--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাদ্ধাৰ ডেটিঙৰ বাতৰিয়ে যোৱা কেইদিনমানৰ পৰা শিৰোনাম দখল কৰি আছে। দুয়োকে একেৰাহে দুদিন মুম্বাইত দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ ডেটত যোৱা দেখা গৈছিল। ইয়াৰ পাছতে তেওঁলোকৰ ডেটিঙৰ খবৰটোৱে শিৰোনাম দখল কৰিছিল। এই সম্পৰ্কক লৈ কোনো নিশ্চিত তথ্য প্ৰকাশ পোৱা নাছিল যদিও শেহতীয়াকৈ আপ সাংসদ সঞ্জীৱ অৰোৰাই এক টুইট কৰি এই সম্পৰ্কক ছীল-মোহৰ মাৰি দিছে। 

আম আদমী পাৰ্টিৰ সাংসদ সঞ্জীৱ অৰোৰাই পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাৰ ছবি শ্বেয়াৰ কৰি টুইটযোগে লিখিছে, ‘পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাক আন্তৰিকতাৰে অভিনন্দন জনাইছো। তেওঁলোকৰ মিলন, প্ৰচুৰ প্ৰেম, সুখ আৰু সংগ আশীৰ্বাদপ্ৰাপ্ত হওক। মোৰ শুভেচ্ছা থাকিল।"

শেহতীয়াকৈ বলীউড অভিনেত্ৰী পৰিণীতি চোপ্ৰাক মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত আম আদমী পাৰ্টিৰ নেতা তথা পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাৰ সৈতে দেখা গৈছিল। আমোদজনক কথাটো হ’ল যে দুয়ো বগা ৰঙৰ টুইনিং কৰিছিল। তাৰপাছৰে পৰা দুয়োৰে ডেটিঙৰ উৰাবাতৰি চলি আহিছে। অৱশ্যে যেতিয়া এই ভিডিঅ’ ভাইৰেল হয়, তেতিয়া আপৰ সাংসদ ৰাঘৱ চাদ্ধাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, "মোক পৰিণীতিৰ কথা নহয়, ৰাজনীতিৰ কথা সুধিব।"

চলিত বৰ্ষৰ জানুৱাৰী মাহত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ ৰাঘৱ চাদ্ধাক ‘ইণ্ডিয়া ইউ কে আউটষ্টেণ্ডিং এচিভাৰ অনাৰ্ছ’ বঁটাও প্ৰদান কৰা হৈছিল। দেশত প্ৰথমবাৰৰ বাবে কোনোবাই এই সন্মান লাভ কৰিছে। ব্ৰিটিছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক মনত ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। পৰিণীতি চোপ্ৰাই ব্ৰিটেইনৰ মানচেষ্টাৰ স্কুলত পঢ়িছিল আৰু ৰাঘৱ চাদ্ধাই লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা অধ্যয়ন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু