--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এসময়ত ক্ৰিকেট জগতত ক্ৰিকেটৰ ভগৱান খ্যাত ভাৰতৰ শচীন টেণ্ডুলকাৰৰ সমসাময়িকভাৱে ৱেষ্ট ইণ্ডিজৰ ব্ৰায়ান লাৰাও নিজৰ চমকপ্ৰদ বেটিংশৈলীৰে বিশ্ব ক্ৰিকেটত এক কিংবদন্তী হিচাপে পৰিগণিত হৈছিল। বিশ্ব ক্ৰিকেটত এসময়ত আধিপত্য বিস্তাৰ কৰা ৱেষ্ট ইণ্ডিজৰ হৃত গৌৰৱ উদ্ধাৰত লাৰাৰ অবদান সদায়ে স্বীকৃত হৈ আহিছে। খেলুৱৈ জীৱনত এগৰাকী কিংবদন্তী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা লাৰাই এইবাৰ প্ৰশিক্ষক হিচাপে নিজৰ নতুন কেৰিয়াৰ আৰম্ভ কৰিবলৈ সাজু হৈছে। বিশ্বৰ সৰ্বাধিক ধৰ্নাঢ্য ক্ৰিকেট লীগ হিচাপে খ্যাত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত প্ৰশিক্ষক হিচাপে কেৰিয়াৰ আৰম্ভ কৰা দিশে আগবাঢ়িছে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী।

দেওবাৰে আই পি এল ফ্ৰেঞ্চাইজি ছানৰাইজাৰ্ছ হায়দৰাবাদে দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে লাৰাক নিযুক্তি দিয়ে। ছানৰাইজাৰ্ছ হায়দৰাবাদে এক বিবৃতিত চলিত বৰ্ষৰ আৰম্ভণিৰ ফালে অনুষ্ঠিত হোৱা আই পি এলৰ ১৫ তম সংস্কৰণত দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে থকা টম মুডীৰ স্থানত লাৰাক নতুন মুখ্য প্ৰশিক্ষক পদত হিচাপে নিযুক্তি দিয়াৰ কথা সদৰী কৰে।

অৱশ্যে মুখ্য প্ৰশিক্ষক হিচাপে পূৰ্বে দায়িত্ব নল’লেও লাৰাই বিগত ছিজনত সহকাৰী প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে পৰামৰ্শদাতা আৰু বেটিং প্ৰশিক্ষক হিচাপে মুডীক সহযোগিতা আগবঢ়াইছিল লাৰাই। আগন্তুক ছিজনত কিংবদন্তী তাৰকাগৰাকীয়ে প্ৰথমবাৰৰ বাবে মুখ্য প্ৰশিক্ষকৰ দায়িত্ব বহন কৰিব।

স্মৰ্তব্য যে ২০১৩ চনৰ পৰা ২০১৯ চনৰ ভিতৰত প্ৰশিক্ষক হিচাপে টম মুডীৰ কাৰ্যকালতে ছানৰাইজাৰ্ছে পাঁচবাৰ প্লে অফত উপনীত হোৱাৰ বিপৰীতে ২০১৬ চনত চেম্পিয়ন হৈছিল। বিগত ছিজনতো মুডী দলটোৰ প্ৰশিক্ষক হিচাপে আছিল যদিও ছানৰাইজাৰ্ছে ছয়খন মেচত জয় আৰু আঠখনত পৰাজয়েৰে অষ্টম স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু