--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড মানেই যেন এক উন্মাদনা, এক কৌতুহল। তাতে আকৌ আলোচনাৰ বিষয় যদি শ্বাহৰূখ খান হয় তেতিয়া হ’লে কথাই সুকীয়া। গ্লেমাৰ জগতত শ্বাহৰূখক লৈ আছে নানা গল্প, নানা কাহিনী। ছুপাৰষ্টাৰগৰাকীৰ প্ৰতি অনুৰাগীৰো আছে এৰাব নোৱাৰা টান। বিগত কেইমাহমানৰ পৰা শ্বাহৰূখৰ সমান্তৰালকৈ তেওঁৰ পুত্ৰ আৰিয়ানৰ কথাও আলোচনাৰ প্ৰসংগলৈ আহিছে। এইবাৰ অতীতৰ দুঃস্বপ্ন পাহৰি এতিয়া গৰিমাৰ কাম কৰিবলৈ ওলাইছে নেকি আৰিয়ান? ইয়াকে লৈ এতিয়া সৰ্বত্ৰে হৈছে চৰ্চা। কেমেৰাৰ সন্মুখত আহিব নিবিচৰা আৰিয়ানে মনৰ সকলো কল্পনাৰ চিত্ৰপট অংকন কৰিব বিচাৰিছিল উকা পৃষ্ঠাত। লিখিব খুজিছিল গল্প। হয়, আৰিয়ান খানৰ কথাকে কোৱা হৈছে। ষ্টাৰ কীড গৰাকীৰ পিতৃ এজন সফল অভিনেতা যদিও অভিনয়ে তেওঁক কেতিয়াও আকৰ্ষিত কৰা নাই বুলিয়েই সবাহ-সমিতিয়ে কৈ আহিছে শ্বাহৰূখ খানে। দেশ জোকাৰি যোৱা ড্ৰাগছ কাণ্ডৰ পাছত পৰিস্থিতি লাহে লাহে শাম কাটিছে। শ্বাহৰূখৰ ‘মন্নত’লৈ উভতি আহিছে হেৰুৱা সুখ। সেয়েহে, এইবাৰ জীৱনৰ ইচ্ছাবোৰ এটাকৈ এটাকৈ পূৰণ কৰাত মন মেলিছে শ্বাহৰূখ তনয় আৰিয়ানে। এইবাৰ হাতত কলম তুলি ল’ব শ্বাহৰূখ পুত্ৰ আৰিয়ানে! জানিবলৈ পোৱা মতে, আৰিয়ানে অটিটি প্লেটফৰ্ম আৰু এখন চলচ্চিত্ৰৰ বাবে কাহিনী লিখিব। ইতিমধ্যে এখন ৱেব ছিৰিজত গল্প লেখাক লৈ ৱেব নিৰ্মাতাসকলৰ সৈতে আলোচনাত বহিছে আৰিয়ান খান। সকলো ঠিকে থাকিলে ৱেব ছিৰিজখনৰ দৃশ্যগ্ৰহণ চলিত বৰ্ষতে আৰম্ভ কৰা হ'ব বুলি সদৰী কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। যিখন ছবিৰ বাবে আৰিয়ানে গল্প লিখিব সেইখন ছবিৰ প্ৰযোজনাৰ দায়িত্বত থাকিব শ্বাহৰূখৰ ‘ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট’। অৱশ্যে, আৰিয়ানে যশৰাজ ফিল্মছ আৰু ধৰ্মা প্ৰডাকচনৰ পৰা চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লোৱাৰ কথা ঘুনূক-ঘানাককৈ শুনিবলৈ পোৱা গৈছিল। শেহতীয়াকৈ, যশৰাজ ফিল্মছৰ কাৰ্যালয়ত আৰিয়ানৰ সঘন উপস্থিতিয়ে এই গুঞ্জন দুগুণে বৃদ্ধি কৰিছে। বলীউডৰ এই দুটা আগশাৰীৰ প্ৰযোজনা গৃহৰ মুখ্য প্ৰযোজনা আদিত্য চোপ্ৰা আৰু শ্বাহৰূখৰ দীৰ্ঘদিনীয়া বন্ধু কৰণ জোহৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু