--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহাৰ মাহত যি পূৰ্ণিমা আহে তাক গুৰু পূৰ্ণিমা বোলা হয়। গুৰু পূৰ্ণিমাৰ দিনা গুৰু পূজাৰ বিশেষ গুৰুত্ব থাকে বুলি বিশ্বাস কৰা হয়। এইবাৰ গুৰু পূৰ্ণিমা ১৩ জুলাই বুধবাৰে পৰিব। সেই দিনটোত গ্ৰহৰ এক বিশেষ সংমিশ্ৰণো গঢ় লৈ উঠিছে। জ্যোতিষীসকলৰ মতে, এইবাৰ গুৰু পূৰ্ণিমাৰ দিনা তিনিটা প্ৰধান গ্ৰহ এটা ৰাশিত বহি ত্ৰিগ্ৰহী যোগ গঠন কৰিব। সেই দিনটোত মিথুন ৰাশিত সূৰ্য্য, শুক্ৰ আৰু বুধ গ্ৰহ একেলগে থাকিব। এই আচৰিত সংমিশ্ৰণৰ পৰা কোনকেইটা ৰাশি উপকৃত হ’ব জানো আহক।

১)বৃষ ৰাশিঃ বৃষ ৰাশিৰ দ্বিতীয় স্থানত ত্ৰিগ্ৰহী যোগ গঢ় লৈ উঠিছে। যাক ধন আৰু বাক্যৰ স্থান বোলা হয়। সেয়ে এই সময়ছোৱাত হঠাৎ আৰ্থিক লাভ হব পাৰে। লগতে কাৰোবাক দিয়া ধাৰৰ ধন ঘূৰাই পাব। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব। সমাজত প্ৰতিপত্তিও বাঢ়িব। যদি আপুনি অবিবাহিত তেন্তে বিবাহৰ প্ৰস্তাৱ পাব পাৰে।

২)মিথুন ৰাশিঃ মিথুন ৰাশিৰ লোকসকলে কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। খৰচ কম হ’ব আৰু বেংকৰ বেলেঞ্চ বৃদ্ধি হ’ব। ভাগ্যই দিব সম্পূৰ্ণ সমৰ্থন। পাৰিবাৰিক সমস্যাৰ পৰাও মুক্ত হ’ব। এই সময়ছোৱাত আপুনি পাব পাৰে ভাল খবৰ। বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজনৰ সহায় লাভ কৰিব। ব্যৱসায়ত অপ্ৰত্যাশিত সফলতা লাভ কৰিব। যিবোৰ অপ্ৰয়োজনীয় খৰচ হৈ আছিল সেইবোৰ বন্ধ হ’ব। জীৱনসংগীৰ সৈতে ভাল সম্পৰ্ক গঢ় লৈ উঠিব। লগতে পাৰ্টনাৰশ্বিপৰ কামত আপুনি ভাল সফলতা লাভ কৰিব পাৰে।

৩)ধনু ৰাশিঃ এই সময়ত আপুনি নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। লগতে যদি আপুনি কোনো কাম কাম কৰি আছে তেন্তে আপুনি প্ৰমোচন বা ইনক্ৰিমেণ্ট পাব পাৰে। কৰ্মস্থলীত আপোনাৰ কামৰ শলাগ লোৱা হ’ব। ব্যৱসায়ত ভাল লাভ হ’ব পাৰে। লগতে যদি আপোনাৰ ব্যৱসায় বিদেশৰ লগত জড়িত, তেন্তে আপুনি ভাল টকা উপাৰ্জন কৰিব পাৰিব। দীঘলীয়া বাকী থকা কাম সম্পূৰ্ণ হ’ব। চৰকাৰী চাকৰি বিচৰা মানুহৰ বাবেও সময় ভাল। যিকোনো শুভ কাম আৰম্ভ কৰাৰ বাবে এইটোৱেই উত্তম সময়। এই সময়ছোৱাত আপোনাৰ এখন বাহন ক্ৰয় কৰাও হ’ব পাৰে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু