--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: আজি ৰাজধানী দিল্লীত মানৱ জাতিক লজ্জিত কৰা আন এটা ঘটনা পোহৰলৈ আহিছে। য'ত এজন ১২ বছৰীয়া কিশোৰক ৪ জন লোকে দলবদ্ধ ধৰ্ষণ কৰিছে । অভিযুক্তই ইয়াতেই ৰৈ নাথাকি ল’ৰাটোক লাঠিৰে কোবাই আধামৰা কৰাৰ পাছত নিশ্চল অৱস্থাত এৰি পলায়ন কৰে। দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱালে ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত জ্ঞাত হৈ এফআইআৰ দাখিল কৰে, তাৰ পাছতে দিল্লী আৰক্ষীয়ে এই গোচৰত এতিয়ালৈকে ১জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে, আনহাতে বাকী ৩ জন এতিয়াও পলাতক অৱস্থাত আছে।

দিল্লী আৰক্ষীলৈ জাৰি কৰা জাননীত স্বাতি মালিৱালে ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তথ্যসহ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছে। মালিৱালে কয় যে দিল্লী মহিলা আয়োগে কিশোৰগৰাকীৰ মাতৃৰ পৰা এজাহাৰ লাভ কৰিছে। জানিব পৰা মতে, দিল্লীৰ সীলামপুৰত তেওঁৰ ১২ বছৰীয়া কিশোৰক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। অভিযোগত কিশোৰগৰাকীৰ মাতৃয়ে কয় ১৮ ছেপ্টেম্বৰত তেওঁৰ পুত্ৰৰ সৈতে এই ঘটনা সংঘটিত হৈছিল। তেওঁ উল্লেখ কৰে যে এই জঘন্য ঘটনাটোত ৪ জন লোক জড়িত আছিল। সকলো অভিযুক্তই কেৱল ধৰ্ষণ কৰাই নহয়, ব্যক্তিগত অংশত ৰড লগাই লাঠি-ইটাৰে প্ৰহাৰ কৰে।

ভুক্তভোগী ল’ৰাজনে ২২ ছেপ্টেম্বৰত তেওঁৰ লগত হোৱা এই অমানৱীয় ঘটনাৰ কথা পৰিয়ালৰ লোকৰ আগত উল্লেখ কৰে। ইয়াৰ পাছত ল’ৰাজনৰ পৰিয়ালে লগে লগে আৰক্ষীক খবৰ দিয়ে। বৰ্তমান ভুক্তভোগী কিশোৰজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। এই জাননীৰে দিল্লী মহিলা আয়োগে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।

দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱালে টুইট কৰি কয় যে 'দিল্লীত ছোৱালীয়েই নহয় বৰঞ্চ ল’ৰাও সুৰক্ষিত নহয়। লাঠিৰে প্ৰহাৰ কৰি ৪ জন লোকে নৃশংসভাৱে ধৰ্ষণ কৰি নিশ্চল অৱস্থাত এৰি থৈ যায় এটি ১২ বছৰীয়া কিশোৰক। আমাৰ দলটোৱে বিষয়টোত এফআইআৰ পঞ্জীয়ন কৰিছিল। ১ জন অভিযুক্তক গ্ৰেপ্তাৰ, ৩ জন এতিয়াও পলাতক।' টুইটটোৰ লগতে স্বাতি মালিৱালে ভুক্তভোগী ল’ৰাটোৰ এখন অস্পষ্ট ছবিও শ্বেয়াৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক