--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এসময়ত ক্ৰিকেট জগতত ক্ৰিকেটৰ ভগৱান খ্যাত ভাৰতৰ শচীন টেণ্ডুলকাৰৰ সমসাময়িকভাৱে ৱেষ্ট ইণ্ডিজৰ ব্ৰায়ান লাৰাও নিজৰ চমকপ্ৰদ বেটিংশৈলীৰে বিশ্ব ক্ৰিকেটত এক কিংবদন্তী হিচাপে পৰিগণিত হৈছিল। বিশ্ব ক্ৰিকেটত এসময়ত আধিপত্য বিস্তাৰ কৰা ৱেষ্ট ইণ্ডিজৰ হৃত গৌৰৱ উদ্ধাৰত লাৰাৰ অবদান সদায়ে স্বীকৃত হৈ আহিছে। খেলুৱৈ জীৱনত এগৰাকী কিংবদন্তী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা লাৰাই এইবাৰ প্ৰশিক্ষক হিচাপে নিজৰ নতুন কেৰিয়াৰ আৰম্ভ কৰিবলৈ সাজু হৈছে। বিশ্বৰ সৰ্বাধিক ধৰ্নাঢ্য ক্ৰিকেট লীগ হিচাপে খ্যাত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত প্ৰশিক্ষক হিচাপে কেৰিয়াৰ আৰম্ভ কৰা দিশে আগবাঢ়িছে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী।

দেওবাৰে আই পি এল ফ্ৰেঞ্চাইজি ছানৰাইজাৰ্ছ হায়দৰাবাদে দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে লাৰাক নিযুক্তি দিয়ে। ছানৰাইজাৰ্ছ হায়দৰাবাদে এক বিবৃতিত চলিত বৰ্ষৰ আৰম্ভণিৰ ফালে অনুষ্ঠিত হোৱা আই পি এলৰ ১৫ তম সংস্কৰণত দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে থকা টম মুডীৰ স্থানত লাৰাক নতুন মুখ্য প্ৰশিক্ষক পদত হিচাপে নিযুক্তি দিয়াৰ কথা সদৰী কৰে।

অৱশ্যে মুখ্য প্ৰশিক্ষক হিচাপে পূৰ্বে দায়িত্ব নল’লেও লাৰাই বিগত ছিজনত সহকাৰী প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে পৰামৰ্শদাতা আৰু বেটিং প্ৰশিক্ষক হিচাপে মুডীক সহযোগিতা আগবঢ়াইছিল লাৰাই। আগন্তুক ছিজনত কিংবদন্তী তাৰকাগৰাকীয়ে প্ৰথমবাৰৰ বাবে মুখ্য প্ৰশিক্ষকৰ দায়িত্ব বহন কৰিব।

স্মৰ্তব্য যে ২০১৩ চনৰ পৰা ২০১৯ চনৰ ভিতৰত প্ৰশিক্ষক হিচাপে টম মুডীৰ কাৰ্যকালতে ছানৰাইজাৰ্ছে পাঁচবাৰ প্লে অফত উপনীত হোৱাৰ বিপৰীতে ২০১৬ চনত চেম্পিয়ন হৈছিল। বিগত ছিজনতো মুডী দলটোৰ প্ৰশিক্ষক হিচাপে আছিল যদিও ছানৰাইজাৰ্ছে ছয়খন মেচত জয় আৰু আঠখনত পৰাজয়েৰে অষ্টম স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান