--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ পৰৱৰ্তী মহাকাশচাৰী হ’ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী! নাছাৰ মুৰব্বী বিল নেলছনে শেহতীয়াকৈ কৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থাটোৱে এজন ভাৰতীয় মহাকাশচাৰীক অহা বছৰৰ শেষত দুসপ্তাহৰ বৈজ্ঞানিক অভিযানৰ বাবে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিবলৈ প্ৰশিক্ষণ দিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন মহাকাশচাৰী হ’ব পাৰে নেকি বুলি সোধাত বৰ্তমান ভাৰত ভ্ৰমণ কৰি থকা নেলছনে উল্লেখ কৰে যে তেওঁ এজন ৰাজনীতিবিদ হিচাপে স্পেচ শ্বাটলত উৰা মাৰিছিল আৰু প্ৰধানমন্ত্ৰী মোদী এজন মহাকাশ প্ৰেমিক।

তেওঁ কয়, মহাকাশলৈ উৰাটো যিকোনো ৰাজনীতিবিদৰ বাবে নিশ্চয়কৈ মূল্যৱান অভিজ্ঞতা হ’ব পাৰে৷ মহাকাশৰ কোনো ৰাজনৈতিক সীমা নাই, কোনো ধৰ্মীয় বা জাতিগত সীমা নাই৷

তেওঁ লগতে কয় যে ভাৰতে আৰ্টেমিছ কাৰ্যসূচীত ইয়াৰ ভূমিকা নিৰ্ধাৰণ কৰিব লাগিব, যি হৈছে মংগল গ্ৰহত মানৱ অভিযানৰ প্ৰস্তুতিৰ বাবে চন্দ্ৰত বাস কৰাৰ এক প্ৰকল্প।

নাছাই এই প্ৰকল্পৰ অংশ হিচাপে প্ৰথমগৰাকী মহিলাক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে।

তেওঁ কয় যে ভাৰত মহাজাগতিক সাগৰত তাৰকা নাবিক হিচাপে বিশ্বত উদ্যোগ লওঁতে এক সক্ৰিয় অংশীদাৰ হ’ব পাৰে। আৰ্টেমিস প্ৰকল্পৰ বাবে ভাৰতৰ পৰা নাছাৰ প্ৰত্যাশা কি বুলি সোধাত শ্নেলছনে কয় যে চন্দ্ৰ অভিযানত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ যথেষ্ট সুযোগ থাকিব আৰু নিৰ্দিষ্ট বিষয়বোৰ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।  

ভাৰতীয় মহাকাশ সংস্থাৰ সহযোগিতা অবিহনে এনে হ’ব পাৰে নেকি বুলি সোধাত তেওঁ কয় যে ভৱিষ্যতৰ চন্দ্ৰ অভিযানসমূহ বাণিজ্যিক অংশীদাৰ আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে হ’ব।  

তেওঁ লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ চন্দ্ৰলৈ গৈ আছে আৰু তাৰ পাছত নিৰন্তৰ উপস্থিতিৰ বাবে মংগল গ্ৰহলৈ গৈ আছে।  তেওঁ লগতে কয় যে বহুতো ৰাষ্ট্ৰ সহযোগিতাৰ প্ৰতি আগ্ৰহী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী