--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনকলৈ এতিয়া দলটোৰ ভিতৰত বেছ সক্ৰিয়তা পৰিলক্ষিত হৈছে।সভাপতি পদৰ প্ৰাৰ্থী হিচাবে কেইবাগৰাকীও ঙেভিৱেট নেতাৰ নাম ওলাইছে। তেওঁলোকৰ ভিতৰত শশী থাৰুৰো এজন। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা তিৰুৱন্তপুৰমৰ সাংসদ শশী থাৰুৰে কৈছে যে গান্ধী পৰিয়ালে তেওঁ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰাত কোনো আপত্তি কৰা নাই। 

পালাক্কাড জিলাৰ পাট্টাম্বিত ভাৰত যোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি তিৰুৱন্তপুৰমৰ সাংসদজনে কয় " মই  ৰাহুল গান্ধীক লগ পাইছো। মই গান্ধী পৰিয়ালৰ তিনিজন লোকৰ সৈতে কথা পাতিছিলো আৰু তেওঁলোকে মই  প্ৰতিদ্বন্দিতা কৰাৰ কোনো সমস্যা নাই বুলি কৈছে । মই এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই আৰু সমগ্ৰ দেশৰ পৰা পোৱা প্ৰতিক্ৰিয়া বোৰ নিৰীক্ষণ কৰি আছো "। 

তেওঁ কেৰালাৰ কংগ্ৰেছ নেতাসকলৰ পৰা সমৰ্থন আশা কৰে নেকি বুলি সোধাত কয়, "হয়, নিশ্চিতভাৱে, কিন্তু সকলোৱে সমৰ্থন নকৰে আৰু মনোনয়ন দাখিল কৰাৰ পিছত মোৰ সমৰ্থন বহু বৃদ্ধি পাব।" খবৰ অনুসৰি কেৰালা কংগ্ৰেছৰ নেতাসকল থাৰুৰে সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱাত সুখী নহয়। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'ব লাগে বুলিহে কৈ আহিছে। আজি থাৰুৰে ৰাহুল গান্ধীৰ সৈতে ভাৰত যোড়ো যাত্ৰাত যোগদান কৰে। 

থাৰুৰে পদযাত্ৰাৰ বাবে কেৰালাৰ পালাক্কাডৰ পাট্টাম্বিত উপস্থিত হয় । মনোনয়ন দাখিলৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে থাৰুৰে নিশ্চিত কৰে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।  তেওঁ লগতে কয় যে  ৰাহুল গান্ধীৰ সৈতে তেওঁ এই বিষয়ত  কথা পাতিছে আৰু তেওঁলোকৰ পূৰ্ণ সমৰ্থন আছে। ৰাহুল, ছোনিয়া আৰু প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা নকৰে বুলিও থাৰুৰে কয়।

 থাৰুৰে মনোনয়ন দাখিলৰ অন্তিম দিন শুকুৰবাৰে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে। এইবাৰ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ মাজত কংগ্ৰেছৰ সভাপতি  পদৰ বাবে প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে । মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব ২৪ ছেপ্টেম্বৰত আৰম্ভ হৈছে । প্ৰাৰ্থীসকলে ৩০ ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকৰ মনোনয়ন দাখিল কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ