--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ২৯ মে'ত সংঘটিত হোৱা জনপ্ৰিয় পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড গোচৰত জড়িত অভিযুক্তসকলৰ এজন-এজনকৈ ক্ৰমাৎ ধৰা পৰিছে। দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা মুছেৱালা হত্যাকাণ্ডত জড়িত থকা আন এগৰাকী অভিযুক্তক এইবাৰ আটক কৰা হৈছে আফ্ৰিকান ৰাষ্ট্ৰ কেনিয়াত। ধৃত অভিযুক্ত গৰাকীক গেংষ্টাৰ তথা মুছেৱালাৰ হত্যাৰ মূল অভিযুক্ত লৰেন্স বিষ্ণৈৰ ভাতৃ আনমোল বিষ্ণৈ বুলি চিনাক্ত কৰা হৈছে।

ইতিমধ্যে ভাৰতে কেনিয়াৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে আৰু ধৃত আনমোল বিষ্ণৈক দেশলৈ ঘূৰাই অনাৰ বাবে সাজু হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে শেহতীয়াকৈ জনপ্ৰিয় গায়কগৰাকীৰ হত্যাৰ ষড়যন্ত্ৰত জড়িত আন এগৰাকী অভিযুক্তক আজাৰবাইজানত আটক কৰা হৈছিল। এই অভিযুক্ত গৰাকীক ল’ৰেঞ্চ বিষ্ণৈৰ ঘনিষ্ঠ সহযোগী শচীন থাপান বুলি চিনাক্ত কৰিছিল।

সিদ্ধু মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল শচীন। অভিযুক্ত থাপানে এখন ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি আন্তৰ্জাতিক ভ্ৰমণ কৰিছিল । এই ভুৱা পাছপ’ৰ্টত তেওঁ নিজকে তিলক ৰাজ টোটেজা বুলি নামাকৰণ কৰিছিল। মুছেৱালা হত্যাকাণ্ডৰ এগৰাকী অন্যতম ষড়যন্ত্ৰকাৰী বুলি চিনাক্ত কৰা শচীন হত্যাকাণ্ডৰ এমাহৰ পূৰ্বে ভাৰতৰ পৰা পলাই গৈছিল বুলি কিছুদিন পূৰ্বে দিল্লী আৰক্ষীয়ে জানিবলৈ দিছিল।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি যোগে সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰত দুয়োজন অভিযুক্ত শচীন থাপান আৰু আনমোল বিষ্ণৈক আজাৰবাইজান আৰু কেনিয়াত আটক কৰা হৈছে বুলি সদৰী কৰিছিল। মন্ত্ৰালয়ে পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে দেশ দুখনৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে বুলি লগতে উল্লেখ কৰিছিল।

উল্লেখ্য যে যোৱা ২৯ মে'ত পঞ্জাৱৰ মানচা জিলাৰ জৱাহাৰকে গাঁৱত এটা বন্দুকধাৰী দলে মুছেৱালাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰি গায়কগৰাকীক হত্যা কৰিছিল। পঞ্জাৱ চৰকাৰে ৰাজ্যখনৰ ভি আই পি সকলৰ নিৰাপত্তাৰক্ষী সেৱা প্ৰত্যাহাৰ কৰাৰ কেইদিনমান পিছতে এই হত্যাকাণ্ড সংঘটিত হৈছিল।

পঞ্জাৱ আৰক্ষীয়ে এই নৃশংস হত্যাকাণ্ডৰ তদন্ত কৰি আছে। আনহাতে দিল্লী আৰক্ষীয়েও এই তদন্তত পঞ্জাৱ আৰক্ষীক সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত অভিযুক্ত আঠগৰাকী শ্বুটাৰৰ প্ৰায় আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেৱল দীপক মুণ্ডি নামৰ অভিযুক্তজনকহে এইপৰ্যন্ত আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। ধৃত শ্বুটাৰসকলে কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ হৈ কাম কৰি আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল।

ইফালে যোৱা ২০ জুলাইত অমৃতসৰৰ এক কাষৰীয়া অঞ্চলত পঞ্জাৱ আৰক্ষীৰ এনকাউণ্টাৰত মুছেৱালা হত্যাকাণ্ডত জড়িত দুগৰাকী গেংষ্টাৰ নিহত হৈছিল। যোৱা ২৯ মে’ত সংঘটিত এই হত্যাকাণ্ডৰ দায়িত্ব ইতিমধ্যে দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈ গোটে স্বীকাৰ কৰিছে। কানাডাস্থিত সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰৰ নিৰ্দেশতে এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি ইতিমধ্যে গোল্ডি ব্ৰাৰে এটা ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে