--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুৰাটৰ আদালতে মোদী উপাধিকলৈ কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহিছিল। এই ঘটনাৰ পিছতে খাৰিজ কৰা হৈছিল ৰাহুলৰ সাংসদ পদো। এনে ঘটনাকলৈ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে এগৰাকী কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে গুজৰাটৰ এখন আদালতে শাস্তি ঘোষণা কৰিছে।  

কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ চেম্বাৰত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো ফালি পেলোৱাৰ অভিযোগত  কংগ্ৰেছৰ বিধায়ক অনন্ত পেটেলক ৯৯ টকাৰ  জৰিমনা বিহিছে গুজৰাটৰ নৱছাৰীৰ আদালতে। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ ভি এ ধধালৰ আদালতে ভান্সডা (অনুসূচিত জাতি) আসনৰ বিধায়ক পেটেলক ভাৰতীয় দণ্ডবিধিৰ ৪৪৭ ধাৰাত অপৰাধমূলক গোচৰত  দোষী সাব্যস্ত কৰে।

তেওঁৰ বিৰুদ্ধে  আইপিচিৰ ধাৰা ১৪৩ (অবৈধ সমাবেশ), ৩৫৩ (আক্ৰমণ), ৪২৭ (ক্ষতিৰ কাৰণ হোৱা দুষ্টামি)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।  ২০১৭ চনৰ মে’ মাহত জালালপুৰ আৰক্ষীয়ে বিধায়ক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ  ৪৪ আৰু ৫০৪ (ইচ্ছাকৃতভাৱে অপমান) আৰোপ কৰা হৈছিল।

পেটেলে ছাত্ৰৰ প্ৰতিবাদৰ সময়ত নৱছাৰী কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ত প্ৰৱেশ কৰি মোদীৰ ছবি ফালি পেলাইছিল। আদালতে এই ঘটনাত তিনিজন অভিযুক্তক অপৰাধমূলক গোচৰৰ ভিত্তিত দোষী সাব্যস্ত কৰি ৯৯ টকাকৈ জৰিমনা জমা দিবলৈ নিৰ্দেশ দিছে। সেই ধন জমা দিয়াত  ব্যৰ্থ হ'লে তেওঁলোকে সাত দিনৰ বাবে  কাৰাদণ্ডৰ সন্মুখীন হ'ব লাগিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ