--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেতা হৃত্বিক ৰোশনৰ ছাবা আজাদৰ সৈতে থকা সম্পৰ্কই বৰ্তমান অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আছে। হৃত্বিক আৰু ছাবা বলীউডৰ অন্যতম জনপ্ৰিয় কাপল। দুয়োৰে সম্পৰ্ক ৰাজহুৱা কৰাৰ পাছৰে পৰা প্ৰায়ে তেওঁলোকক ইভেণ্ট আৰু ৰেষ্টুৰেণ্টত একেলগে দেখা যায়। ইজনে সিজনৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিবলৈ হৃত্বিক আৰু ছাবাই কেতিয়াও কুণ্ঠাবোধ নকৰে। শেহতীয়াকৈ বিমানবন্দৰত দুয়োজনে চুমা খোৱাৰ ছবি ভাইৰেল হৈ পৰিছে। এতিয়া দুয়োৰে বিবাহৰ আলোচনা আৰম্ভ হৈছে। এই বিষয়টোৰ ওপৰত হৃত্বিকৰ পিতৃ ৰাকেশ ৰোশনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ছ’চিয়েল মিডিয়াত চৰ্চা চলি আছে যে এই বছৰৰ শেষত অৰ্থাৎ নৱেম্বৰ মাহত হৃত্বিক আৰু ছাবা বিবাহপাশত আবদ্ধ হ’ব পাৰে। এই খবৰ ওলোৱাৰ পাছতেই হৃত্বিকৰ পিতৃ ৰাকেশ ৰোশনক সোধা হ’ল যে সঁচাকৈয়ে হৃত্বিক ৰোশন ছাবা আজাদৰ বিয়া হ’ব নেকি? এই কথাত অভিনেতাজনৰ পিতৃয়ে উত্তৰ দিলে যে ‘মই দেখোন একো গমেই নাপাওঁ, এতিয়ালৈকে মই এই বিষয়ে একো শুনা নাই।’

দুয়োৰে ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, তেওঁলোকক আৰু তেওঁলোকৰ সম্পৰ্কক কোনেও কিয় স্পেচ নিদিয়ে? বন্ধুত্ব আৰম্ভ হবলৈ নাপাওতেই বিয়াৰ কথা চৰ্চা হয়। এতিয়াও তেওঁলোকে ইজনে সিজনক বুজি আছে। তেওঁলোকক স্পেচ দিয়ক আৰু তেওঁলোকক কথাবোৰ বুজিবলৈ দিয়ক। এই প্ৰেমিক যুগলে ইজনে সিজনক বুজিবলৈ চেষ্টা কৰি আছে আৰু হৃত্বিক ৰোশনৰ দুই পুত্ৰৰ বহু দায়িত্ব আছে যিবোৰক কেতিয়াও অৱহেলা কৰিব নোৱাৰি। 

উল্লেখ্য যে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছাবা আৰু হৃত্বিক চিনাকি হৈছিল। দুয়োজনেই ইজনে সিজনৰ বন্ধু হৈ পৰিল। তেওঁলোকৰ বন্ধুত্ব অতি সোনকালেই প্ৰেমলৈ পৰিণত হ’ল। এতিয়া দুয়োজনে ইজনে সিজনৰ লগত কোৱালিটী টাইম কটোৱা দেখা যায়।

অভিনেতাগৰাকীৰ আগন্তুক ছবিৰ কথা ক’বলৈ গ’লে তেওঁক পৰৱৰ্তী সময়ত ‘ফাইটাৰ’ত অভিনেত্ৰী দীপিকা পাডুকন আৰু অনিল কাপুৰৰ সৈতে দেখা যাব। ইয়াৰ বাবে তেওঁ বহুদিনৰ পৰা প্ৰস্তুতি চলাই আহিছে। হৃত্বিকে নিজৰ শৰীৰ চৰ্চা আৰু ছবিখনৰ শ্বুটিংত ব্যস্ত হৈ আছে। তেওঁ ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে নিজৰ ৱৰ্কআউটৰ ছবি শ্বেয়াৰ কৰি থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক