--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে কয় নাৰীয়েই নাৰীৰ শত্ৰু। শেহতীয়াকৈ পঞ্জাৱৰ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ স্নান কৰাৰ ছবি প্ৰেমিকলৈ প্ৰেৰণ কৰিছিল এগৰাকী ছাত্ৰীয়েষ চণ্ডীগড়ৰ পিছত এইবাৰ তামিলনাডুৰ মাদুৰাইতো একে ঘটনাই ঘটিছে। এগৰাকী বিএডি পাঠ্যক্ৰমৰ  ছাত্ৰীয়ে ছাত্ৰী নিবাসৰ একাংশ ছাত্ৰীৰ  গা ধোৱা , কাপোৰ সলনি কৰাৰ ভিডিঅ' আৰু তেওঁৰ প্ৰেমিকলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ ছাত্ৰীৰ  গোপন ভিডিঅ'ক লৈ হাহাকাৰ সৃষ্টি হোৱাৰ সময়তে   মাদুৰাইত একে ঘটনা পোহৰলৈ আহিছে। সহপাঠীৰ স্নান কৰা আৰু কাপোৰ পিন্ধাৰ ভিডিঅ’ প্ৰেমিকলৈ পঠিওৱা অভিযুক্ত ছাত্ৰীগৰাকীৰ নাম কালিশ্বৰী। 

তেওঁ মাদুৰাইৰ এখন ব্যক্তিগত মহাবিদ্যালয়ত বিএড পাঠ্যক্ৰমত  অধ্যয়ন কৰি আছে । আৰক্ষীয়ে জনোৱা অনুসৰি, কালিশ্বৰীয়ে  এনে ভিডিঅ' তেওঁৰ  প্ৰেমিক আশিকলৈ প্ৰেৰণ কৰিছিল। আশিক তিনি বছৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ অলপতে কালিশ্বৰীৰ সৈতেও প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছে। আশিকৰ নিজা ক্লিনিক এখনো আছে বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি  কালিশ্বৰীক  আশিকেই হোষ্টেলৰ ছাত্ৰীসকলৰ  গোপন ভিডিঅ' বনোৱাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। 


কালিশ্বৰীয়ে গোপনে আৱাসীসকলৰ গা ধোৱা আৰু কাপোৰ সলনি কৰাৰ ফটো তুলিব আৰু সেইবোৰ  আশিকলৈ পঠিয়াব। কিন্তু একাংশ ছাত্ৰীৰ  কালিশ্বৰীৰ গতিবিধিৰ বিষয়ে সন্দেহ ওপজে। সেই সন্দেহত ছাত্ৰীসকলে  কালিশ্বৰীক জেৰা কৰে।

ছাত্ৰীসকলে কালিশ্বৰীৰ মোবাইল ফোনৰ পৰা আৱাসীসকলৰ কেইবাটাও গোপন ভিডিঅ' আৰু ছবি উদ্ধাৰ কৰে। হোষ্টেলৰ ৱাৰ্ডেনে কালিশ্বৰীৰ মোবাইল ফোনটো জব্দ কৰি আৰক্ষীক খবৰ দিছিল। হোষ্টেলৰ পৰা অভিযোগ পোৱাৰ পিছত, মাদুৰাই আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই  তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে তদন্ত কৰি  আশিক আৰু কালিশ্বৰীক গ্ৰেপ্তাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু