--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আম আদমী পাৰ্টিৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গুজৰাটৰ এজন অনাময় কৰ্মীক আজি ২৬ ছেপ্টেম্বৰত তেওঁৰ দিল্লীৰ বাসভৱনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ আদৰণি জনায়।

এই ব্যক্তিজনৰ নাম হৰ্ষ ৷ আৰু তেওঁৰ পৰিয়ালক আদৰণি জনাই দিল্লীৰ মুখ্যমন্ত্ৰীয়ে লিখিছিল, "হৰ্ষ আৰু পৰিয়ালক স্বাগতম জনাইছো। মোৰ পৰিয়ালে তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে৷”
আপৰ ৰাজ্যসভাৰ সদস্য ৰাঘৱ চাধাই দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অনাময় কৰ্মীজনক আদৰণি জনাইছিল৷ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালেও দিল্লীত যুৱকজনৰ পৰিয়ালৰ আগমন আৰু প্ৰস্থানৰ ব্যৱস্থা কৰিছে।

দেওবাৰে গুজৰাটৰ আহমেদাবাদত অনাময় কৰ্মীৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত এজন যুৱকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেওঁৰ ঘৰত আহাৰ খাবলৈ আমন্ত্ৰণ জনাছিল৷  সেইবাবেই কেজৰিৱালে  এতিয়া তেওঁৰ বাসগৃহলৈয়ো আমন্ত্ৰণ জনাইছে অনাময় কৰ্মীজনক৷ 

হৰ্ষৰ আমন্ত্ৰণৰ ৰক্ষা কৰি  মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁক প্ৰশ্ন কৰিছিল যে, "মই নিশ্চিতভাৱে আপোনাৰ ঘৰলৈ খাদ্য খাবলৈ আহিম, কিন্তু তাৰ আগতে মোৰ ওচৰত এটা প্ৰস্তাৱ আছে। যদি আপুনি মোৰ এই প্ৰস্তাৱটো গ্ৰহণ কৰে, তেন্তে কেৱল মই আপোনাৰ ঘৰলৈ খাদ্য খাবলৈ আহিম।"
অৰবিন্দ কেজৰিৱালে লগতে কৈছিল যে, "মই দেখিছোঁ যে নেতাসকলে নিৰ্বাচনৰ পূৰ্বে প্ৰদৰ্শন কৰিবলৈ দলিতসকলৰ ঘৰলৈ খাদ্য খাবলৈ যায়। আজিলৈকে কোনো নেতাই কোনো দলিতক খাদ্যৰ বাবে তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ কৰা নাই।”

হৰ্ষক দিল্লীৰ বাসগৃহলৈ আমন্ত্ৰণ জনাই কেজৰিৱালে  তেওঁৰ  গোটেই পৰিয়ালৰ বাবে  বিমানৰ টিকট প্ৰেৰণ কৰিছিল।হৰ্ষৰ পৰিয়ালে পুৱা ১০.০০ বজাত দিল্লী বিমানবন্দৰত উপস্থিত হৈছিল। দিল্লীত উপস্থিত হোৱাৰ  পিছত, তেওঁলোকে দিল্লীৰ বিদ্যালয় চাবলৈ যাব। দুপৰীয়া ১.৩০ বজাত, তেওঁলোকে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে মধ্যাহ্নভোজন কৰিব আৰু আবেলি ২.৩০বজাত চৰকাৰী চিকিৎসালয়পৰিদৰ্শন কৰিব। ইয়াৰ পিছত, সন্ধিয়া ৬.৩০ বজাত হৰ্ষে তেওঁৰ পৰিয়ালৰ সৈতে দিল্লীৰ পৰা গুজৰাটলৈ ৰাওনা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ