--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই আজি গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন সংবাদমেলত দেশৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে। তেওঁ কয়, প্ৰধানমন্ত্ৰী মোদীৰ অদক্ষতাৰ বাবে দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে। দেশৰ অৰ্থনীতি একাংশ মুষ্টিমেয় পুঁজিপতিৰ হাতত গতাই দিয়াৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আকাশলংঘী হৈছে। পুঁজিপতিসকলৰ মুঠ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাই গৈ আছে আৰু দৰিদ্ৰসকল অতিশয় দৰিদ্ৰ হ’বলৈ গতি কৰিছে। দেশৰ অৰ্থনীতি বিধ্বস্ত হৈছে। সংবাদমেলত তেওঁ দেশৰ ভাগি পৰা অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে কংগ্ৰেছ দলৰ হৈ প্ৰধানমন্ত্ৰী মোদীক বহুকেইটা পৰামৰ্শ আগবঢ়ায় সৰ্বসাধাৰণ ৰাইজৰ ওপৰত আৰোপ কৰা জিএচটি প্ৰত্যাহাৰ কৰিব লাগে। চৰকাৰে অতি শীঘ্ৰে পেট্ৰ’লজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ প্ৰত্যাহাৰ কৰিব লাগে। ক’ৰ্পৰেট কৰ হ্ৰাস কৰা প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিব লাগে। পুঁজিপতিসকলৰ ওপৰত পূৰ্বে বলৱৎ থকা ৱেল্থ টেক্স পুনৰ বলৱৎহ কৰা উচিত। ৰাষ্ট্ৰীয় নূন্যতম মজুৰি বৰ্তমানৰ ১৭৮টকাৰ পৰা মূল্যমানৰ লগত সংগতি ৰাখি বৃদ্ধি কৰি শ্ৰমিকসকলৰ উপাৰ্জন বৃদ্ধি কৰিব লাগে। সকলোবিলাক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা জিএছটি সৰলীকৰণ কৰিব লাগে। ব্যাপকভাৱে কৰ্ম-সংস্থাপন সৃষ্টি কৰি নিবনুৱা সমস্যা লাঘৱ কৰিব লাগে। কৰ’না মহামাৰীৰত ক্ষতিগ্ৰস্ত সকলো ব্যৱসায়ী, শ্ৰমিক, আৰু কৃষকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকৰ ভাগি পৰা অৰ্থনীতি পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰিব লাগে- আদি পৰামৰ্শসমূহ যদিহে প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰে তেন্তে দেশত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দিনৰ অৰ্থনৈতিক অৱস্থা ঘূৰি আহিব বুলি মন্তব্য কৰে ৰিপুন বৰাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু