--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অজয় দেৱগন আৰু কাজল হৈছে বলীউডৰ অন্যতম জনপ্ৰিয় আৰু শক্তিশালী দম্পতি। ২৩ বছৰ ধৰি সুখৰ সংসাৰ কৰি আছে অজয়-কাজলে। দুয়োৰে মাজত আছে অতি মিলা-প্ৰীতি। এটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানেৰে ভৰপূৰ অজয়-কাজলৰ সোণালী সংসাৰ। পাছে এই সুখৰ সংসাৰতো মাজতে লাগিছিল কেৰোণ। সংসাৰখন ভাঙিবলৈ ওলাইছিলেই, পাছে কোনোমতেহে পৰিল ৰক্ষা। অজয় আৰু কাজলৰ সম্পৰ্কত কেৰোণ লগাবলৈ খলনায়িকা হিচাপে প্ৰৱেশ কৰিছিল কংগনা ৰাণাৱট। ‘ৱান্স আপন এ টাইম ইন মুম্বাই’ চিনেমাখনৰ শ্বুটিং চলি থকাৰ সময়তে অজয় দেৱগন আৰু কাজলৰ মাজত কাজিয়া চলি থকাৰ খবৰ পোৱা গৈছিল। এই কাজিয়াৰ মূলতে আছিল কংগনা ৰাণাৱট। অজয় দেৱগন আৰু কংগনা ৰাণাৱটৰ নিবিড় সম্পৰ্ক গঢ় লৈ উঠে ‘ৱান্স আপন এ টাইম ইন মুম্বাই’ চিনেমাখনৰ শ্বুটিং চলি থকাৰ সময়ত। কংগনা ৰাণাৱট আৰু অজয় দেৱগণে ছবিখনৰ শ্বুটিঙৰ কাম শেষ হৈ যোৱাৰ পাছতো দুয়ো একেলগে যথেষ্ট সময় অতিবাহিত কৰিবলৈ আৰম্ভ কৰিছিল। গছিপ অনুসৰি অজয় দেৱগন আৰু কংগনা ইজনে সিজনৰ হৃদয়ৰ খুবেই ওচৰ চাপিছিল। অজয় দেৱগণেও কংগনাৰ ৰূপ-সৌন্দৰ্যত মুগ্ধ হৈ 'ৰাস্কেল' আৰু 'তেজ'ত অভিনয় কৰাৰো সুযোগ প্ৰদান কৰে। কংগনাই এই চিনেমা দুখন পোৱাত সহায় কৰিছিল অজয়ে। 'তেজ'ত বিদ্যা বালানক অফাৰ দিয়া হৈছিল কিন্তু অজয়ে কংগনাক ল'বলৈ অনুৰোধ কৰাত চিনেমাখন বিদ্যা বালানৰ সলনি কংগনাই লাভ কৰিছিল। অজয়ৰ সৈতে এই দুখন চিনেমাতো অভিনয় কৰে কংগনাই। এই খবৰ বাগৰি বাগৰি কাজলৰ কাণতো গৈ পৰে। এই কথা শুনি ধৈৰ্য ধৰে কেনেকৈ পত্নীয়ে। কাজলে স্বামী অজয়ক কংগনাৰ পৰা আঁতৰি থাকিবলৈ বাৰে বাৰে আদেশ দিছিল। ই খবৰবোৰ শুনাৰ পিছত কাজলৰ ইমানেই খং উঠিছিল যে তেওঁ ল’ৰা-ছোৱালী কেইটাক লগত লৈ অজয়ক এৰি যোৱাৰ ধমকি দিছিল। কাজলে ঘৰ এৰি গুচি যাম বুলি কোৱাত অজয়ে তেনে নকৰিবলৈ কয় কাজলক। তেতিয়া কাজলে অজয় দেৱগনক শপত খুৱাই কয় যে ''তুমি কংগনাৰ পৰা আঁতৰি থাকিবা আৰু একেলগে কোনো চিনেমা নকৰিবা।'' অজয় দেৱগনেও প্ৰিয়তমা পত্নীক হেৰুওৱাৰ ভয়ত সেই কথা মানি লয় আৰু তেতিয়াৰে পৰা অজয় দেৱগন আৰু কংগনা ৰাণাৱটক একেলগে কোনো ছবিতে দেখা পোৱা নাই। আৰু পঢ়কঃ ‘নাইটবাৰ্ডি’ নামেৰে আছিল জনপ্ৰিয়! সংগীতশিল্পী জেন মাৰ্কজেউস্কিৰ ৩১ বছৰত মৃত্যু

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু