--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেতা হৃত্বিক ৰোশনৰ ছাবা আজাদৰ সৈতে থকা সম্পৰ্কই বৰ্তমান অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আছে। হৃত্বিক আৰু ছাবা বলীউডৰ অন্যতম জনপ্ৰিয় কাপল। দুয়োৰে সম্পৰ্ক ৰাজহুৱা কৰাৰ পাছৰে পৰা প্ৰায়ে তেওঁলোকক ইভেণ্ট আৰু ৰেষ্টুৰেণ্টত একেলগে দেখা যায়। ইজনে সিজনৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিবলৈ হৃত্বিক আৰু ছাবাই কেতিয়াও কুণ্ঠাবোধ নকৰে। শেহতীয়াকৈ বিমানবন্দৰত দুয়োজনে চুমা খোৱাৰ ছবি ভাইৰেল হৈ পৰিছে। এতিয়া দুয়োৰে বিবাহৰ আলোচনা আৰম্ভ হৈছে। এই বিষয়টোৰ ওপৰত হৃত্বিকৰ পিতৃ ৰাকেশ ৰোশনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ছ’চিয়েল মিডিয়াত চৰ্চা চলি আছে যে এই বছৰৰ শেষত অৰ্থাৎ নৱেম্বৰ মাহত হৃত্বিক আৰু ছাবা বিবাহপাশত আবদ্ধ হ’ব পাৰে। এই খবৰ ওলোৱাৰ পাছতেই হৃত্বিকৰ পিতৃ ৰাকেশ ৰোশনক সোধা হ’ল যে সঁচাকৈয়ে হৃত্বিক ৰোশন ছাবা আজাদৰ বিয়া হ’ব নেকি? এই কথাত অভিনেতাজনৰ পিতৃয়ে উত্তৰ দিলে যে ‘মই দেখোন একো গমেই নাপাওঁ, এতিয়ালৈকে মই এই বিষয়ে একো শুনা নাই।’

দুয়োৰে ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, তেওঁলোকক আৰু তেওঁলোকৰ সম্পৰ্কক কোনেও কিয় স্পেচ নিদিয়ে? বন্ধুত্ব আৰম্ভ হবলৈ নাপাওতেই বিয়াৰ কথা চৰ্চা হয়। এতিয়াও তেওঁলোকে ইজনে সিজনক বুজি আছে। তেওঁলোকক স্পেচ দিয়ক আৰু তেওঁলোকক কথাবোৰ বুজিবলৈ দিয়ক। এই প্ৰেমিক যুগলে ইজনে সিজনক বুজিবলৈ চেষ্টা কৰি আছে আৰু হৃত্বিক ৰোশনৰ দুই পুত্ৰৰ বহু দায়িত্ব আছে যিবোৰক কেতিয়াও অৱহেলা কৰিব নোৱাৰি। 

উল্লেখ্য যে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছাবা আৰু হৃত্বিক চিনাকি হৈছিল। দুয়োজনেই ইজনে সিজনৰ বন্ধু হৈ পৰিল। তেওঁলোকৰ বন্ধুত্ব অতি সোনকালেই প্ৰেমলৈ পৰিণত হ’ল। এতিয়া দুয়োজনে ইজনে সিজনৰ লগত কোৱালিটী টাইম কটোৱা দেখা যায়।

অভিনেতাগৰাকীৰ আগন্তুক ছবিৰ কথা ক’বলৈ গ’লে তেওঁক পৰৱৰ্তী সময়ত ‘ফাইটাৰ’ত অভিনেত্ৰী দীপিকা পাডুকন আৰু অনিল কাপুৰৰ সৈতে দেখা যাব। ইয়াৰ বাবে তেওঁ বহুদিনৰ পৰা প্ৰস্তুতি চলাই আহিছে। হৃত্বিকে নিজৰ শৰীৰ চৰ্চা আৰু ছবিখনৰ শ্বুটিংত ব্যস্ত হৈ আছে। তেওঁ ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে নিজৰ ৱৰ্কআউটৰ ছবি শ্বেয়াৰ কৰি থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু