--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: আজি ৰাজধানী দিল্লীত মানৱ জাতিক লজ্জিত কৰা আন এটা ঘটনা পোহৰলৈ আহিছে। য'ত এজন ১২ বছৰীয়া কিশোৰক ৪ জন লোকে দলবদ্ধ ধৰ্ষণ কৰিছে । অভিযুক্তই ইয়াতেই ৰৈ নাথাকি ল’ৰাটোক লাঠিৰে কোবাই আধামৰা কৰাৰ পাছত নিশ্চল অৱস্থাত এৰি পলায়ন কৰে। দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱালে ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত জ্ঞাত হৈ এফআইআৰ দাখিল কৰে, তাৰ পাছতে দিল্লী আৰক্ষীয়ে এই গোচৰত এতিয়ালৈকে ১জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে, আনহাতে বাকী ৩ জন এতিয়াও পলাতক অৱস্থাত আছে।

দিল্লী আৰক্ষীলৈ জাৰি কৰা জাননীত স্বাতি মালিৱালে ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তথ্যসহ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছে। মালিৱালে কয় যে দিল্লী মহিলা আয়োগে কিশোৰগৰাকীৰ মাতৃৰ পৰা এজাহাৰ লাভ কৰিছে। জানিব পৰা মতে, দিল্লীৰ সীলামপুৰত তেওঁৰ ১২ বছৰীয়া কিশোৰক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। অভিযোগত কিশোৰগৰাকীৰ মাতৃয়ে কয় ১৮ ছেপ্টেম্বৰত তেওঁৰ পুত্ৰৰ সৈতে এই ঘটনা সংঘটিত হৈছিল। তেওঁ উল্লেখ কৰে যে এই জঘন্য ঘটনাটোত ৪ জন লোক জড়িত আছিল। সকলো অভিযুক্তই কেৱল ধৰ্ষণ কৰাই নহয়, ব্যক্তিগত অংশত ৰড লগাই লাঠি-ইটাৰে প্ৰহাৰ কৰে।

ভুক্তভোগী ল’ৰাজনে ২২ ছেপ্টেম্বৰত তেওঁৰ লগত হোৱা এই অমানৱীয় ঘটনাৰ কথা পৰিয়ালৰ লোকৰ আগত উল্লেখ কৰে। ইয়াৰ পাছত ল’ৰাজনৰ পৰিয়ালে লগে লগে আৰক্ষীক খবৰ দিয়ে। বৰ্তমান ভুক্তভোগী কিশোৰজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। এই জাননীৰে দিল্লী মহিলা আয়োগে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।

দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱালে টুইট কৰি কয় যে 'দিল্লীত ছোৱালীয়েই নহয় বৰঞ্চ ল’ৰাও সুৰক্ষিত নহয়। লাঠিৰে প্ৰহাৰ কৰি ৪ জন লোকে নৃশংসভাৱে ধৰ্ষণ কৰি নিশ্চল অৱস্থাত এৰি থৈ যায় এটি ১২ বছৰীয়া কিশোৰক। আমাৰ দলটোৱে বিষয়টোত এফআইআৰ পঞ্জীয়ন কৰিছিল। ১ জন অভিযুক্তক গ্ৰেপ্তাৰ, ৩ জন এতিয়াও পলাতক।' টুইটটোৰ লগতে স্বাতি মালিৱালে ভুক্তভোগী ল’ৰাটোৰ এখন অস্পষ্ট ছবিও শ্বেয়াৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু