--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই আজি গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন সংবাদমেলত দেশৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে। তেওঁ কয়, প্ৰধানমন্ত্ৰী মোদীৰ অদক্ষতাৰ বাবে দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে। দেশৰ অৰ্থনীতি একাংশ মুষ্টিমেয় পুঁজিপতিৰ হাতত গতাই দিয়াৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আকাশলংঘী হৈছে। পুঁজিপতিসকলৰ মুঠ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাই গৈ আছে আৰু দৰিদ্ৰসকল অতিশয় দৰিদ্ৰ হ’বলৈ গতি কৰিছে। দেশৰ অৰ্থনীতি বিধ্বস্ত হৈছে। সংবাদমেলত তেওঁ দেশৰ ভাগি পৰা অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে কংগ্ৰেছ দলৰ হৈ প্ৰধানমন্ত্ৰী মোদীক বহুকেইটা পৰামৰ্শ আগবঢ়ায় সৰ্বসাধাৰণ ৰাইজৰ ওপৰত আৰোপ কৰা জিএচটি প্ৰত্যাহাৰ কৰিব লাগে। চৰকাৰে অতি শীঘ্ৰে পেট্ৰ’লজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ প্ৰত্যাহাৰ কৰিব লাগে। ক’ৰ্পৰেট কৰ হ্ৰাস কৰা প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিব লাগে। পুঁজিপতিসকলৰ ওপৰত পূৰ্বে বলৱৎ থকা ৱেল্থ টেক্স পুনৰ বলৱৎহ কৰা উচিত। ৰাষ্ট্ৰীয় নূন্যতম মজুৰি বৰ্তমানৰ ১৭৮টকাৰ পৰা মূল্যমানৰ লগত সংগতি ৰাখি বৃদ্ধি কৰি শ্ৰমিকসকলৰ উপাৰ্জন বৃদ্ধি কৰিব লাগে। সকলোবিলাক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা জিএছটি সৰলীকৰণ কৰিব লাগে। ব্যাপকভাৱে কৰ্ম-সংস্থাপন সৃষ্টি কৰি নিবনুৱা সমস্যা লাঘৱ কৰিব লাগে। কৰ’না মহামাৰীৰত ক্ষতিগ্ৰস্ত সকলো ব্যৱসায়ী, শ্ৰমিক, আৰু কৃষকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকৰ ভাগি পৰা অৰ্থনীতি পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰিব লাগে- আদি পৰামৰ্শসমূহ যদিহে প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰে তেন্তে দেশত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দিনৰ অৰ্থনৈতিক অৱস্থা ঘূৰি আহিব বুলি মন্তব্য কৰে ৰিপুন বৰাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement