--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ২৯ মে'ত সংঘটিত হোৱা জনপ্ৰিয় পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড গোচৰত জড়িত অভিযুক্তসকলৰ এজন-এজনকৈ ক্ৰমাৎ ধৰা পৰিছে। দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা মুছেৱালা হত্যাকাণ্ডত জড়িত থকা আন এগৰাকী অভিযুক্তক এইবাৰ আটক কৰা হৈছে আফ্ৰিকান ৰাষ্ট্ৰ কেনিয়াত। ধৃত অভিযুক্ত গৰাকীক গেংষ্টাৰ তথা মুছেৱালাৰ হত্যাৰ মূল অভিযুক্ত লৰেন্স বিষ্ণৈৰ ভাতৃ আনমোল বিষ্ণৈ বুলি চিনাক্ত কৰা হৈছে।

ইতিমধ্যে ভাৰতে কেনিয়াৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে আৰু ধৃত আনমোল বিষ্ণৈক দেশলৈ ঘূৰাই অনাৰ বাবে সাজু হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে শেহতীয়াকৈ জনপ্ৰিয় গায়কগৰাকীৰ হত্যাৰ ষড়যন্ত্ৰত জড়িত আন এগৰাকী অভিযুক্তক আজাৰবাইজানত আটক কৰা হৈছিল। এই অভিযুক্ত গৰাকীক ল’ৰেঞ্চ বিষ্ণৈৰ ঘনিষ্ঠ সহযোগী শচীন থাপান বুলি চিনাক্ত কৰিছিল।

সিদ্ধু মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল শচীন। অভিযুক্ত থাপানে এখন ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি আন্তৰ্জাতিক ভ্ৰমণ কৰিছিল । এই ভুৱা পাছপ’ৰ্টত তেওঁ নিজকে তিলক ৰাজ টোটেজা বুলি নামাকৰণ কৰিছিল। মুছেৱালা হত্যাকাণ্ডৰ এগৰাকী অন্যতম ষড়যন্ত্ৰকাৰী বুলি চিনাক্ত কৰা শচীন হত্যাকাণ্ডৰ এমাহৰ পূৰ্বে ভাৰতৰ পৰা পলাই গৈছিল বুলি কিছুদিন পূৰ্বে দিল্লী আৰক্ষীয়ে জানিবলৈ দিছিল।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি যোগে সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰত দুয়োজন অভিযুক্ত শচীন থাপান আৰু আনমোল বিষ্ণৈক আজাৰবাইজান আৰু কেনিয়াত আটক কৰা হৈছে বুলি সদৰী কৰিছিল। মন্ত্ৰালয়ে পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে দেশ দুখনৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে বুলি লগতে উল্লেখ কৰিছিল।

উল্লেখ্য যে যোৱা ২৯ মে'ত পঞ্জাৱৰ মানচা জিলাৰ জৱাহাৰকে গাঁৱত এটা বন্দুকধাৰী দলে মুছেৱালাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰি গায়কগৰাকীক হত্যা কৰিছিল। পঞ্জাৱ চৰকাৰে ৰাজ্যখনৰ ভি আই পি সকলৰ নিৰাপত্তাৰক্ষী সেৱা প্ৰত্যাহাৰ কৰাৰ কেইদিনমান পিছতে এই হত্যাকাণ্ড সংঘটিত হৈছিল।

পঞ্জাৱ আৰক্ষীয়ে এই নৃশংস হত্যাকাণ্ডৰ তদন্ত কৰি আছে। আনহাতে দিল্লী আৰক্ষীয়েও এই তদন্তত পঞ্জাৱ আৰক্ষীক সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত অভিযুক্ত আঠগৰাকী শ্বুটাৰৰ প্ৰায় আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেৱল দীপক মুণ্ডি নামৰ অভিযুক্তজনকহে এইপৰ্যন্ত আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। ধৃত শ্বুটাৰসকলে কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ হৈ কাম কৰি আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল।

ইফালে যোৱা ২০ জুলাইত অমৃতসৰৰ এক কাষৰীয়া অঞ্চলত পঞ্জাৱ আৰক্ষীৰ এনকাউণ্টাৰত মুছেৱালা হত্যাকাণ্ডত জড়িত দুগৰাকী গেংষ্টাৰ নিহত হৈছিল। যোৱা ২৯ মে’ত সংঘটিত এই হত্যাকাণ্ডৰ দায়িত্ব ইতিমধ্যে দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈ গোটে স্বীকাৰ কৰিছে। কানাডাস্থিত সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰৰ নিৰ্দেশতে এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি ইতিমধ্যে গোল্ডি ব্ৰাৰে এটা ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement