--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয়ৰ উপৰিও অভিনেত্ৰী আলিয়া ভট্টে কন্যা ৰাহাক সময় দিছে। ছোৱালীজনীক ডাঙৰ-দীঘল কৰিবলৈ তেওঁ নিজকে সাজু কৰিছে। আলিয়াই কেতিয়াও বিশেষ কিতাপ পঢ়া নাছিল। সৰুতে তেওঁৰ পঢ়া-শুনাৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল। মাত্ৰ খিৰিকীৰে বাহিৰলৈ চাই দিবাস্বপ্ন দেখিছিল। কিন্তু ৰাহা জীৱনলৈ অহাৰ পিছত কিতাপ তেওঁৰ অন্যতম জীৱন সংগী হৈ পৰিল। প্ৰায় প্ৰতিদিনেই তেওঁ ৰাহাক এখন কিতাপ পঢ়ি শুনায়৷

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আলিয়াই কয়, "প্ৰতিদিনে পুৱা, দুপৰীয়া আৰু নিশা ৰাহাই কিতাপ পঢ়ে। এখন বা দুখন কিতাপ নহয়, হয়, চাৰিখন কিতাপ পঢ়ি শুনাও। ৰহাই কিতাপ ভাল পায়। শুই থাকোঁতে কিতাপখন সাৱটি ধৰে।"

সৰুতে আলিয়াকো কিতাপ দিয়া হৈছিল। মাতৃ ছোনী ৰাজদান আৰু ভগ্নী শ্বাহীন ভাটে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ ওপৰত জোৰ দিছিল। কিন্তু আলিয়াই ক’লে যে তাই সেইবোৰ পঢ়িবলৈ আগ্ৰহী নাছিল। তেওঁ ক’লে- ‘‘পঢ়াটো মোৰ একেবাৰেই ভাল নালাগিছিল। আইতাই আগতে বহুত পঢ়া-শুনা কৰিছিল। তেওঁ ৰাতি হেৰী পটাৰৰ সকলো কিতাপ পঢ়ি শুনাইছিল।’’

আলিয়াই আৰু কয়, “মই আগতে খিৰিকীৰে বাহিৰলৈ চাই চাই থাকিছিলো৷” আলিয়াই কয় যে তেওঁ ৰহাৰ বাবে শিশু সাহিত্যক নতুনকৈ চিনি পাবলৈ ধৰিছে। আৰু সেইবাবেই তেওঁ নিজৰ একমাত্ৰ কন্যাক উৎসৰ্গিত এখন শিশুৰ কিতাপও লিখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ