--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিগত কিছুদিন ধৰি সংবাদ শিৰোনাম দখল কৰি আহিছে অভিনেত্ৰী ৰাখী সাৱন্তে৷ শেহতীয়াকৈ স্বামী আদিলৰ সৈতে ৰাখীৰ সম্পৰ্কৰ  অৱনতি ঘটিছে। তেওঁলোকৰ পবৈবাহিক জীৱনত বহুতো  পাক লাগিছে। কেতিয়াবা কাজিয়া, কেতিয়াবা প্ৰেম, কেতিয়াবা প্ৰতিশোধ... এক কথাত ৰাখীৰ জীৱন চিনেমাতকৈ কম নহয়। ৰাখীয়েও সেয়া জানে আৰু সেয়েহে এইবাৰ ৰাখীয়ে তেওঁৰ  জীৱন ৰূপালী পৰ্দালৈ প্ৰতিফলিত কৰাৰ কথা ভাবিছে। 

এইবাৰ নিজৰ জীৱনকলৈয়েই বায়’পিক নিৰ্মাণ কৰিব  ৰাখীয়ে৷বলীউডৰ ড্ৰামা কুইন ৰাখীয়ে  তেওঁৰ জীৱনকলৈ  এখন জীৱনীমূলক ছবি নিৰ্মাণ কৰিবলৈ মন কৰিছে। জানিব পৰা মতে তেওঁ নিজেই ছবিখন পৰিচালনা কৰিব।ছবি খনৰ নামো ঠিক কৰা হৈছে। ৰাখীয়ে এই বায়োপিকখনৰ নাম 'ৰাউডি ৰাখী' হিচাবে ৰাখিছে৷ৰাখীয়ে যোৱা বছৰ আদিল খান দুৰানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। 

ৰাখীয়ে দাবী কৰিছিল যে আদিলৰ কাৰণেই তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। কিন্তু তাইৰ স্বামীয়ে তেওঁক চিনি নাপালে। আদিল দুৰানীৰ সৈতে  বিয়াত বহিও সুখী নহ’ল ৰাখী৷ ৰাখীৰ সৈতে আদিল খানৰ বিয়া হোৱাৰ পিছতে  ধৰ্ষণৰ গোচৰত আদিল এতিয়া কাৰাগাৰত। অভিনেত্ৰীগৰাকীয়েকেমেৰাৰ সন্মুখত কান্দি কান্দি তেওঁৰ দুখৰ কথা কেৱল বৰ্ণনা কৰি গৈছে৷ 

অভিনেত্ৰী ৰাখী সাৱন্তে তেওঁৰ স্বামী আদিল খান দুৰানীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছে। ৰাখীয়ে  দাবী কৰিছে যে আদিলে তেওঁক বিয়া ককৰোৱাৰ  আগৰে পৰাই  বহু কথা  লুকুৱাই ৰাখিছিল। আনকি নিজৰ পেছাৰ কথাও  গোপনে ৰাখিছিল। ৰাখী সাৱন্তে আদিল খানৰ বিৰুদ্ধে  আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰো  অভিযোগ উত্থাপন কৰিছিল। 

কিন্তু এইবাৰ ৰাখী সাৱন্তে এই সকলোবোৰ কথা পাহৰি  নতুন ৰূপত  অনুৰাগীসকলৰ সন্মুখলৈ আহিছে৷ হিজাবো তেওঁ এতিয়া এৰি পেলাইছে৷তেওঁ শেহতীয়াকৈ ডুবাইত এটা অভিনয় প্ৰশিক্ষণ কেন্দ্ৰ খুলিবলৈ পৰিকল্পনা কৰিছে। যিসকলে বলীউডত কাম কৰিব বিচাৰে তেওঁলোকক ৰাখী সাৱন্তৰ প্ৰশিক্ষণ কেন্দ্ৰত   প্ৰশিক্ষণ দিয়া হ'ব।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু