--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিগত কিছুদিন ধৰি সংবাদ শিৰোনাম দখল কৰি আহিছে অভিনেত্ৰী ৰাখী সাৱন্তে৷ শেহতীয়াকৈ স্বামী আদিলৰ সৈতে ৰাখীৰ সম্পৰ্কৰ  অৱনতি ঘটিছে। তেওঁলোকৰ পবৈবাহিক জীৱনত বহুতো  পাক লাগিছে। কেতিয়াবা কাজিয়া, কেতিয়াবা প্ৰেম, কেতিয়াবা প্ৰতিশোধ... এক কথাত ৰাখীৰ জীৱন চিনেমাতকৈ কম নহয়। ৰাখীয়েও সেয়া জানে আৰু সেয়েহে এইবাৰ ৰাখীয়ে তেওঁৰ  জীৱন ৰূপালী পৰ্দালৈ প্ৰতিফলিত কৰাৰ কথা ভাবিছে। 

এইবাৰ নিজৰ জীৱনকলৈয়েই বায়’পিক নিৰ্মাণ কৰিব  ৰাখীয়ে৷বলীউডৰ ড্ৰামা কুইন ৰাখীয়ে  তেওঁৰ জীৱনকলৈ  এখন জীৱনীমূলক ছবি নিৰ্মাণ কৰিবলৈ মন কৰিছে। জানিব পৰা মতে তেওঁ নিজেই ছবিখন পৰিচালনা কৰিব।ছবি খনৰ নামো ঠিক কৰা হৈছে। ৰাখীয়ে এই বায়োপিকখনৰ নাম 'ৰাউডি ৰাখী' হিচাবে ৰাখিছে৷ৰাখীয়ে যোৱা বছৰ আদিল খান দুৰানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। 

ৰাখীয়ে দাবী কৰিছিল যে আদিলৰ কাৰণেই তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। কিন্তু তাইৰ স্বামীয়ে তেওঁক চিনি নাপালে। আদিল দুৰানীৰ সৈতে  বিয়াত বহিও সুখী নহ’ল ৰাখী৷ ৰাখীৰ সৈতে আদিল খানৰ বিয়া হোৱাৰ পিছতে  ধৰ্ষণৰ গোচৰত আদিল এতিয়া কাৰাগাৰত। অভিনেত্ৰীগৰাকীয়েকেমেৰাৰ সন্মুখত কান্দি কান্দি তেওঁৰ দুখৰ কথা কেৱল বৰ্ণনা কৰি গৈছে৷ 

অভিনেত্ৰী ৰাখী সাৱন্তে তেওঁৰ স্বামী আদিল খান দুৰানীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছে। ৰাখীয়ে  দাবী কৰিছে যে আদিলে তেওঁক বিয়া ককৰোৱাৰ  আগৰে পৰাই  বহু কথা  লুকুৱাই ৰাখিছিল। আনকি নিজৰ পেছাৰ কথাও  গোপনে ৰাখিছিল। ৰাখী সাৱন্তে আদিল খানৰ বিৰুদ্ধে  আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰো  অভিযোগ উত্থাপন কৰিছিল। 

কিন্তু এইবাৰ ৰাখী সাৱন্তে এই সকলোবোৰ কথা পাহৰি  নতুন ৰূপত  অনুৰাগীসকলৰ সন্মুখলৈ আহিছে৷ হিজাবো তেওঁ এতিয়া এৰি পেলাইছে৷তেওঁ শেহতীয়াকৈ ডুবাইত এটা অভিনয় প্ৰশিক্ষণ কেন্দ্ৰ খুলিবলৈ পৰিকল্পনা কৰিছে। যিসকলে বলীউডত কাম কৰিব বিচাৰে তেওঁলোকক ৰাখী সাৱন্তৰ প্ৰশিক্ষণ কেন্দ্ৰত   প্ৰশিক্ষণ দিয়া হ'ব।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক