--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত দুমাহতকৈ অধিক সময় ধৰি কাৰাগাৰত কটোৱাৰ পাছত মুকলি আকাশৰ তললৈ অহাৰ পথ সুগম হৈছে মানৱ অধিকাৰ কৰ্মী তথা সমাজকৰ্মী তিস্তা চেতলৱাদৰ। ২০০২ চনত গুজৰাটৰ নৃশংস গোধৰা কাণ্ডৰ সৈতে সম্পৰ্কিত এক গোচৰত আজি উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে চেতলৱাদক। বিশিষ্ট মানৱ অধিকাৰ কৰ্মীগৰাকীক বিগত ২৫ জুনত গুজৰাট ৰাজ্যিক আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাই গ্ৰেপ্তাৰ কৰিছিল। গোধৰা কাণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতো পুনৰ গোচৰৰ বাবে সাক্ষীৰ মিছা বিবৃতিৰ খচৰা প্ৰস্তুত কৰা আৰু দাঙ্গাৰ তদন্তৰ বাবে গঠন কৰা নানাৱতী আয়োগৰ সন্মুখত দাখিল কৰাৰ অভিযোগত চেতলৱাদক গ্ৰেপ্তাৰ কৰা হৈছিল।

অৱশ্যে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিলেও উচ্চতম ন্যায়ালয়ে চেতলৱাদক পৰৱৰ্তী তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ তথা গুজৰাট উচ্চ ন্যায়ালয়ে স্থায়ী জামিন বিবেচনা নকৰালৈকে তেওঁৰ পাছপোৰ্ট সমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে আহমেদাবাদৰ এক সত্ৰ আদালত আৰু উচ্চ ন্যায়ালয়ে চেতলৱাৰৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰাৰ পিছত এই আদেশক প্ৰত্যাহ্বান জনাই তেওঁ উচ্চতম ন্যায়ালয়ত আপীল দাখিল কৰিছিল।

আজি শীৰ্ষ আদালতত শুনানিৰ সময়ত তিস্তা চেতলৱাড়ক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে বিচাৰপীঠৰ সন্মুখত যুক্তি প্ৰদৰ্শন কৰি কয় যে সমাজকৰ্মী গৰাকীৰ বিৰুদ্ধে যি গোচৰ ৰুজু কৰা হৈছে, সেয়া ২৪ জুনত উচ্চতম ন্যায়ালয়ে গুজৰাটৰ সংঘৰ্ষ সন্দৰ্ভত প্ৰদান কৰা ৰায়ৰ লগতে সামৰণি পৰা বিষয়ৰ পুনৰাবৃত্তিহে কৰা হৈছে। ইয়াত কোনো নতুনত্ব নাই। তেওঁ লগতে চেতলৱাদ দুমাহৰো অধিক সময় ধৰি জিম্মাত থকাৰ পিছত অন্তৱৰ্তীকালীন জামিন অধিকাৰী বুলি বিচাৰপীঠৰ সন্মুখত আবেদন জনায়।

আনহাতে গুজৰাট চৰকাৰৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে তিস্তা চেতলৱাদে শীৰ্ষ আদালতত দাখিল কৰা আবেদনখন বৰ্তমান উচ্চ ন্যায়ালয়ৰ সন্মুখত বিবেচনাধীন হৈ আছে। সেয়েহে বিষয়টো শীৰ্ষ আদালতে উচ্চ ন্যায়ালয়ক বিবেচনা কৰিবলৈ অনুমতি দিব লাগে।

দুয়োপক্ষৰ আবেদনৰ পাছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত নেতৃত্বাধীন বিচাৰপীঠে গোচৰটোৰ সন্দৰ্ভত আৰক্ষীয়ে জেৰাৰ বাবে পৰ্যাপ্ত সময় লাভ কৰিছে বুলি মন্তব্য কৰে। বিচাৰপীঠে লগতে তিস্তা চেতলৱাদ অন্তৱৰ্তীকালীন জামিনত মুক্তি পোৱাৰ যোগ্য বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ে এই বিষয়ে বিবেচনা কৰা উচিত আছিল বুলি মন্তব্য কৰে।

অৱশ্যে উচ্চতম ন্যায়ালয়ে লগতে কেৱল অন্তৱৰ্তীকালীন জামিনৰ দৃষ্টিকোণৰ পৰাহে এই বিষয়ত বিবেচনা কৰা হৈছে বুলি স্পষ্ট কৰি স্থায়ী আবেদনৰ সিদ্ধান্ত উচ্চ ন্যায়ালয়ে স্বতন্ত্ৰভাৱে বিবেচনা কৰিব বুলিও উল্লেখ কৰে। উল্লেখ্য যে ২৬ জুনত শীৰ্ষ আদালতে চেতলৱাদ আৰু জাকিয়া জাফৰীয়ে গোধৰা কাণ্ডৰ পুনৰ তদন্ত বিচাৰি কৰা আবেদন নাকচ কৰিছিল। এই আবেদনৰ জৰিয়তে গোধৰা কাণ্ডত নিহত হোৱা জাকিয়া জাফৰীৰ স্বামী তথা প্ৰাক্তন সাংসদ এহছান জাফৰীৰ মৃত্যু সন্দৰ্ভত প্ৰকাশিত তদন্ত প্ৰতিবেদনক প্ৰত্যাহ্বান জনোৱা হৈছিল।

এই তদন্ত প্ৰতিবেদনে গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক গোধৰা কাণ্ডৰ সৈতে জড়িত থকা অভিযোগৰ পৰা মুক্ত কৰিছিল। জাফৰী আৰু চেতলৱাদৰ আবেদন নাকচ কৰাৰ পিছদিনাই চেতলৱাদক গুজৰাট ৰাজ্যিক আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাই গ্ৰেপ্তাৰ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান