--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিপদত পৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। অলপতে মোদী মন্তব্যৰ বাবে ৰাহুলে দুবছৰৰ কাৰাদণ্ড লাভ কৰাৰ লগতে তেওঁৰ সাংসদ পদো কৰ্তন হৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন কৰ্মীয়ে সংগঠনটোক "একবিংশ শতিকাৰ কৌৰৱ" আখ্যা দিয়াৰ বাবে হৰিদ্বাৰ আদালতত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে। 

আৰ এছ এছ কৰ্মী কমল ভাদাউৰিয়াৰ অধিবক্তাই  কয় যে আৰ এছ এছৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে অশালীন মন্তব্য কৰাৰ বাবে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ৪৯৯ আৰু ৫০০ ৰ অধীনত আদালতত গোচৰ ৰুজু কৰা হৈছে। কংগ্ৰেছ নেতাজনে চলিত বৰ্ষৰ ৯ জানুৱাৰীত হাৰিয়ানাত ভাৰত জোড়ো যাত্ৰাৰ সময়ত অভিযোগ কৰিছিল যে "একবিংশ শতিকাৰ কৌৰৱসকলে খাকী হাফ-পেণ্ট পিন্ধে আৰু 'শাখা' চলায়।

ন্যায়াধীশ শিৱ সিঙে  গোচৰটো পঞ্জীয়ন কৰি ১২ এপ্ৰিলত ৰাহুল গান্ধীক   শুনানিৰ বাবে হাজিৰ হ'বলৈ নিৰ্দেশ দিছে। 
 ভাদাউৰিয়াৰ অধিবক্তাই কয়, "ৰাহুল গান্ধীয়ে আৰ এছ এছক একবিংশ শতিকাৰ কৌৰৱৰ সৈতে তুলনা কৰিছিল। এয়া এক অশালীন ভাষণ আছিল।  যিয়ে তেওঁৰ মানসিকতা প্ৰকাশ কৰে। আৰ এছ এছ হৈছে এনে এক সংগঠন যিটো সংগঠনে যেতিয়াই দেশত কোনো দুৰ্যোগ আহিছে, কেৱল  সহায়ৰ বাবে আগবাঢ়ি আহিছে।"

উল্লেখ্য ৰাহুল গান্ধীক অলপতে চুৰাট আদালতে তেওঁৰ 'মোডী উপাধি' মন্তব্যৰ বাবে আন এটা মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহিছিল।  ফলত  তেওঁৰ লোকসভাৰ সাংসদ  পদ কৰ্তন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ