--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফ্ৰান্সৰ যুঁজাৰু বিমানে আহি প্ৰৱেশ কৰিছে  ভাৰতীয় বায়ু সেনা বাহিনীৰ ঘাটিত। চীন-টাইৱান সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত তামিলনাডুৰ চুলুৰ বায়ু সেনা ঘাটিত ফ্ৰান্সৰ বায়ু আৰু মহাকাশ বাহিনীৰ ষ্টপঅভাৰক লৈ ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে।অৱশ্যে কোনো যুদ্ধৰ উদ্দেশ্য লৈ ফ্ৰান্সৰ যুঁজাৰু বিমানে ভাৰতত প্ৰৱেশ কৰা নাই। যিটো সময়ত টাইৱান-চীনৰ মাজত উত্তেজনাই বিৰাজ কৰিছে সেই সময়তে ফ্ৰান্সৰ যুঁজাৰু বিমানে  ভাৰতলৈ আহি ক্ষন্তেক জিৰণিহে লৈছে।

দৰাচলতে ভাৰতীয় বায়ু সেনা ঘাটিত ফৰাচী ৰাফেলৰ এই কৌশলগত 'ষ্টপঅভাৰ' ২০১৮ চনত স্বাক্ষৰিত কৌশলগত প্ৰতিৰক্ষা সহযোগিতা চুক্তিৰেই এক অংশ।সেই চুক্তি অনুসৰি ফ্ৰান্সৰ বিমানে ভাৰতত অৱগৰণ কৰিব পাৰে আৰু প্ৰয়োজনীয় সময়ৰ বাবে জিৰণি ল’ব পাৰে।

ফ্ৰান্সৰ বায়ু সেনাৰ তিনিখন ৰাফেল যুঁজাৰু বিমানে প্ৰশান্ত মহাসাগৰীয় অঞ্চলত যুদ্ধ অনুশীলনত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পথতে ভাৰতত অৱতৰণ কৰিছে। 

ফ্ৰান্সৰ বায়ু সেনা বাহিনীয়ে ১০ আগষ্টৰ পৰা ১৮ ছেপ্টেম্বৰলৈ ইণ্ডো-পেচিফিক অঞ্চলত 'পেগেছ-২২' নামৰ এক সামৰিক অনুশীলন আৰম্ভ কৰিছে।

ইয়াৰ অংশ হিচাপে দেশ খনৰ তিনি খন ৰাফেল যুদ্ধ বিমানে ১০ আৰু ১১ আগষ্টত চুলু ঘাটিত অৱতৰণ কৰিছিল। ভাৰতীয় বায়ু সেনা বাহিনীৰ  এক সূত্ৰই জনোৱা অনুসৰি, জৰুৰীকালীন অৱস্থাত ৭২ ঘণ্টাৰ ভিতৰত ফ্ৰান্সৰ পৰা প্ৰশান্ত মহাসাগৰৰ নিউ কেলেডোনিয়া দ্বীপপুঞ্জৰ ফ্ৰান্সৰ সেনা ঘাটিলৈ যুঁজাৰু বিমানকে ধৰি প্ৰয়োজনীয় সামৰিক সঁজুলি আৰু সৈন্য মোতায়েন নিশ্চিত কৰাৰ লক্ষ্যৰে এই অনুশীলন কৰা হৈছে।

 ২০১৮  চনৰ চুক্তি অনুসৰি ফ্ৰান্সৰ বায়ু সেনাই ভাৰতীয় বায়ু সেনা ঘাটিলৈ আহি বিমানৰ অৱতৰণ কৰিব পাৰে।
ইন্ধন বা খাদ্য আৰু পানীয়ৰ উপৰিও প্ৰয়োজন হ'লে তেওঁলোকে মেৰামতিৰ কামো ভাৰতত সম্পন্ন কৰিব পাৰিব। একেদৰে ভাৰতীয় যুঁজাৰু বিমানেও যিকোনো ফৰাচী বায়ু সেনা ঘাটিত একে ধৰণৰ সুবিধা লাভ কৰিব। ২০১৬ চনত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে একে ধৰণৰ চুক্তি স্বাক্ষৰ কৰিছিল। 'পেগাছ-২২'ৰ বাবেই  ফৰাচী যুদ্ধ বিমানে  ভাৰতত অৱতৰণ কৰা বুলি ভাৰতীয় বায়ু সেনাই স্পষ্ট কৰি দিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিয়াৰ প্ৰলোভন দি সহবাস, গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ; ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল যুৱতী
ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য