--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে কয় নাৰীয়েই নাৰীৰ শত্ৰু। শেহতীয়াকৈ পঞ্জাৱৰ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ স্নান কৰাৰ ছবি প্ৰেমিকলৈ প্ৰেৰণ কৰিছিল এগৰাকী ছাত্ৰীয়েষ চণ্ডীগড়ৰ পিছত এইবাৰ তামিলনাডুৰ মাদুৰাইতো একে ঘটনাই ঘটিছে। এগৰাকী বিএডি পাঠ্যক্ৰমৰ  ছাত্ৰীয়ে ছাত্ৰী নিবাসৰ একাংশ ছাত্ৰীৰ  গা ধোৱা , কাপোৰ সলনি কৰাৰ ভিডিঅ' আৰু তেওঁৰ প্ৰেমিকলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ ছাত্ৰীৰ  গোপন ভিডিঅ'ক লৈ হাহাকাৰ সৃষ্টি হোৱাৰ সময়তে   মাদুৰাইত একে ঘটনা পোহৰলৈ আহিছে। সহপাঠীৰ স্নান কৰা আৰু কাপোৰ পিন্ধাৰ ভিডিঅ’ প্ৰেমিকলৈ পঠিওৱা অভিযুক্ত ছাত্ৰীগৰাকীৰ নাম কালিশ্বৰী। 

তেওঁ মাদুৰাইৰ এখন ব্যক্তিগত মহাবিদ্যালয়ত বিএড পাঠ্যক্ৰমত  অধ্যয়ন কৰি আছে । আৰক্ষীয়ে জনোৱা অনুসৰি, কালিশ্বৰীয়ে  এনে ভিডিঅ' তেওঁৰ  প্ৰেমিক আশিকলৈ প্ৰেৰণ কৰিছিল। আশিক তিনি বছৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ অলপতে কালিশ্বৰীৰ সৈতেও প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছে। আশিকৰ নিজা ক্লিনিক এখনো আছে বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি  কালিশ্বৰীক  আশিকেই হোষ্টেলৰ ছাত্ৰীসকলৰ  গোপন ভিডিঅ' বনোৱাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। 


কালিশ্বৰীয়ে গোপনে আৱাসীসকলৰ গা ধোৱা আৰু কাপোৰ সলনি কৰাৰ ফটো তুলিব আৰু সেইবোৰ  আশিকলৈ পঠিয়াব। কিন্তু একাংশ ছাত্ৰীৰ  কালিশ্বৰীৰ গতিবিধিৰ বিষয়ে সন্দেহ ওপজে। সেই সন্দেহত ছাত্ৰীসকলে  কালিশ্বৰীক জেৰা কৰে।

ছাত্ৰীসকলে কালিশ্বৰীৰ মোবাইল ফোনৰ পৰা আৱাসীসকলৰ কেইবাটাও গোপন ভিডিঅ' আৰু ছবি উদ্ধাৰ কৰে। হোষ্টেলৰ ৱাৰ্ডেনে কালিশ্বৰীৰ মোবাইল ফোনটো জব্দ কৰি আৰক্ষীক খবৰ দিছিল। হোষ্টেলৰ পৰা অভিযোগ পোৱাৰ পিছত, মাদুৰাই আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই  তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে তদন্ত কৰি  আশিক আৰু কালিশ্বৰীক গ্ৰেপ্তাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক