--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ দিন আগুৱাই অহাৰ লগে লগে বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে সাজু কৰিছে পাশুপাত অস্ত্ৰ।এইবাৰ  বিজেপিৰ আক্ৰমণৰ  সঁজুলি হৈছে 'কংগ্ৰেছ ফাইল'। গেৰুৱা শিবিৰে বিৰোধী দলটোক আক্ৰমণ কৰিবলৈ এটা নতুন ভিডিঅ' শৃংখলা আৰম্ভ কৰিছে। ভিডিঅ'টো শৃংখলাটোত  ইউপিএৰ শাসনৰ সময়ৰ দুৰ্নীতিৰ বিষয়ত  আলোকপাত কৰিব বুলি জানিব পৰা গৈছে। 

দেওবাৰে বিজেপিয়ে ভিডিঅ' শৃংখলাটোৰ প্ৰথম খণ্ডটো মুকলি কৰে। গেৰুৱা শিবিৰে দাবী কৰিছে যে অনাগত দিনত আৰু কেইবাটাও ভিডিঅ' মুকলি কৰা হ'ব।দেওবাৰে বিজেপিৰ টুইটাৰ হেণ্ডেলত তিনি মিনিটৰ এটা ভিডিঅ' মুকলি কৰা হয়। "কংগ্ৰেছ আৰু দুৰ্নীতি সমাৰ্থক। ৭০ বছৰ ধৰি তেওঁলোকে সাধাৰণ লোকৰ পৰা বৃহৎ ধন লুটি লৈছে। কংগ্ৰেছ ৮ লাখ কোটি টকাৰ দুৰ্নীতিত জড়িত। যদি এই ধন সঠিকভাৱে ব্যৱহাৰ কৰিলেহেঁতেন তেন্তে ২৪ খন  আইএনএছ বিক্ৰান্ত বা ৩০০ খন ৰাফেল জেট ক্ৰয় কৰিব পাৰিলেহেঁতেন।’’

অৱশ্যে বিজেপিৰ ভিডিঅ'টোত কংগ্ৰেছ শাসনৰ যোৱা ১০ বছৰৰ ঘটনাৰ কথাহে উল্লেখ কৰা হৈছে। গেৰুৱা শিবিৰে ২০০৪ ৰ পৰা ২০১৪ চনলৈ সময়ছোৱাক  সামৰি লৈছে। বিজেপিৰ ভিডিঅ'টোত কয়লা কেলেংকাৰী, ২জি নেটৱৰ্ক, কমনৱেলথ গেমছ, এমএনআৰইজিএকে ধৰি কেইবাটাও বিষয়ত হোৱা দুৰ্নীতিৰ বিষয়ত আলোকপাত কৰা হৈছে। শৃংখলাটোৰ প্ৰথম খণ্ডত ছোনিয়া গান্ধী আৰু মনমোহন সিঙক 'মুখ্য চৰিত্ৰ' হিচাবে দেখা গৈছে।

হৈছে  যে এয়া কংগ্ৰেছৰ বৃহৎ দুৰ্নীতিৰ 'ট্ৰেইলাৰ'হে। গোটেই চিনেমাখন এতিয়াও বাকী আছে। এই ভিডিঅ'টোৰ কেইবাটাও খণ্ড অনাগত দিনত মুকলি হ'ব বুলি কোৱা  হৈছে। অৱশ্যে ভিডিঅ'টো সন্দৰ্ভত  কংগ্ৰেছৰ কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া এতিয়াও জানিব পৰা  হোৱা নাছিল। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে কিছু দিন ধৰি  আদানি বিষয়ত বিজেপিক সমালোচনা কৰি আহিছে। এনে সময়তে জোকৰ মুখত চূণ দিয়াৰ লক্ষ্যৰেই  গেৰুৱা শিবিৰেও কংগ্ৰেছৰ দুৰ্নীতিৰ  ফাইলবোৰ লৈ আহিছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত