--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড মানেই যেন এক উন্মাদনা, এক কৌতুহল। তাতে আকৌ আলোচনাৰ বিষয় যদি শ্বাহৰূখ খান হয় তেতিয়া হ’লে কথাই সুকীয়া। গ্লেমাৰ জগতত শ্বাহৰূখক লৈ আছে নানা গল্প, নানা কাহিনী। ছুপাৰষ্টাৰগৰাকীৰ প্ৰতি অনুৰাগীৰো আছে এৰাব নোৱাৰা টান। বিগত কেইমাহমানৰ পৰা শ্বাহৰূখৰ সমান্তৰালকৈ তেওঁৰ পুত্ৰ আৰিয়ানৰ কথাও আলোচনাৰ প্ৰসংগলৈ আহিছে। এইবাৰ অতীতৰ দুঃস্বপ্ন পাহৰি এতিয়া গৰিমাৰ কাম কৰিবলৈ ওলাইছে নেকি আৰিয়ান? ইয়াকে লৈ এতিয়া সৰ্বত্ৰে হৈছে চৰ্চা। কেমেৰাৰ সন্মুখত আহিব নিবিচৰা আৰিয়ানে মনৰ সকলো কল্পনাৰ চিত্ৰপট অংকন কৰিব বিচাৰিছিল উকা পৃষ্ঠাত। লিখিব খুজিছিল গল্প। হয়, আৰিয়ান খানৰ কথাকে কোৱা হৈছে। ষ্টাৰ কীড গৰাকীৰ পিতৃ এজন সফল অভিনেতা যদিও অভিনয়ে তেওঁক কেতিয়াও আকৰ্ষিত কৰা নাই বুলিয়েই সবাহ-সমিতিয়ে কৈ আহিছে শ্বাহৰূখ খানে। দেশ জোকাৰি যোৱা ড্ৰাগছ কাণ্ডৰ পাছত পৰিস্থিতি লাহে লাহে শাম কাটিছে। শ্বাহৰূখৰ ‘মন্নত’লৈ উভতি আহিছে হেৰুৱা সুখ। সেয়েহে, এইবাৰ জীৱনৰ ইচ্ছাবোৰ এটাকৈ এটাকৈ পূৰণ কৰাত মন মেলিছে শ্বাহৰূখ তনয় আৰিয়ানে। এইবাৰ হাতত কলম তুলি ল’ব শ্বাহৰূখ পুত্ৰ আৰিয়ানে! জানিবলৈ পোৱা মতে, আৰিয়ানে অটিটি প্লেটফৰ্ম আৰু এখন চলচ্চিত্ৰৰ বাবে কাহিনী লিখিব। ইতিমধ্যে এখন ৱেব ছিৰিজত গল্প লেখাক লৈ ৱেব নিৰ্মাতাসকলৰ সৈতে আলোচনাত বহিছে আৰিয়ান খান। সকলো ঠিকে থাকিলে ৱেব ছিৰিজখনৰ দৃশ্যগ্ৰহণ চলিত বৰ্ষতে আৰম্ভ কৰা হ'ব বুলি সদৰী কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। যিখন ছবিৰ বাবে আৰিয়ানে গল্প লিখিব সেইখন ছবিৰ প্ৰযোজনাৰ দায়িত্বত থাকিব শ্বাহৰূখৰ ‘ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট’। অৱশ্যে, আৰিয়ানে যশৰাজ ফিল্মছ আৰু ধৰ্মা প্ৰডাকচনৰ পৰা চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লোৱাৰ কথা ঘুনূক-ঘানাককৈ শুনিবলৈ পোৱা গৈছিল। শেহতীয়াকৈ, যশৰাজ ফিল্মছৰ কাৰ্যালয়ত আৰিয়ানৰ সঘন উপস্থিতিয়ে এই গুঞ্জন দুগুণে বৃদ্ধি কৰিছে। বলীউডৰ এই দুটা আগশাৰীৰ প্ৰযোজনা গৃহৰ মুখ্য প্ৰযোজনা আদিত্য চোপ্ৰা আৰু শ্বাহৰূখৰ দীৰ্ঘদিনীয়া বন্ধু কৰণ জোহৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু