--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আম আদমী পাৰ্টিৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গুজৰাটৰ এজন অনাময় কৰ্মীক আজি ২৬ ছেপ্টেম্বৰত তেওঁৰ দিল্লীৰ বাসভৱনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ আদৰণি জনায়।

এই ব্যক্তিজনৰ নাম হৰ্ষ ৷ আৰু তেওঁৰ পৰিয়ালক আদৰণি জনাই দিল্লীৰ মুখ্যমন্ত্ৰীয়ে লিখিছিল, "হৰ্ষ আৰু পৰিয়ালক স্বাগতম জনাইছো। মোৰ পৰিয়ালে তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে৷”
আপৰ ৰাজ্যসভাৰ সদস্য ৰাঘৱ চাধাই দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অনাময় কৰ্মীজনক আদৰণি জনাইছিল৷ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালেও দিল্লীত যুৱকজনৰ পৰিয়ালৰ আগমন আৰু প্ৰস্থানৰ ব্যৱস্থা কৰিছে।

দেওবাৰে গুজৰাটৰ আহমেদাবাদত অনাময় কৰ্মীৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত এজন যুৱকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেওঁৰ ঘৰত আহাৰ খাবলৈ আমন্ত্ৰণ জনাছিল৷  সেইবাবেই কেজৰিৱালে  এতিয়া তেওঁৰ বাসগৃহলৈয়ো আমন্ত্ৰণ জনাইছে অনাময় কৰ্মীজনক৷ 

হৰ্ষৰ আমন্ত্ৰণৰ ৰক্ষা কৰি  মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁক প্ৰশ্ন কৰিছিল যে, "মই নিশ্চিতভাৱে আপোনাৰ ঘৰলৈ খাদ্য খাবলৈ আহিম, কিন্তু তাৰ আগতে মোৰ ওচৰত এটা প্ৰস্তাৱ আছে। যদি আপুনি মোৰ এই প্ৰস্তাৱটো গ্ৰহণ কৰে, তেন্তে কেৱল মই আপোনাৰ ঘৰলৈ খাদ্য খাবলৈ আহিম।"
অৰবিন্দ কেজৰিৱালে লগতে কৈছিল যে, "মই দেখিছোঁ যে নেতাসকলে নিৰ্বাচনৰ পূৰ্বে প্ৰদৰ্শন কৰিবলৈ দলিতসকলৰ ঘৰলৈ খাদ্য খাবলৈ যায়। আজিলৈকে কোনো নেতাই কোনো দলিতক খাদ্যৰ বাবে তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ কৰা নাই।”

হৰ্ষক দিল্লীৰ বাসগৃহলৈ আমন্ত্ৰণ জনাই কেজৰিৱালে  তেওঁৰ  গোটেই পৰিয়ালৰ বাবে  বিমানৰ টিকট প্ৰেৰণ কৰিছিল।হৰ্ষৰ পৰিয়ালে পুৱা ১০.০০ বজাত দিল্লী বিমানবন্দৰত উপস্থিত হৈছিল। দিল্লীত উপস্থিত হোৱাৰ  পিছত, তেওঁলোকে দিল্লীৰ বিদ্যালয় চাবলৈ যাব। দুপৰীয়া ১.৩০ বজাত, তেওঁলোকে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে মধ্যাহ্নভোজন কৰিব আৰু আবেলি ২.৩০বজাত চৰকাৰী চিকিৎসালয়পৰিদৰ্শন কৰিব। ইয়াৰ পিছত, সন্ধিয়া ৬.৩০ বজাত হৰ্ষে তেওঁৰ পৰিয়ালৰ সৈতে দিল্লীৰ পৰা গুজৰাটলৈ ৰাওনা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু