--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনকলৈ এতিয়া দলটোৰ ভিতৰত বেছ সক্ৰিয়তা পৰিলক্ষিত হৈছে।সভাপতি পদৰ প্ৰাৰ্থী হিচাবে কেইবাগৰাকীও ঙেভিৱেট নেতাৰ নাম ওলাইছে। তেওঁলোকৰ ভিতৰত শশী থাৰুৰো এজন। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা তিৰুৱন্তপুৰমৰ সাংসদ শশী থাৰুৰে কৈছে যে গান্ধী পৰিয়ালে তেওঁ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰাত কোনো আপত্তি কৰা নাই। 

পালাক্কাড জিলাৰ পাট্টাম্বিত ভাৰত যোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি তিৰুৱন্তপুৰমৰ সাংসদজনে কয় " মই  ৰাহুল গান্ধীক লগ পাইছো। মই গান্ধী পৰিয়ালৰ তিনিজন লোকৰ সৈতে কথা পাতিছিলো আৰু তেওঁলোকে মই  প্ৰতিদ্বন্দিতা কৰাৰ কোনো সমস্যা নাই বুলি কৈছে । মই এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই আৰু সমগ্ৰ দেশৰ পৰা পোৱা প্ৰতিক্ৰিয়া বোৰ নিৰীক্ষণ কৰি আছো "। 

তেওঁ কেৰালাৰ কংগ্ৰেছ নেতাসকলৰ পৰা সমৰ্থন আশা কৰে নেকি বুলি সোধাত কয়, "হয়, নিশ্চিতভাৱে, কিন্তু সকলোৱে সমৰ্থন নকৰে আৰু মনোনয়ন দাখিল কৰাৰ পিছত মোৰ সমৰ্থন বহু বৃদ্ধি পাব।" খবৰ অনুসৰি কেৰালা কংগ্ৰেছৰ নেতাসকল থাৰুৰে সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱাত সুখী নহয়। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'ব লাগে বুলিহে কৈ আহিছে। আজি থাৰুৰে ৰাহুল গান্ধীৰ সৈতে ভাৰত যোড়ো যাত্ৰাত যোগদান কৰে। 

থাৰুৰে পদযাত্ৰাৰ বাবে কেৰালাৰ পালাক্কাডৰ পাট্টাম্বিত উপস্থিত হয় । মনোনয়ন দাখিলৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে থাৰুৰে নিশ্চিত কৰে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।  তেওঁ লগতে কয় যে  ৰাহুল গান্ধীৰ সৈতে তেওঁ এই বিষয়ত  কথা পাতিছে আৰু তেওঁলোকৰ পূৰ্ণ সমৰ্থন আছে। ৰাহুল, ছোনিয়া আৰু প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা নকৰে বুলিও থাৰুৰে কয়।

 থাৰুৰে মনোনয়ন দাখিলৰ অন্তিম দিন শুকুৰবাৰে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে। এইবাৰ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ মাজত কংগ্ৰেছৰ সভাপতি  পদৰ বাবে প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে । মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব ২৪ ছেপ্টেম্বৰত আৰম্ভ হৈছে । প্ৰাৰ্থীসকলে ৩০ ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকৰ মনোনয়ন দাখিল কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু