তি স্বাক্ষৰ কৰিছিল। 'পেগাছ-২২'ৰ বাবেই  ফৰাচী যুদ্ধ বিমানে  ভাৰতত অৱতৰণ কৰা বুলি ভাৰতীয় বায়ু সেনাই স্পষ্ট কৰি দিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত