--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ দিন আগুৱাই অহাৰ লগে লগে বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে সাজু কৰিছে পাশুপাত অস্ত্ৰ।এইবাৰ  বিজেপিৰ আক্ৰমণৰ  সঁজুলি হৈছে 'কংগ্ৰেছ ফাইল'। গেৰুৱা শিবিৰে বিৰোধী দলটোক আক্ৰমণ কৰিবলৈ এটা নতুন ভিডিঅ' শৃংখলা আৰম্ভ কৰিছে। ভিডিঅ'টো শৃংখলাটোত  ইউপিএৰ শাসনৰ সময়ৰ দুৰ্নীতিৰ বিষয়ত  আলোকপাত কৰিব বুলি জানিব পৰা গৈছে। 

দেওবাৰে বিজেপিয়ে ভিডিঅ' শৃংখলাটোৰ প্ৰথম খণ্ডটো মুকলি কৰে। গেৰুৱা শিবিৰে দাবী কৰিছে যে অনাগত দিনত আৰু কেইবাটাও ভিডিঅ' মুকলি কৰা হ'ব।দেওবাৰে বিজেপিৰ টুইটাৰ হেণ্ডেলত তিনি মিনিটৰ এটা ভিডিঅ' মুকলি কৰা হয়। "কংগ্ৰেছ আৰু দুৰ্নীতি সমাৰ্থক। ৭০ বছৰ ধৰি তেওঁলোকে সাধাৰণ লোকৰ পৰা বৃহৎ ধন লুটি লৈছে। কংগ্ৰেছ ৮ লাখ কোটি টকাৰ দুৰ্নীতিত জড়িত। যদি এই ধন সঠিকভাৱে ব্যৱহাৰ কৰিলেহেঁতেন তেন্তে ২৪ খন  আইএনএছ বিক্ৰান্ত বা ৩০০ খন ৰাফেল জেট ক্ৰয় কৰিব পাৰিলেহেঁতেন।’’

অৱশ্যে বিজেপিৰ ভিডিঅ'টোত কংগ্ৰেছ শাসনৰ যোৱা ১০ বছৰৰ ঘটনাৰ কথাহে উল্লেখ কৰা হৈছে। গেৰুৱা শিবিৰে ২০০৪ ৰ পৰা ২০১৪ চনলৈ সময়ছোৱাক  সামৰি লৈছে। বিজেপিৰ ভিডিঅ'টোত কয়লা কেলেংকাৰী, ২জি নেটৱৰ্ক, কমনৱেলথ গেমছ, এমএনআৰইজিএকে ধৰি কেইবাটাও বিষয়ত হোৱা দুৰ্নীতিৰ বিষয়ত আলোকপাত কৰা হৈছে। শৃংখলাটোৰ প্ৰথম খণ্ডত ছোনিয়া গান্ধী আৰু মনমোহন সিঙক 'মুখ্য চৰিত্ৰ' হিচাবে দেখা গৈছে।

হৈছে  যে এয়া কংগ্ৰেছৰ বৃহৎ দুৰ্নীতিৰ 'ট্ৰেইলাৰ'হে। গোটেই চিনেমাখন এতিয়াও বাকী আছে। এই ভিডিঅ'টোৰ কেইবাটাও খণ্ড অনাগত দিনত মুকলি হ'ব বুলি কোৱা  হৈছে। অৱশ্যে ভিডিঅ'টো সন্দৰ্ভত  কংগ্ৰেছৰ কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া এতিয়াও জানিব পৰা  হোৱা নাছিল। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে কিছু দিন ধৰি  আদানি বিষয়ত বিজেপিক সমালোচনা কৰি আহিছে। এনে সময়তে জোকৰ মুখত চূণ দিয়াৰ লক্ষ্যৰেই  গেৰুৱা শিবিৰেও কংগ্ৰেছৰ দুৰ্নীতিৰ  ফাইলবোৰ লৈ আহিছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ