--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অজয় দেৱগন আৰু কাজল হৈছে বলীউডৰ অন্যতম জনপ্ৰিয় আৰু শক্তিশালী দম্পতি। ২৩ বছৰ ধৰি সুখৰ সংসাৰ কৰি আছে অজয়-কাজলে। দুয়োৰে মাজত আছে অতি মিলা-প্ৰীতি। এটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানেৰে ভৰপূৰ অজয়-কাজলৰ সোণালী সংসাৰ। পাছে এই সুখৰ সংসাৰতো মাজতে লাগিছিল কেৰোণ। সংসাৰখন ভাঙিবলৈ ওলাইছিলেই, পাছে কোনোমতেহে পৰিল ৰক্ষা। অজয় আৰু কাজলৰ সম্পৰ্কত কেৰোণ লগাবলৈ খলনায়িকা হিচাপে প্ৰৱেশ কৰিছিল কংগনা ৰাণাৱট। ‘ৱান্স আপন এ টাইম ইন মুম্বাই’ চিনেমাখনৰ শ্বুটিং চলি থকাৰ সময়তে অজয় দেৱগন আৰু কাজলৰ মাজত কাজিয়া চলি থকাৰ খবৰ পোৱা গৈছিল। এই কাজিয়াৰ মূলতে আছিল কংগনা ৰাণাৱট। অজয় দেৱগন আৰু কংগনা ৰাণাৱটৰ নিবিড় সম্পৰ্ক গঢ় লৈ উঠে ‘ৱান্স আপন এ টাইম ইন মুম্বাই’ চিনেমাখনৰ শ্বুটিং চলি থকাৰ সময়ত। কংগনা ৰাণাৱট আৰু অজয় দেৱগণে ছবিখনৰ শ্বুটিঙৰ কাম শেষ হৈ যোৱাৰ পাছতো দুয়ো একেলগে যথেষ্ট সময় অতিবাহিত কৰিবলৈ আৰম্ভ কৰিছিল। গছিপ অনুসৰি অজয় দেৱগন আৰু কংগনা ইজনে সিজনৰ হৃদয়ৰ খুবেই ওচৰ চাপিছিল। অজয় দেৱগণেও কংগনাৰ ৰূপ-সৌন্দৰ্যত মুগ্ধ হৈ 'ৰাস্কেল' আৰু 'তেজ'ত অভিনয় কৰাৰো সুযোগ প্ৰদান কৰে। কংগনাই এই চিনেমা দুখন পোৱাত সহায় কৰিছিল অজয়ে। 'তেজ'ত বিদ্যা বালানক অফাৰ দিয়া হৈছিল কিন্তু অজয়ে কংগনাক ল'বলৈ অনুৰোধ কৰাত চিনেমাখন বিদ্যা বালানৰ সলনি কংগনাই লাভ কৰিছিল। অজয়ৰ সৈতে এই দুখন চিনেমাতো অভিনয় কৰে কংগনাই। এই খবৰ বাগৰি বাগৰি কাজলৰ কাণতো গৈ পৰে। এই কথা শুনি ধৈৰ্য ধৰে কেনেকৈ পত্নীয়ে। কাজলে স্বামী অজয়ক কংগনাৰ পৰা আঁতৰি থাকিবলৈ বাৰে বাৰে আদেশ দিছিল। ই খবৰবোৰ শুনাৰ পিছত কাজলৰ ইমানেই খং উঠিছিল যে তেওঁ ল’ৰা-ছোৱালী কেইটাক লগত লৈ অজয়ক এৰি যোৱাৰ ধমকি দিছিল। কাজলে ঘৰ এৰি গুচি যাম বুলি কোৱাত অজয়ে তেনে নকৰিবলৈ কয় কাজলক। তেতিয়া কাজলে অজয় দেৱগনক শপত খুৱাই কয় যে ''তুমি কংগনাৰ পৰা আঁতৰি থাকিবা আৰু একেলগে কোনো চিনেমা নকৰিবা।'' অজয় দেৱগনেও প্ৰিয়তমা পত্নীক হেৰুওৱাৰ ভয়ত সেই কথা মানি লয় আৰু তেতিয়াৰে পৰা অজয় দেৱগন আৰু কংগনা ৰাণাৱটক একেলগে কোনো ছবিতে দেখা পোৱা নাই। আৰু পঢ়কঃ ‘নাইটবাৰ্ডি’ নামেৰে আছিল জনপ্ৰিয়! সংগীতশিল্পী জেন মাৰ্কজেউস্কিৰ ৩১ বছৰত মৃত্যু

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু