--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হাৱা ভাল চলা নাই! উত্তৰ প্ৰদেশ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিজেপি দল যিবোৰ বিলাই বিপত্তিৰ সন্মুখীন হ’বলগীয়া হৈছে, তালৈ চালে এটা কথা ক’ব পাৰি, হাৱা ভাল চলা নাই! বিজেপিৰ সপক্ষে এইবাৰ যেন বতাহ মুঠেও বলা নাই। তিনিগৰাকীকৈ মন্ত্ৰীকে ধৰি প্ৰায় এক ডজন বিধায়কৰ দল ত্যাগ আৰু সমাজবাদীত যোগদানৰ দৰে ঘটনাৰ জোঁকাৰণি চম্ভালি লোৱাৰ চেষ্টা অব্যাহত ৰখাৰ মাজতে এইবাৰ বিজেপি বিধায়ক সন্মুখীন হ’বলগীয়া হৈছে অধিষ্ঠানবিৰোধী ঢৌৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা বিজেপি বিধায়কক তেওঁৰ সমষ্টিৰ লোকেই পহুখেদা দিয়া ঘটনাই এতিয়া ইণ্টাৰনেটত ব্যাপক চৰ্চা লাভ কৰিছে। মুজাফ্ফৰ নগৰৰ খাটাউলী সমষ্টিৰ বিধায়ক বিক্ৰম সিং ছাইনীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱাৰ সময়ত তাৰ বাসিন্দাৰ ব্যাপক ক্ষোভৰ সন্মুখীন হ’বলগীয়া হয়। ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে, বিজেপি বিধায়কগৰাকীৰ গাড়ীৰ পিছে পিছে খেদি গৈছে একাংশ সমষ্টিবাসীয়ে। তেওঁলোকে বিধায়কজনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াও পৰিলক্ষিত হয়। প্ৰতিবাদী লোকসকলে কৃষি আইনৰ প্ৰসংগক লৈ বিধায়কজনক জবাবদিহি কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ক্ষিপ্ত হৈ উঠা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। প্ৰথমে বিধায়কজনে আত্মপক্ষ সমৰ্থন কৰাৰ চেষ্টা কৰে যদিও পাছত তেওঁ হাতযোৰ কৰি গাড়ীত উঠি সমষ্টি ত্যাগ কৰিবলৈ বাধ্য হয়। বিভিন্ন সময়ত নানা বিস্ফোৰক আৰু প্ৰৰোচনামূলক মন্তব্যৰে বিভিন্ন সময়ত ব্যাপক বিতৰ্কৰ সৃষ্টি কৰি আহিছিল বিধায়ক ছাইনীয়ে। ভাৰতক হিন্দুৰ ৰাষ্ট্ৰ আখ্যা দিয়া লগতে গো হত্যাকাৰীৰ অংগক্ষত কৰাৰ হুংকাৰো দিছিল বিধায়কজনে। এতিয়া নিৰ্বাচনৰ সময়ত তেওঁ গণবিক্ষোক্ষৰ সন্মুখীন হ’বলগীয়া হোৱাটোৱে এই কথাকে যেন স্পষ্ট কৰি দিছে এইবাৰ হাৱা ভাল চলা নাই! মন কৰিবলগীয়া যে, ১০ ফেব্ৰুৱাৰীৰ পৰা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া দেশৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্যখনত কৃষি আইনৰ প্ৰসংগই বিশেষ প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ