--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঠেঙাল- কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। ক’ভিডকালীন পৰিস্থিতিৰ মাজত শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে সমানেই অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। অহা ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন।


প্ৰতিটো ৰাজনৈতিক দলে নিজা পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে৷ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদ্য প্ৰাক্তন অধক্ষ্যা তথা ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিৰ সদস্য হৰপ্ৰভা ঠেঙালৰ নিজা গাঁৱৰ ভেটি কঁপাই মাৰাথন নিৰ্বাচনী প্ৰচাৰ সাংসদ গৌৰৱ গগৈৰ৷ বৰ্তমানৰ পৰিষদৰ অধ্যক্ষা হৰপ্ৰভা ঠেঙালৰ নিজা গাঁৱতে কংগ্ৰেছৰ নিৰ্বাচনী সভাত গাঁওবাসীৰ কংগ্ৰেছ প্ৰাৰ্থী বিপিন বৰাৰ প্ৰতি বিপুল সঁহাৰিৰে কেইবা শতাধিক পুৰুষ-মহিলাৰ অংশগ্ৰহণে বিজেপি প্ৰাৰ্থী হৰপ্ৰভা ঠেঙালৰ ভেটিত কঁপনি তুলিছে বুলি প্ৰচাৰ চলাইছে কংগ্রেছকৰ্মীসকলে।

অগপৰ নেতা পৰাগজ্যোতি হাজৰিকায়ো সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক সমৰ্থন জনাই বক্তব্য প্ৰদান কৰে৷ শনিবাৰে নিৰ্বাচনী-প্ৰচাৰ সভাত সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন বিধায়ক ৰ’জলীনা তিৰ্কী, জিলা কংগ্ৰেছৰ সভাপতি দাদু টাই, মৰঙি ব্লক কংগ্ৰেছৰ সভাপতি ভোলা বৰুৱা, পৰিষদীয় সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী বিপিন বৰা, যুৱ-কংগ্ৰেছৰ দিগন্ত বাইলুঙৰ উপৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকি কংগ্ৰেছ প্ৰাৰ্থীজনৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়৷ সাংসদ গৌৰৱ গগৈয়ে কয় যে, বিজেপিৰ পৰা ৰাইজে তিতা-কেঁহা সকলো পাইছে৷ সেইবাবে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে লাহে লাহে বিজেপিক বিদায় দিব৷ আগন্তুক ৰাজ্যসভাৰ দুখনকৈ আসনৰ নিৰ্বাচন সম্পৰ্কতো শাসনাধীষ্ঠ বিজেপিক তীব্র সমালোচনা কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে সাংসদগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ