--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুৰাটৰ আদালতে মোদী উপাধিকলৈ কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহিছিল। এই ঘটনাৰ পিছতে খাৰিজ কৰা হৈছিল ৰাহুলৰ সাংসদ পদো। এনে ঘটনাকলৈ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে এগৰাকী কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে গুজৰাটৰ এখন আদালতে শাস্তি ঘোষণা কৰিছে।  

কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ চেম্বাৰত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো ফালি পেলোৱাৰ অভিযোগত  কংগ্ৰেছৰ বিধায়ক অনন্ত পেটেলক ৯৯ টকাৰ  জৰিমনা বিহিছে গুজৰাটৰ নৱছাৰীৰ আদালতে। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ ভি এ ধধালৰ আদালতে ভান্সডা (অনুসূচিত জাতি) আসনৰ বিধায়ক পেটেলক ভাৰতীয় দণ্ডবিধিৰ ৪৪৭ ধাৰাত অপৰাধমূলক গোচৰত  দোষী সাব্যস্ত কৰে।

তেওঁৰ বিৰুদ্ধে  আইপিচিৰ ধাৰা ১৪৩ (অবৈধ সমাবেশ), ৩৫৩ (আক্ৰমণ), ৪২৭ (ক্ষতিৰ কাৰণ হোৱা দুষ্টামি)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।  ২০১৭ চনৰ মে’ মাহত জালালপুৰ আৰক্ষীয়ে বিধায়ক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ  ৪৪ আৰু ৫০৪ (ইচ্ছাকৃতভাৱে অপমান) আৰোপ কৰা হৈছিল।

পেটেলে ছাত্ৰৰ প্ৰতিবাদৰ সময়ত নৱছাৰী কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ত প্ৰৱেশ কৰি মোদীৰ ছবি ফালি পেলাইছিল। আদালতে এই ঘটনাত তিনিজন অভিযুক্তক অপৰাধমূলক গোচৰৰ ভিত্তিত দোষী সাব্যস্ত কৰি ৯৯ টকাকৈ জৰিমনা জমা দিবলৈ নিৰ্দেশ দিছে। সেই ধন জমা দিয়াত  ব্যৰ্থ হ'লে তেওঁলোকে সাত দিনৰ বাবে  কাৰাদণ্ডৰ সন্মুখীন হ'ব লাগিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু