--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাদ্ধাৰ ডেটিঙৰ বাতৰিয়ে যোৱা কেইদিনমানৰ পৰা শিৰোনাম দখল কৰি আছে। দুয়োকে একেৰাহে দুদিন মুম্বাইত দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ ডেটত যোৱা দেখা গৈছিল। ইয়াৰ পাছতে তেওঁলোকৰ ডেটিঙৰ খবৰটোৱে শিৰোনাম দখল কৰিছিল। এই সম্পৰ্কক লৈ কোনো নিশ্চিত তথ্য প্ৰকাশ পোৱা নাছিল যদিও শেহতীয়াকৈ আপ সাংসদ সঞ্জীৱ অৰোৰাই এক টুইট কৰি এই সম্পৰ্কক ছীল-মোহৰ মাৰি দিছে। 

আম আদমী পাৰ্টিৰ সাংসদ সঞ্জীৱ অৰোৰাই পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাৰ ছবি শ্বেয়াৰ কৰি টুইটযোগে লিখিছে, ‘পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাক আন্তৰিকতাৰে অভিনন্দন জনাইছো। তেওঁলোকৰ মিলন, প্ৰচুৰ প্ৰেম, সুখ আৰু সংগ আশীৰ্বাদপ্ৰাপ্ত হওক। মোৰ শুভেচ্ছা থাকিল।"

শেহতীয়াকৈ বলীউড অভিনেত্ৰী পৰিণীতি চোপ্ৰাক মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত আম আদমী পাৰ্টিৰ নেতা তথা পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাৰ সৈতে দেখা গৈছিল। আমোদজনক কথাটো হ’ল যে দুয়ো বগা ৰঙৰ টুইনিং কৰিছিল। তাৰপাছৰে পৰা দুয়োৰে ডেটিঙৰ উৰাবাতৰি চলি আহিছে। অৱশ্যে যেতিয়া এই ভিডিঅ’ ভাইৰেল হয়, তেতিয়া আপৰ সাংসদ ৰাঘৱ চাদ্ধাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, "মোক পৰিণীতিৰ কথা নহয়, ৰাজনীতিৰ কথা সুধিব।"

চলিত বৰ্ষৰ জানুৱাৰী মাহত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ ৰাঘৱ চাদ্ধাক ‘ইণ্ডিয়া ইউ কে আউটষ্টেণ্ডিং এচিভাৰ অনাৰ্ছ’ বঁটাও প্ৰদান কৰা হৈছিল। দেশত প্ৰথমবাৰৰ বাবে কোনোবাই এই সন্মান লাভ কৰিছে। ব্ৰিটিছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক মনত ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। পৰিণীতি চোপ্ৰাই ব্ৰিটেইনৰ মানচেষ্টাৰ স্কুলত পঢ়িছিল আৰু ৰাঘৱ চাদ্ধাই লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা অধ্যয়ন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ