--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হাৱা ভাল চলা নাই! উত্তৰ প্ৰদেশ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিজেপি দল যিবোৰ বিলাই বিপত্তিৰ সন্মুখীন হ’বলগীয়া হৈছে, তালৈ চালে এটা কথা ক’ব পাৰি, হাৱা ভাল চলা নাই! বিজেপিৰ সপক্ষে এইবাৰ যেন বতাহ মুঠেও বলা নাই। তিনিগৰাকীকৈ মন্ত্ৰীকে ধৰি প্ৰায় এক ডজন বিধায়কৰ দল ত্যাগ আৰু সমাজবাদীত যোগদানৰ দৰে ঘটনাৰ জোঁকাৰণি চম্ভালি লোৱাৰ চেষ্টা অব্যাহত ৰখাৰ মাজতে এইবাৰ বিজেপি বিধায়ক সন্মুখীন হ’বলগীয়া হৈছে অধিষ্ঠানবিৰোধী ঢৌৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা বিজেপি বিধায়কক তেওঁৰ সমষ্টিৰ লোকেই পহুখেদা দিয়া ঘটনাই এতিয়া ইণ্টাৰনেটত ব্যাপক চৰ্চা লাভ কৰিছে। মুজাফ্ফৰ নগৰৰ খাটাউলী সমষ্টিৰ বিধায়ক বিক্ৰম সিং ছাইনীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱাৰ সময়ত তাৰ বাসিন্দাৰ ব্যাপক ক্ষোভৰ সন্মুখীন হ’বলগীয়া হয়। ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে, বিজেপি বিধায়কগৰাকীৰ গাড়ীৰ পিছে পিছে খেদি গৈছে একাংশ সমষ্টিবাসীয়ে। তেওঁলোকে বিধায়কজনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াও পৰিলক্ষিত হয়। প্ৰতিবাদী লোকসকলে কৃষি আইনৰ প্ৰসংগক লৈ বিধায়কজনক জবাবদিহি কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ক্ষিপ্ত হৈ উঠা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। প্ৰথমে বিধায়কজনে আত্মপক্ষ সমৰ্থন কৰাৰ চেষ্টা কৰে যদিও পাছত তেওঁ হাতযোৰ কৰি গাড়ীত উঠি সমষ্টি ত্যাগ কৰিবলৈ বাধ্য হয়। বিভিন্ন সময়ত নানা বিস্ফোৰক আৰু প্ৰৰোচনামূলক মন্তব্যৰে বিভিন্ন সময়ত ব্যাপক বিতৰ্কৰ সৃষ্টি কৰি আহিছিল বিধায়ক ছাইনীয়ে। ভাৰতক হিন্দুৰ ৰাষ্ট্ৰ আখ্যা দিয়া লগতে গো হত্যাকাৰীৰ অংগক্ষত কৰাৰ হুংকাৰো দিছিল বিধায়কজনে। এতিয়া নিৰ্বাচনৰ সময়ত তেওঁ গণবিক্ষোক্ষৰ সন্মুখীন হ’বলগীয়া হোৱাটোৱে এই কথাকে যেন স্পষ্ট কৰি দিছে এইবাৰ হাৱা ভাল চলা নাই! মন কৰিবলগীয়া যে, ১০ ফেব্ৰুৱাৰীৰ পৰা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া দেশৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্যখনত কৃষি আইনৰ প্ৰসংগই বিশেষ প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু