--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গো-সুৰক্ষা আইন নানা বিতৰ্কৰ মাজেৰে গৃহীত কৰিলে। কিন্তু চৰকাৰে গৃহীত কৰা আইন অথবা গৰু চিণ্ডিকেটৰ সৈতে জড়িত ব্যক্তিক যিমানেই এনকাউণ্টাৰ নকৰক কিয় তথাপি বন্ধ হোৱা নাই গৰু চিণ্ডিকেট। গো- সৰবৰাহকাৰী সকলে অভিনৱ পদ্ধতিৰে ৰাজ্যত অব্যাহত ৰাখিছে চোৰাং গৰুৰ ব্যৱসায়।গো-সুৰক্ষা আইনৰ প্ৰকৃত স্বৰূপ উদঙালে শিৱসাগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক দুৰ্ঘটনা।
এন আৰ এল তেল ডিপুৰ সন্মুখত গৰুভৰ্তি এখন কণ্টেইনাৰে কালি নিশা ২ বজাত সংঘটিত কৰে এক দুৰ্ঘটনা।

দহচকীয়া UP-21-CT-1540 নম্বৰৰ কণ্টেইনাৰ আৰু UP-15-AT-5035 নম্বৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত পোহৰলৈ আহিল গৰু সৰবৰাহৰ অভিনৱ ভয়ংকৰ পদ্ধতি। আৰক্ষী সূত্রে প্ৰকাশ কৰা মতে কন্টেইনাৰখনত নথি-পত্ৰবিহীন ৩৭ টা গৰু আছিল। তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি থকা কন্টেইনাৰ খনৰ চালক-হেণ্ডিমেন এতিয়াও পলাতক অৱস্থাতে আছে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা সুৰাভৰ্তি ট্ৰাক খনৰো কোনোধৰণৰ কাগজ-পত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ