--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয়ৰ উপৰিও অভিনেত্ৰী আলিয়া ভট্টে কন্যা ৰাহাক সময় দিছে। ছোৱালীজনীক ডাঙৰ-দীঘল কৰিবলৈ তেওঁ নিজকে সাজু কৰিছে। আলিয়াই কেতিয়াও বিশেষ কিতাপ পঢ়া নাছিল। সৰুতে তেওঁৰ পঢ়া-শুনাৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল। মাত্ৰ খিৰিকীৰে বাহিৰলৈ চাই দিবাস্বপ্ন দেখিছিল। কিন্তু ৰাহা জীৱনলৈ অহাৰ পিছত কিতাপ তেওঁৰ অন্যতম জীৱন সংগী হৈ পৰিল। প্ৰায় প্ৰতিদিনেই তেওঁ ৰাহাক এখন কিতাপ পঢ়ি শুনায়৷

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আলিয়াই কয়, "প্ৰতিদিনে পুৱা, দুপৰীয়া আৰু নিশা ৰাহাই কিতাপ পঢ়ে। এখন বা দুখন কিতাপ নহয়, হয়, চাৰিখন কিতাপ পঢ়ি শুনাও। ৰহাই কিতাপ ভাল পায়। শুই থাকোঁতে কিতাপখন সাৱটি ধৰে।"

সৰুতে আলিয়াকো কিতাপ দিয়া হৈছিল। মাতৃ ছোনী ৰাজদান আৰু ভগ্নী শ্বাহীন ভাটে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ ওপৰত জোৰ দিছিল। কিন্তু আলিয়াই ক’লে যে তাই সেইবোৰ পঢ়িবলৈ আগ্ৰহী নাছিল। তেওঁ ক’লে- ‘‘পঢ়াটো মোৰ একেবাৰেই ভাল নালাগিছিল। আইতাই আগতে বহুত পঢ়া-শুনা কৰিছিল। তেওঁ ৰাতি হেৰী পটাৰৰ সকলো কিতাপ পঢ়ি শুনাইছিল।’’

আলিয়াই আৰু কয়, “মই আগতে খিৰিকীৰে বাহিৰলৈ চাই চাই থাকিছিলো৷” আলিয়াই কয় যে তেওঁ ৰহাৰ বাবে শিশু সাহিত্যক নতুনকৈ চিনি পাবলৈ ধৰিছে। আৰু সেইবাবেই তেওঁ নিজৰ একমাত্ৰ কন্যাক উৎসৰ্গিত এখন শিশুৰ কিতাপও লিখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু